25 C
Guwahati
Wednesday, May 8, 2024

কোন সঁচা, কোন মিছা! ৰাজনীতিত নামিয়েই পৰপুৰুষৰে প্ৰেম পত্নীৰ; য’তে দেখে তাতে স্বামীক গুণ্ডা লৈ মাৰপিট; ইফালে পত্নীৰ অভিযোগ ‘মোৰ কথা বেয়াকৈ উলিয়াইছে’…সম্পূৰ্ণ ঘটনাটো কি?

ৰাজ্যত সংঘটিত হৈছে এক আজৱ কাণ্ড। পত্নীক পঞ্চায়ত সভানেত্ৰী (Panchayat President) হ'বলৈ দিয়াই যেন হৈ পৰিল কাল! ৰাজনীতিত নামিয়েই পৰপুৰুষৰ সৈতে প্ৰেম পত্নীৰ। পত্নীৰ এই কাণ্ডত অতিষ্ঠ হৈ পৰে স্বামী

Must Read

ৰাজ্যত সংঘটিত হৈছে এক আজৱ কাণ্ড। পত্নীক পঞ্চায়ত সভানেত্ৰী (Panchayat President) হ’বলৈ দিয়াই যেন হৈ পৰিল কাল! ৰাজনীতিত নামিয়েই পৰপুৰুষৰ সৈতে প্ৰেম পত্নীৰ। পত্নীৰ এই কাণ্ডত অতিষ্ঠ হৈ পৰে স্বামী। প্ৰথমে স্বামী-স্ত্ৰীৰ তৰ্কাতৰ্কি, তাৰ পিছত মাৰপিট। এবাৰ বা দুবাৰ নহয় বহুবাৰ সংঘাত হয় দুয়োৰে মাজতে।

স্বামীয়ে অভিযোগ উত্থাপন কৰে যে- তেওঁৰ পত্নী তথা ধুবুৰী জিলাৰ (Dhubri District) মহামায়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত সাধুভাষা গাঁও পঞ্চায়তৰ সভানেত্ৰী নাৰ্জিনা বেগমৰ অন্য পুৰুষৰ সৈতে আছে সম্পৰ্ক। পৰকীয়া প্ৰেমত বাধা দিয়া বাবে যোৱা ২৭জানুৱাৰীত অভিযোগকাৰী স্বামী ছৈয়দ আলী মোল্লাক টোপপাৰা বজাৰৰ ঔষধৰ দোকানত বহি থকা অৱস্থাত পত্নী নাৰ্জিনা বেগম আৰু তাইৰ ভেৰোনীয়া গুণ্ডা বাহিনীৰ দলে অতৰ্কিতে আক্ৰমণ চলাই। ৰড, লাঠি, জোং লৈ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে (Husband Beaten By Wife)। যাৰ ফলত স্বামী গুৰুতৰভাবে আহত হয়। তাৰ পিছত স্থানীও ৰাইজে উদ্ধাৰ কৰি আটানী আৰক্ষীক সমজাই দিয়ে। আটানি আৰক্ষীয়ে ততাতৈয়াকৈ বগৰীবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও আঘাত গুৰুতৰ হোৱা বাবে চিকিৎসালয় কৰ্তৃপক্ষই ধুবুৰী চিকিৎসা মহবিদ্যালয়লৈ প্ৰেৰণ কৰে।

প্ৰেমিক
প্ৰেমিক
প্ৰেমিক আৰু পত্নী
প্ৰেমিক আৰু পত্নী
পত্নী
পত্নী

 

আজি চিকিৎসালয়ৰ পৰা ওলাই আহি আটানী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি ধুবুৰী জিলা আৰক্ষী অধীক্ষক তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ আহ্বান জনায়।

ইফালে ওলোটা অভিযোগ পত্নীৰ-পত্নী তথা সাধুভাষা গাঁও পঞ্চায়তৰ সভানেত্ৰী নাৰ্জিমা বেগমে সংবাদমেল সম্বোধন কৰি কয় যে, বিগত কেইদিনমান ধৰি একেলেথাৰিয়ে মোৰ বিৰুদ্ধে চৈয়দ আলী মোল্লাই সামাজিক মাধ্যমত বেয়াকৈ অপপ্ৰচাৰ চলাই আছে। যাৰ ফলত সংবাদ মাধ্যমতো মোৰ বিৰুদ্ধে বিভিন্নধৰণৰ বাতৰি সম্প্ৰচাৰ হৈ আছে।

সংবাদমেলৰ জৰিয়তে সভানেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে সকলো কথা, তথ্যবিহীনভাবে সমাজত এক হেয় প্ৰতিপন্ন কৰিবলৈ এই বাতৰি সম্প্ৰচাৰৰ অভিযোগ সভানেত্ৰীগৰাকীৰ, লগতে সংবাদ মাধ্যমৰ জৰিয়তে ছৈয়দ আলী মোল্লাক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে যদি তেওঁৰ হাতত কিবা তথ্য আছে সামাজিক মাধ্যমত ভাইৰেল কৰক, তিনিবাৰকৈ বিবাহ বিচ্ছেদৰ প্ৰেৰণ কৰা স্বত্বেও তেওঁ নোপোৱা বুলি কোৱাত আচৰিত হৈছে সভানেত্ৰী নাৰ্জিমা বেগমে।

এতিয়া সমগ্ৰ ঘটনাৰ ৰহস্য আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব যে কোন সঁচা, কোন মিছা?

Photo & Input: Batori 24

লগতে পঢ়কঃ কৰুণ! কলেজৰ পৰা ঘৰলৈ বুলি গৈ আছিল; কিন্তু আদবাটতে ট্ৰেক্টৰে প্ৰাণ (Died) কাঢ়িলে ১৭ বছৰীয়া সংগীতাৰ, স্কুটীত খুন্দা মাটি কঢ়িওৱা ট্ৰেক্টৰৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -