32 C
Guwahati
Sunday, May 19, 2024

Junmoni Rabha Died Update: ক’ত গ’ল প্ৰণৱ দাস? জোনমণি ৰাভাৰ ঘটনাৰ এজনে ওলাইছিল প্ৰত্যক্ষদৰ্শী; তাকো কালি ৰাতিৰে পৰা অন্তৰ্ধান হ’ল, মিডিয়াত সকলো কথা বিৱৰি কোৱাৰ পিছৰে পৰা শুং-সূত্ৰ নাই প্ৰণৱৰ…

Junmoni Rabha Died Update: বৰ্তমান ৰাজ্যত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই চৰ্চিত হৈ আছে

Must Read

Junmoni Rabha Died Update: বৰ্তমান ৰাজ্যত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ (SI Junmoni Rabha Died Case) ঘটনাই চৰ্চিত হৈ আছে। যিমানে সময় গৈ আছে, যিমানে দিন গৈ আছে সিমানেই এই ঘটনাৰ নতুন নতুন ৰহস্য ফাদিল হৈয়ে আছে।

প্ৰতিদিনে ঘটনাই লৈছে নতুন নতুন মোৰ (Junmoni Rabha Died Update)। ১৫ মে’ত সংঘটিত হোৱা এই ঘটনাই এতিয়া অতিক্ৰম কৰিলে ৪ দিন। কিন্তু বৰ্তমানলৈ ওলাব পৰা নাই আচলতে সেই নিশা জোনমণিৰ সৈতে হৈছিল কি? পথ দুৰ্ঘটনাত জোনমণিৰ মৃত্যু ঘটা বুলি আৰক্ষীয়ে উল্লেখ কৰিলেও পৰিয়ালৰ লোকে দাবী কৰিছিল এয়া পৰিকল্পিত হত্যাকাণ্ড বুলিহে।

আৰু তাৰ পিছতে সমগ্ৰ ঘটনা ৰহস্যঘন হৈ পৰিছে। এনে সময়তে এজন যুৱকৰ মন্তব্য়ই এই ঘটনা আৰু অধিক ৰহস্যৰ মাজত সোমাই লৈ গৈছে। প্ৰণৱ ৰাভা নামৰ এজন যুৱক যি সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰিছে (Junmoni Rabha Death Eyewitness)

যুৱকজনে সংবাদ মাধ্যমৰ সন্মুখত দিয়া ভাষ্যই জোনমণিৰ মৃত্যুত হত্যাৰ ষড়যন্ত্ৰ থকাৰ অধিক সন্দেহৰ সৃষ্টি কৰিছে (Junmoni Rabha Died Update)। তেওঁৰ চকুৰ সন্মুখত এই সমগ্ৰ ঘটনাটো ঘটা বুলি দাবী কৰিলে।

কিন্তু এই ঘটনাৰ এজনে প্ৰত্যক্ষদৰ্শী আছিল (Junmoni Rabha Death Eyewitness), যি এতিয়া অন্তৰ্ধান। মিডিয়াত ভাষ্য প্ৰদান কৰাৰ পিছৰে পৰা শুং-সূত্ৰ নাই প্ৰণৱৰ। কিন্তু ক’ত গ’ল প্ৰণৱ? সংবাদ মাধ্যমৰ সন্মুখত ভাষ্য প্ৰদান কৰাৰ বাবে নাইকিয়া কৰোৱা হ’ল নেকি প্ৰণৱক?

পিছে প্ৰণৱে কি দেখিছিল সেই দিনা ৰাতি-

“যুৱকগৰাকীৰ দাবী অনুসৰি দুৰ্ঘটনাস্থলীত বহুসময় ধৰি ৰখাই থোৱা আছিল জোনমণি ৰাভাৰ (Junmoni Rabha) বাহনখন। বাহনখন ৰখাই থোৱা সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে জোনমণিৰ বাহনখনত খুন্দা মাৰিছিল।

নিশা প্ৰায় ১:৩০ বজাত যুৱকজন গুৱাহাটীৰ পৰা আহি আছিল আৰু টোপনি অহাৰ বাবে জখলাবন্ধাত কিছু সময় জিৰণি লোৱাৰ সিদ্ধান্ত লৈছিল বুল কৈছিল।

নিজ বাহনৰ পৰা ওলাই পথৰ কাষৰ এখন দোকানলৈ যোৱাৰ সময়তে তেওঁ ৰখাই থোৱা আন এখন বাহন দেখা পাইছিল বুলি যুৱকগৰাকীয়ে লগতে উল্লেখ কৰে। তেনে সময়তে এখন ট্ৰাকে ইচ্ছাকৃতভাৱে ৰখাই থোৱা বাহনখনত সন্মুখৰ পৰা খুন্দা মাৰে বুলি তেওঁ লগতে দাবী কৰে।

ইফালে ট্ৰাকখনে খুন্দা মৰাৰ পূৰ্বে জোনমণি ৰাভাৰ বাহনৰ পৰা ক’লা পেণ্ট আৰু জোতা পৰিহিত এগৰাকী যুৱক নামি যোৱা বুলিও চাঞ্চল্যকৰ দাবী কৰিছে যুৱকগৰাকীয়ে।

লগতে পঢ়কঃ Junmoni Rabha Died Case: কোন সঁচা, কোন মিছা? “SP, OC, DSP-এ মাতি নি মোৰ ছোৱালীজনীক মাৰি পেলালে; তাইক ৰডেৰে কোবাই কোবাই মাৰিছে”- জোনমণিৰ মৃত্যুক “পৰিকল্পিত হত্যা” বুলি কান্দি কান্দি দাবী মাতৃৰ

তেওঁ কয় যে, বিপদ অনুভৱ কৰি তেওঁ প্ৰথমে গাড়ীৰ কাষ চাপিবলৈ দ্বিধাবোধ কৰিছিল যদিও জখলাবন্ধা থানাৰ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁ দুৰ্ঘটনাস্থলীৰ কাষ চাপি গৈছিল।

কিন্তু জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক আঁতৰি যাবলৈ নিৰ্দেশ দিয়াৰ বাবে তেওঁ সেই স্থানৰ পৰা আঁতৰি যায় বুলিও ইংগিতপূৰ্ণ দাবী কৰিছে প্ৰত্যক্ষদৰ্শী যুৱকগৰাকীয়ে।”

ইফালে জোনমনিৰ ঘটনাৰে সম্পৰ্কিত ইজনৰ পাছত সিজন লোক অন্তৰ্ধান হৈ আছে (Junmoni Rabha Died Update)। জোনমণিৰ বাহনত খুন্দা মৰা ট্ৰাক চালক, জোনমণিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আমিনাৰ পুত্ৰ আজগৰ আলী আৰু তাৰ পিছত এইবাৰ প্ৰথম প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস। ক’ত গ’ল এইকেইজন লোক?

লগতে পঢ়কঃ Junmoni Rabha Case: ৰহস্য, ৰহস্য কেৱল ৰহস্য! গভীৰ নিশা দুৰ্ঘটনাত মৃত্যু জোনমণিৰ; তাৰ পিছত ছচিয়েল মিডিয়াত ভাইৰেল এখন এজাহাৰৰ কপী, য’ত উল্লেখ আছিল জোনমণিয়ে ধন দাবী কৰা বুলি…

উল্লেখ্য জখলাবন্ধা সৰুভগীয়াত (Sarubhagia Jakhalabandha) ভয়ংকৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু ঘটে (Junmoni Rabha Died In Horrific Road Accident)। কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় জোনমণি ৰাভাৰ মাৰুতি বাহনৰ (Container Truck Colided With Maruti Car)

জোনমণি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP 78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰিছিল জোনমণিৰ বাহনখনে। নিশা প্ৰায় ২ বজাত সংঘটিত হয় দুৰ্ঘটনাটো (Junmoni Rabha Accident Update)

Photo: Google

Published By: Dulu Medhi

লগতে পঢ়কঃ Teok Tragic Accident: শোকাৱহ! নদীত বাহনসহ ডুবি কৰুণ মৃত্যু ONGCৰ বিষয়াৰ; ৰাস্তাৰ কাম চলি আছিল কিন্তু নাছিল কোনোধৰণৰ পথ বন্ধৰ ছাইনবৰ্ড, যাৰ ফলত এই দুৰ্ঘটনা ঘটে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -