37 C
Guwahati
Thursday, May 16, 2024

Weather Alert: ৰাজ্যত আগন্তুক ৫ দিনলৈ দিব বৰষুণ! বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ আশংকা, বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে এই কথা…

Assam Weather Alert: আগন্তুক ৫ দিনলৈ ডাৱৰীয়া হৈয়েই থাকিব অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আকাশ। বতৰৰ এই আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

Must Read

Assam Weather Alert: আগন্তুক ৫ দিনলৈ ডাৱৰীয়া হৈয়েই থাকিব অসম তথা উত্তৰ-পূবৰ (North-East) ৰাজ্যসমূহৰ আকাশ। বতৰৰ এই আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই (Regional Meteorological Centre)। বংগোপসাগৰৰ উপকূলীয় অঞ্চলত সৃষ্টি হোৱা কেতবোৰ প্রাকৃতিক পৰিঘটনাৰ বাবে অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ আকাশ বিগত প্রায় এটা সপ্তাহ ধৰি ডাৱৰীয়া হৈ বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হৈ আছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী (Regional Meteorological Centre) অনুসৰি ২৩ মাৰ্চলৈকে অসম তথা অৰুণাচল প্ৰদেশ (Arunachal Pradesh), মেঘালয় (Meghalaya), মণিপুৰ (Manipur), ত্ৰিপুৰা (Tripura) আৰু নাগালেণ্ডত (Nagaland) অব্যাহত থাকিব বৰষুণ (Rainfall)। এই সময়ছোৱাত ঠায়ে ঠায়ে মধ্যমীয়া বৰষুণৰ হোৱাৰ লগতে শিলাবৃষ্টিৰো (Hailstrom) সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ডাৱৰীয়া হৈ আছে অসমৰ আকাশ। শনিবাৰৰ দিনটোত ৰাজ্যৰ ঠায়ে ঠায়ে সংঘটিত হৈছিল শিলাবৃষ্টি। দেওবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ নমা পৰিলক্ষিত হয়। ৰাজ্যৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰ আৰু সোমবাৰৰ বাবে অসমত অৰেঞ্জ এলাৰ্ট (Orange Alert) জাৰি কৰা হৈছে।

Weather Alert

কেন্দ্ৰই সদৰি কৰা অনুসৰি, পশ্চিমবংগ (West Bengal) আৰু বাংলাদেশৰ (Bangladesh) ওপৰেৰে সাগৰপৃষ্ঠৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ উচ্চতাৰে পশ্চিমৰ দিশৰপৰা বতাহ বলি থকা বাবে উত্তৰ-পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো তাপমাত্রা স্বাভাবিকতকৈ ঠাইবিশেষে ১ ৰ পৰা ১০ ডিগ্রী ছেলচিয়াছ পর্যন্ত কম হৈছে । ফলত ৰাইজে গৰমৰ পৰা সাময়িকভাৱে হ’লেও সকাহ পাইছে।

উল্লেখযোগ্য যে, বতৰ বিজ্ঞান কেন্দ্রৰ (Regional Meteorological Centre) তথ্য অনুসৰি, বৃহস্পতিবাৰ পর্যন্ত অসমৰ কেতবোৰ ঠাইত ধুমুহা বতাহ বলাৰ লগতে গাজনি, বিজুলী-ঢেৰেকনীৰ সৈতে প্ৰচণ্ড বৰষুণ অহাৰো সম্ভাৱনা আছে। অৱশ্যে আগন্তক পাঁচদিনত বতৰ অপৰিবৰ্তনীয় হৈ থাকিলেও দিনৰ ভাগত মাজে মাজে আকাশত সূর্য দেবতাই ভূমুকি মাৰি থাকিব।

Photo: Google

লগতে পঢ়কঃ সুখী নহয় ভাৰতৰ মানুহ! সুখী লোকৰ দেশৰ তালিকাত ‘ভাৰত’ৰ স্থান ১২৫; কিন্তু ১ বছৰতকৈও অধিক সময় যুদ্ধ হৈ থকা ‘ইউক্ৰেইন’ৰ স্থান ৯২, প্ৰথমত আছে কোন? International Happiness Dayত প্ৰকাশ এখন তালিকা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -