26 C
Guwahati
Sunday, May 19, 2024

Sivasagar Fire Tragic: পৌৰসভাৰ অসাৱধানতাৰ পৰিনাম! শিৱসাগৰ বাবুপট্টীৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হোৱা ডেৰ বছৰীয়া কণমানিৰ অকাল মৃত্যু; ইপিনে হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি আছে কণমানিটিৰ মাতৃয়ে

Sivasagar Fire Tragic Incident: কণমানিজনীৰ মাতৃ পপী শইকীয়া আৰু লাটু দাস নামৰ আন এজন লোকো অগ্নিদগ্ধ হৈছিল এই ভয়ংকৰ ঘটনাত

Must Read

Sivasagar Fire Tragic Incident: শিৱসাগৰ বাবুপট্টীৰ অগ্নিকাণ্ডত (Sivasagar Babupatty Fire) অগ্নিদগ্ধ হোৱা ডেৰ বছৰীয়া কণমানিজনীৰ মৃত্যু (One Half Year Old Girl Died Sivasagar Fire Tragic Incident)। হাস্পতালত মৃত্যুক সাবটি লয় ভাগ্যশ্ৰী শইকীয়া নামৰ কণমানিজনীয়ে।

কণমানিজনীৰ মাতৃ পপী শইকীয়া আৰু লাটু দাস নামৰ আন এজন লোকো অগ্নিদগ্ধ হৈছিল এই ভয়ংকৰ ঘটনাত (Sivasagar Fire Tragic Incident)। পপী শইকীয়াই বৰ্তমানো অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত জীৱন-মৃত্যুৰে যুঁজ দি আছে।

বুধবাৰে বিয়লি শিৱসাগৰ বাপুপট্টীত সংঘটিত হৈছিল (Sivasagar Babupatty Fire) এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Horrific Incident)। যমুনা ৰোড চাৰিআলিত দাউদাউকৈ জ্বলি উঠিছিল গেছ পাইপ লাইন। পৌৰকৰ্মীয়ে নৰ্দমা পৰিষ্কাৰ কৰি থকাৰ সময়ত অসাৱধানবঃশত ফাটিছিল গেছ কোম্পানীৰ ঘৰুৱা ৰন্ধন গেছৰ পাইপ। তাৰ পিছতে সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ঘটনা (Sivasagar Fire Tragic Incident)

Sivasagar Fire Tragic
মৃত কণমানিটি

অগ্নিকাণ্ডৰ ফলত জুইৰ লেলিহান শিখাই আৱৰি ধৰিছিল দুটা ঘৰ আৰু দোকান। এই অগ্নিকাণ্ডৰ ফলত এগৰাকী বৃদ্ধ মহিলাৰ লগতে তেওঁৰ জীয়েক আৰু নাতিনীয়েৰ শৰীৰৰ অধিকাংশ অগ্নিদগ্ধ হয় (Sivasagar Fire Tragic Incident)। লগে লগে আইতাক, জীয়েক আৰু নাতিনীয়েক হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু আজি কণমানিজনীয়ে অকালতে মৃত্যুক সাৱটিলে।

ঘটনাটোৰ পিছতে প্ৰাণৰ ভয়ত জেচিবি এৰি পলায়ন কৰিছিল অপাৰেটৰে। অগ্নিদগ্ধ হৈছে বকুলী দাস, তেওঁৰ জীয়ৰী লিক দাস আৰু লিক দাসৰ ডেৰ বছৰীয়া কন্যা।

পৌৰসভাৰ ভুলৰ (Municipal Office Sivasagar) বাবেই অগ্নিকাণ্ড সূত্ৰপাত হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ। ঘটনা সন্দৰ্ভত পৌৰসভাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল হৈছে। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ভাগ্যশ্ৰী শইকীয়াৰ আইতাক বকুলী দাসে দাখিল কৰে এজাহাৰ (Sivasagar Police)। এই ঘটনাৰ পিছতে স্থানীয় লোকে উত্তাল কৰি তোলে পৰিৱেশ।

Photo: Batori24

লগতে পঢ়কঃ Margherita Missing Girl Deadbody Recover: কাকনো কৰিব বিশ্বাস? শৌচাগাৰৰ টেংকীত উদ্ধাৰ ১২ বছৰীয়া কণমানিৰ মৃতদেহ; ধৰ্ষণ কৰি হত্যাৰ সন্দেহ, মাকৰ সৈতে বিহু চাবলৈ গৈছিল, তাৰ পিছত…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -