29 C
Guwahati
Saturday, May 18, 2024

Indian National Flag History: জানেনে? ১৯০৬ৰ পৰা ১৯৪৭ চনলৈ…৬ বাৰ সলনি হৈছে ভাৰতৰ “জাতীয় পতাকা”, আগতে দেখাত কেনেকুৱা আছিল আমাৰ জাতীয় পতাকাখন, আহক জানো ইয়াৰ ইতিহাস!

Indian National Flag History: প্ৰত্যেক স্বতন্ত্ৰ দেশৰ নিজৰ এখন জাতীয় পতাকা থাকে, যি ৰাষ্ট্ৰীয় পৰিচয়ৰ গুৰুত্বপূৰ্ণ অংগ

Must Read

Indian National Flag History And Evolution: কাইলৈ ১৫ আগষ্ট। কাইলৈ ৭৬ বছৰ সম্পূৰ্ণ কৰিব ভাৰতে।

যিদিনা ভাৰতে স্বাধীনতা লাভ কৰে সেই দিনটো অৰ্থাৎ ১৫ আগষ্ট ১৯৪৭ত ত্ৰিৰংগা চৰকাৰীভাবে ভাৰতৰ পতাকা হৈ উঠিল (The History And Evolution Of The Indian National Flag)

ত্ৰিৰংগাৰ প্ৰতিটো ৰঙৰ আৰু প্ৰতীকৰ অৰ্থ আছে। ই দেশত প্ৰতিগৰাকী লোকৰ প্ৰতিনিধিত্ব কৰে, সেয়া যিকোনো জাতি বা ধৰ্মৰে হওক। এয়া আমাৰ আত্মসন্মানৰ প্ৰতীক (Indian National Flag History)

আজি এই লিখনীটোত আমি ভাৰতৰ জাতীয় পতাকাৰে সম্বন্ধিত সকলো গুৰুত্বপূৰ্ণ কথা যেনে ইয়াৰ অৰ্থ, ইতিহাস, গুৰুত্ব আৰু ডিজাইনাৰৰ ওপৰত আলোচনা কৰিম।

স্বাধীনতা পাবলৈ ভাৰতে বহু যুঁজ কৰিবলগীয়া হৈছিল। দেশৰ স্বাধীনতাৰ ইতিহাসৰ দৰেই গৌৰৱময় জাতীয় পতাকাৰো ইতিহাসো। স্বাধীন হোৱাৰ পিছৰে পৰা, আমাৰ ত্ৰিৰংগা আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দ্বাৰা মাজনিশা পৰম্পৰাৰে প্ৰথমে উত্তোলন কৰা হৈছিল (Indian National Flag History)

ত্ৰিৰংগাৰ ৰঙৰ অৰ্থ (National Flag Colour Meaning)-

গভীৰ গেৰুৱা (Deep Saffron)- গেৰুৱা (ওপৰত)- বীৰত্ব বা শক্তি আৰু সাহস
বগা (White)- বগা (মাজত)- শান্তি আৰু সত্যক প্ৰতিনিধিত্ব কৰে
ডাঠ নীলা (Dark green)- ডাঠ নীলা (তলত) সমৃদ্ধি বা উৰ্বৰতা, ভূমিৰ বিকাশ আৰু শুভতা
নেভী ব্লু চক্ৰ (Navy Blue Wheel)- প্ৰগতি আৰু আইনৰ চক্ৰৰ প্ৰতিনিধিত্ব কৰে

বৰ্তমান ভাৰতৰ জাতীয় পতাকা আনুভূমিকভাৱে তিনিটা সমান ভাগত বিভক্ত। ওপৰত গাঢ় গেৰুৱা, মাজত বগা আৰু তলত গাঢ় সেউজীয়া। বগাৰ ওপৰত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ।

আহক জানো ইয়াৰ ইতিহাস। কেতিয়া-কেতিয়া সলনি হৈছে আমাৰ জাতীয় পতাকা আৰু দেখাত কেনেকুৱা আছিল পতাকাখন (Indian National Flag History)?

১. ১৯০৬চন

Indian National Flag History

 

১৯০৬ চনত ভাৰতৰ প্ৰথমখন জাতীয় পতাকা উত্তোলন কৰা হয়। অৱশ্যে সেয়া চৰকাৰী জাতীয় পতাকা হিচাপে স্বীকৃত নাছিল। সেই বছৰৰে ৭ আগষ্টত কলকতাৰ পাৰছী বাগান স্কুৱেৰ (গ্ৰীণ পাৰ্ক)ত উত্তোলন কৰা হৈছিল (Indian National Flag History)

সেইখনো ত্ৰিৰঙী আছিল। কিন্তু সেইখনৰ ৰং আছিল ৰঙা, হালধীয়া আৰু সেইজীয়া। মাজৰ হালধীয়া ৰঙৰ মাজত দেৱনাগৰী লিপিৰে ‘বন্দে মাতৰম’ লিখা হৈছিল। সেউজীয়া ৰঙৰ অংশত আছিল ৮টা আধা ফুলা পদুম ফুল।

২. ১৯০৭ চন

১৯০৭ চনত পুনৰ সলনি হৈছিল ভাৰতৰ জাতীয় পতাকাৰ ৰূপ। বাৰ্লিন সমিতিৰ পতাকা, উত্তোলন কৰিছিল ভিকাজী কামাই।

৩. ১৯১৭ চন

Indian National Flag History

১৯১৭ চনত হোম ৰুল আন্দোলনৰ সময়ছোৱাত ব্যৱহাৰ কৰা তৃতীখন পতাকা আছিল। ডাঃ এনী বেছেণ্ট আৰু লোকমান্য তিলকে গৃহ শাসন আন্দোলনৰ সময়ত এইখন উত্তোলন কৰিছিল (Indian National Flag History)

৪. ১৯২১ চন

Indian National Flag History

১৯২১ চনত অনানুষ্ঠানিকভাৱে গ্ৰহণ কৰা পতাকা। অখিল ভৰতীয় কংগ্ৰেছ কমিটী, যিয়ে ১৯২১ত এজন অন্ধৰ যুৱকে এই পতাকাখন প্ৰস্তুত কৰিছিল আৰু সেইখন গান্ধীজীৰ ওচৰলৈ লৈ যায়।

৫. ১৯৩১ চন

Indian National Flag History

১৯৩১ চনত সকলো সংশোধনৰ পিছত অৱশেষত জাতীয় পতাকাখন প্ৰায় বৰ্তমানৰ ৰূপটো পায়। ৰঙা ৰংটো গাঢ় গেৰুৱালৈ সলনি হয়, হালধীয়া বগালৈ সলনি হয়। কেৱল সেউজীয়াটোহে বাকী থাকে। পিংগলী ভেংকায়াই পূৰ্বৰ পতাকাখন প্ৰস্তুত কৰে।

আগতে গ্ৰহণ কৰা পতাকাখনৰ “বন্দে মাতৰম”ৰ ঠাইত নতুন পতাকাৰ কেন্দ্ৰত আহিল গান্ধীজীৰ যঁতৰ। ইয়াৰ ৰঙৰ কোনো ধৰ্মীয় তাৎপৰ্য নাই (Indian National Flag History)

৬. ১৯৪৭ চন

Indian National Flag History

বৰ্তমানৰ জাতীয় পতাকাৰ যি ৰূপ সেয়া হৈছিল ১৯৪৭ৰ ২২ জুলাইত। এই সময়ত আন এটা সংশোধন ঘটিল। তেতিয়া স্বাধীন ভাৰতৰ জাতীয় পতাকাৰ কেন্দ্ৰলৈ অশোক চক্ৰ আহিল।

১৯৪৭ চনত গ্ৰহণ কৰা পতাকাখন ১৯৩১ত গ্ৰহণ কৰা পতাকাখনৰ দৰেই আছিল। ইয়াত ব্যতিক্ৰম আছিল সম্ৰাট অশোকৰ ধৰ্মচক্ৰ। ই পতাকাৰ মাজত মহাত্মা গান্ধীৰ যঁতৰৰ ঠাই লয়।

এইদৰেই আমাৰ স্বাধীন ভাৰতে লাভ কৰিছে জাতীয় পতাকা (Indian National Flag History)

Photo: Google

লগতে পঢ়কঃ Dhing Teacher Molestation: পেছাত শিক্ষক, কিন্তু কামত এয়া! মাজৰাস্তাতে কিশোৰীৰ “গুপ্তাংগ” চুলে এজন শিক্ষকে; তাৰ পিছতে ৰাইজে ৰাস্তাতে কানত ধৰি কঢ়োৱালে আঁঠু…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -