25 C
Guwahati
Thursday, May 9, 2024

Himanta Biswa On Miyan: “আজমলে ঠিকেই কৈছে; কিন্তু আজমলৰ দৰে মানুহে আমাক ঠাট্টা কৰিব পৰা হ’ল, এই ঠাট্টাৰ প্ৰতিশোধ ল’ম আমি”- আজমলৰ Challenge Accept হিমন্তৰ…পিছে আপুনি সাজু নে?

Himanta Biswa On Miyan: AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ মিঞা অবিহনে অসম নহয় বুলি কোৱা মন্তব্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰতিক্ৰিয়া

Must Read

Himanta Biswa On Miyan: AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ মিঞা অবিহনে অসম নহয় বুলি কোৱা মন্তব্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (CM Himanta Biswa Sarma Reaction On AIUDF Supremo Badruddin Ajmal Comments)।

“অসমৰ লগত মিঞা নাথাকিলে সেয়া কোনোদিন সম্পূৰ্ণ নহয়। মিঞা অবিহনে অসম নহয়, অসম অবিহনে মিঞা নহয়”- এই বুলি মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে।

আজমলে কৈছিল –”অসম-মিঞা দুইটাই ভাই ভাই। অস… মিঞা, ‘মিঞা’ সম্পূৰ্ণ নহ’ব যেতিয়ালৈ ‘অসম’ নাথাকে, আৰু ‘অসম’ৰ লগত যদি ‘মিঞা’ নাথাকে, সেইটোও কোনোদিন পূৰা নহ’ব। বিভাজন নকৰাটো ভাল।’’

আজমলৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে (Himanta Biswa On Miyan)-

“আজমলে এটা কথা ঠিকেই কৈছে। মিঞা (Miyan) অবিহনে অসম নহয়, এই কথাটো ময়ো অনুভৱ কৰোঁ। অসমত ঈদৰ দিনা গোটেই বাছবিলাক নোহোৱা হৈ যায়। আজমলে যে এইটো কথাত ইতিকিং কৰিছে, ঠিকেই কৰিছে।”

“অসমীয়া মানুহে যে কাম কম কৰে, মিঞাই যে কাম বেছি কৰে, এইটো কথাত ময়ো একমত। ঈদৰ দুদিন গুৱাহাটীত যান-জঁটেই নাছিল। মানে গুৱাহাটীত সবজী বেপাৰীৰ পৰা, বাছ-ট্ৰাক চলোৱাৰ পৰা, ৰিক্সা চলোৱাৰ পৰা সকলোখিনি মিঞাই কৰে।”

“বদৰুদ্দিন আজমলে যিটো কথা ক’লে, সেইটো জাতিটোৰ প্ৰতি অপমান বুলি গণ্য কৰিব লাগে। অসমীয়াই ইয়াৰ প্ৰতিশোধ ল’ব লাগে কামেৰে। যে আজি আজমলেও আমাক ইতিকিং কৰিব পৰা হ’ল।

সেইটো প্ৰশ্ন কৰাতকৈ আপোনালোকৰ গাত বিন্ধিব লাগে। অসমীয়া ল’ৰাবিলাকে কামবিলাক আঁজুৰি ল’ব লাগে, কাজিয়া কৰি নহয়, প্ৰতিযোগিতাৰে (Himanta Biswa On Miyan)।”

“অমিত শ্বাহৰ মিটিং আমি কেনচেল কৰিছো। কাৰণ গুৱাহাটীত বাছ নাই। গুৱাহাটীত যিমান বাছ আছে তাৰে ৮০ শতাংশ বাছৰ চালক মিঞা। যিমান অলা-ওবেৰ আছে তাৰে ৭০ শতাংশ চালক মিঞা।

বদৰুদ্দিন আজমলে যিটো ইতিকিং কৰিছে, সেইটো ইতিকিং হিচাপে ল’ব লাগে। আমি লাচিত বৰফুকন-চিলাৰয়ৰ নাম লৈ জীয়াই থকা আমি প্ৰাণৱন্ত অসমীয়াসকলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগে।”

অসমীয়া যুৱক-যুৱতী কাম কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় (Himanta Biswa On Miyan), মই নিজেই খালী কৰিম ফ্লাই অভাৰৰ তলৰ বজাৰ। অসমীয়া ল’ৰাই কাম কৰিব। দুই বছৰত সকলো হ’ব যদিহে সমষ্টিয়ে সমষ্টিয়ে ছুপাৰ৩০ৰ দৰে অনুষ্ঠান খোলে। কেৱল মিডিয়াত বাইট দিলেই নহয়।

Photo: Batori24

লগতে পঢ়কঃ Junmoni Rabha Birthday: জোনমণি ৰাভাক নগাঁও আৰক্ষীয়ে “হত্যা” কৰা বুলি অভিযোগ তোলা কনিষ্টবল অনিল ভূঞাক CBIৰ জেৰা; ভূঞাৰ এটা কল ৰেকৰ্ডিং হৈছিল ভাইৰেল, আজি প্ৰয়াত জোনমণিৰ “জন্মদিনো”…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -