31 C
Guwahati
Saturday, May 18, 2024

Dhubri 2 Officer Arrest: এশ গৰু মাৰিলে বাঘৰো মৰণ! বহুদিন ধৰি “ঘোচ” লৈ আছিল; অৱশেষত পৰিল ধৰা, ৩০ হাজাৰ টকা ঘোচ ল’ব লওতেই হাতে-লোটে গ্ৰেপ্তাৰ ২ বিষয়া, কেৱল এয়াই নহয় ঘৰৰ পৰা উদ্ধাৰ “টকাৰ পাহাৰ”…

Dhubri 2 Officer Arrest By CM vigilence: দীৰ্ঘদিনে ঘোচ লয় লয় ধৰা পৰা নাছিল। অৱশেষত ঘোচ লোৱাৰ সময়তে ধৰা পৰিল ২জন চৰকাৰী বিষয়া

Must Read

Dhubri 2 Officer Arrest By CM vigilence: দীৰ্ঘদিনে ঘোচ লয় লয় ধৰা পৰা নাছিল। অৱশেষত ঘোচ লোৱাৰ সময়তে ধৰা পৰিল ২জন চৰকাৰী বিষয়া (2 Govt Officer Arrested For Taking Bribe)।

ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ৩০ হাজাৰ টকা ঘোচ ল’ব লওতেই হাতে-লোটে ধৰা পেলায় (Dhubri ACS, CEO Zila Parishad Biswajit Goswami And Mrinal Kanti Sarkar Apprenhended For Demanding Bribe And Accepting It Through)

অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ (Directorate Of Vigilance & Anti-Corruption) ১৪ জনীয়া দলে আৰক্ষী অধীক্ষক সিংহৰাম মেধিৰ নেতৃত্বত ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত অভিযান চলাইছিল।

ধুবুৰী (Dhubri) জিলাৰ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য জাকিৰ হুছেইনৰ পৰা আঁচনিৰ ধন মোকলাই দিয়াৰ নামত দাবী কৰা ৯ শতাংশ কমিচনৰ ৩০ হাজাৰ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক আটক কৰে।

শুকুৰবাৰে আবেলি ৫ বজাৰ পৰা শনিবাৰে পুৱতি নিশা ৫ বজালৈ প্ৰায় ১২ ঘণ্টা ধৰি বিষয়া দুজনক অভিযানকাৰী দলটোৱে মাৰাথন জেৰা চলায়। দুয়োজন লোকৰ ঘৰতো অভিযান চলাই ১৪ জনীয়া দলটোৱে (Dhubri 2 Officer Arrest)

ধুবুৰী, গৌৰীপুৰ আৰু বঙাইগাঁৱত পৃথকে পৃথকে চলায় অভিযান (Dhubri 2 Officer Arrest)

ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ (Dhubri ACS, CEO Zila Parishad Biswajit Goswami) লগতে সহকাৰী জিলা প্ৰকল্প সমন্নয়ক মৃণাল কান্তি সৰকাৰৰ বিৰুদ্ধে ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

Dhubri 2 Officer Arrest Dhubri 2 Officer Arrest

ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁৱৰ বৰপাৰাত থকা নিজা বাসগৃহত চলা অভিযানত উদ্ধাৰ হৈছে কোটি কোটি টকা।

লগতে বহু মূল্যবান অলংকাৰ উদ্ধাৰ কৰে। ধুবুৰীৰ চৰকাৰী আৱাসগৃহত ১ লাখ ৭৯ হাজাৰ টকা উদ্ধাৰ হয়।

জানিব পৰা মতে, মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ গুৱাহাটীকে ধৰি মুঠ ১১টা স্থানত সম্পত্তি আছে। গোস্বামীৰ ৬টা বেংক একাউণ্টো জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে (Dhubri 2 Officer Arrest)

তদুপৰি, তেওঁৰ পত্নীৰ ফ্লেটৰ পৰাও ২.৫ কোটি টকা উদ্ধাৰ কৰাৰ খবৰ পোৱা গৈছে (During House Search Rs.23285300 Has Been Recovered)

আনহাতে, গৌৰীপুৰত থকা মৃণালকান্তি সৰকাৰৰ ঘৰতো দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ (Directorate Of Vigilance & Anti-Corruption) দলটোৱে অভিযান চলায়। সৰকাৰৰ ঘৰত নিশা ১ বজালৈ তালাচী চলাই দলটোৱে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে বিষয়া দুজনক গ্ৰেপ্তাৰ কৰি ধুবুৰীৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে আৰু অধিক তথ্যৰ বাবে তেওঁলোকক গুৱাহাটীত জেৰা কৰা হ’ব (Dhubri 2 Officer Arrest)

Photo: Twitter

লগতে পঢ়কঃ UP Man Slits Sister Throat: নৃশংস! ভনীয়েকৰ প্ৰেমিকক দেখি সহ্য নহ’ল; খঙত ভনীয়েকৰে “ডিঙি” কাটি হত্যা কৰে ককায়েকে, কটা মূৰ লৈ নিজে হাজিৰ হয় থানাত

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -