24 C
Guwahati
Saturday, May 4, 2024

Assam Govt Again Takes Loan: কোনো বিকল্প নাই! আকৌ ২৫০ কোটি টকা ধাৰ ল’লে অসম চৰকাৰে; হিমন্তৰ চৰকাৰৰ প্ৰথম ২টা বৰ্ষতে ধাৰৰ পৰিমাণ ১ লাখ ৩৭ হাজাৰ কোটিলৈ পালে বৃদ্ধি

Assam Govt Again Takes Loan: মঙলবাৰে দেশৰ আন ৬খন ৰাজ্যৰ লগতে অসম চৰকাৰেও ষ্টক নিলাম কৰি ২৫০ কোটি টকা ঋণ ল’ব

Must Read

Assam Govt Again Takes Loan Of 250 Crore: দেশৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰকল্প অনুমোদন তথা পুঁজি বিনিয়োগত অসম দেশৰ ভিতৰতে শেষৰ স্থানত থকাৰ তথ্য ৰিজাৰ্ভ বেংকৰ (Reserve Bank of India) প্ৰতিবেদনত উন্মোচন হৈছে।

Assam Govt Again Takes Loan

ইয়াৰ লগে লগে নিজা ৰাজহ সংগ্ৰহতো অসম যে দেশৰ প্ৰায় শেষৰফালে আছে, সেয়া ইতিমধ্যে সংসদৰ মজিয়াত উন্মোচন হৈছে (Assam Govt Again Takes Loan)

অসমৰ নিজা উৎসৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ হ্ৰাস হৈ অহাৰ বাবে অসম চৰকাৰৰ এতিয়া ঋণ লোৱাৰ বাহিৰে কোনো বিকল্প নোহোৱা হৈ পৰিছে ৷

যাৰ ফলত ৰাজ্য চৰকাৰে পুনৰ ৫ বছৰলৈ ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ২৫০ কোটি টকা ধাৰ লোৱাৰ বাবে সাজু হৈছে ৷

মঙলবাৰে দেশৰ আন ৬খন ৰাজ্যৰ লগতে অসম চৰকাৰেও ষ্টক নিলাম কৰি ২৫০ কোটি টকা ঋণ ল’ব (Assam Govt Again Takes Loan Of 250 Crore)

এই সন্দৰ্ভত ৰিজাৰ্ভ বেংকে বিগত ১৮ আগষ্টতে নিবিদা প্ৰকাশ কৰিছে ৷ সংসদৰ চলিত অধিৱেশনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ নিজা ৰাজহৰ পৰিমাণ আছিল মাত্ৰ ২৯,০৬১ কোটি টকা ৷

অথচ অসমৰ বিপৰীতে মহাৰাষ্ট্ৰ , উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ বাৰ্ষিক ৰাজহৰ পৰিমাণ ডেৰ লাখ কোটি টকাতকৈ বেছি ৷ কিন্তু ইয়াৰ পাছতো হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত অসম চৰকাৰে (Assam Government) প্ৰতিমাহেই হাজাৰ কোটি টকাকৈ ঋণ লৈ আহিছে (Assam Govt Again Takes Loan)

বৰ্তমান অসম চৰকাৰৰ ঋণৰ পৰিমাণ প্ৰায় ১ লাখ ৩৭ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে ৷ তৰুণ গগৈৰ (EX CM Tarun Gogoi) চৰকাৰৰ কাৰ্যকালত ঋণৰ পৰিমাণ ৩৬ হাজাৰ কোটি টকা আছিল যদিও পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (EX CM Sarbananda Sonowal) কাৰ্যকালত ৰাজ্যৰ ঋণৰ পৰিমাণ ৮০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছিল ৷

অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) চৰকাৰৰ প্ৰথম দুটা বৰ্ষতে ঋণৰ পৰিমাণ ১ লাখ ৩৭ হাজাৰ কোটি টকালৈ বৃদ্ধি পালে (Assam Govt Again Takes Loan)

Photo: Google

লগতে পঢ়কঃ Assam Buwari Missing: কিয় বাঢ়িছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা? এইবাৰ হেৰাল মেৰাপানীৰ এগৰাকী ২৭ বছৰীয়া সুন্দৰী “বোৱাৰী”; ৩ সন্তানক এৰি ৰাতিয়ে নাইকিয়া হ’ল জানমণি…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -