29 C
Guwahati
Sunday, May 19, 2024

FB Post On Junmoni Rabha: ‘জোনমণিৰ মৃত্যুৰ তদন্তৰ মূল কামতেই ঘূণে ধৰিছে’- এই মন্তব্য আমাৰ নহয়; এই বিস্ফোৰক ভাষ্য এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰহে…

FB Post On Junmoni Rabha: জোনমণি ৰাভা, নামটোও যেন এক সাঁথৰ হৈ পৰিছে। এয়া দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড তাক লৈ এতিয়াও চৰ্চা চলিয়েই আছে

Must Read

FB Post On Junmoni Rabha: জোনমণি ৰাভা, নামটোও যেন এক সাঁথৰ হৈ পৰিছে। ১৫ মে’ত সংঘটিত এক দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা জোনমণিৰ মৃত্যুৰ তদন্ত এতিয়াও অব্যাহত (Junmoni Rabha Died Case)।

এয়া দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড তাক লৈ এতিয়াও চৰ্চা চলিয়েই আছে।

জোনমণিৰ ঘটনাৰ প্ৰতিটো নতুন নতুন মোৰৰ কথা সবিস্তাৰে আমি আপোনালোকক জনাই আছো। কিন্তু এই সকলোৰে মাজতে এতিয়া এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিস্ফোৰক ভাষ্যই ৰাজ্যজুৰি তোলপাৰ লগোৱা জোনমণিৰ মৃত্যুৰ ঘটনাটোক পুনৰ গভীৰ ৰহস্যৰ মাজলৈ সোমাই লৈ গৈছে (FB Post On Junmoni Rabha)

FB Post On Junmoni Rabha

“জোনমনি ৰাভাৰ মৃত্যুৰ তদন্তত মূল কামতেই ঘূণে ধৰিছে”- এই মন্তব্য আমাৰ নহয়। এগৰাকী বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই।

জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগত এইবাৰ মুখ খুলিছে আন এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই। অৱসৰপ্ৰাপ্ত IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে (Retired IPS Officer Jyotirmay Chakravarty On Junmoni Died Case) ফেচবুকত এটা দীঘলীয়া পোষ্ট কৰিছে। য’ত তেওঁ জোনমনি ৰাভাৰ মৃত্যুৰ প্ৰসংগত যথেষ্ঠ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। জোনমনিৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক লৈ যথেষ্ঠ অসন্তুষ্টি প্ৰকাশ কৰিছে এই ফেচবুক পোষ্টটোত।

জোনমনি ৰাভাৰ মৃত্যুৰ তদন্তত যথেষ্ঠ আঁসোৱাহ থকাৰ কথা প্ৰকাশ পাইছে জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ফেচবুক পোষ্টটোত। অৱসৰপ্ৰাপ্ত IPS জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে ফেচবুক পোষ্টত এইদৰে লিখিছে (FB Post On Junmoni Rabha)-

#জোনমণি প্ৰসঙ্গ#
জোনমণি ৰাভাৰ মৃত্যুৰহস্য ভেদ কৰিবলৈ যোৱাটো আমাৰ উদ্দেশ্য নহয়। সেইটো পুলিচৰ কাম। কিন্তু প্ৰাসঙ্গিক কিছু গুৰুত্বপূৰ্ণ কথা আছে।

আমাৰ চাকৰিৰ আৰম্ভণিৰ সময়তে, প্ৰায় ৩৬ বছৰ আগতে, পুলিচ অফিচাৰৰ কেতবোৰ wrong example ৰ কাহিনী পুলিচ মহলত প্ৰচলিত আছিল। এজনে বহুসংখ্যক অবৈধ আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰি ভালেমান পুৰস্কাৰ আৰু মেডেল লাভ কৰিছিল; পিছত জনা গ’ল, তেওঁ নিজেই সেইবিলাক বনোৱাইছিল আৰু নিজেই উদ্ধাৰ কৰিছিল। আন এজনক এবাৰ বদলি কৰা হৈছিল এক ভিতৰুৱা, অপৰাধমুক্ত থানালৈ। অপৰাধমুক্ত পৰিবেশ অসহনীয় হৈ পৰাত তেওঁ হেনো আন ঠাইৰ পৰা অপৰাধী আমদানি কৰি অপৰাধ সংঘটিত কৰোৱাত লাগিছিল, ইত্যাদি।

এনে উদাহৰণ বিচাৰিলে আজিও হয়তো ওলাব। সেয়ে, নকল সোণৰ বেহাৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱাৰ সময়ত আমি জানিবৰ প্ৰয়োজন হৈছে, যোৱা ৫ বছৰত অসমত কিমান নকল সোণেৰে প্ৰবঞ্চনা কৰা কেছ registered হৈছে, আৰু কিমান কৌটি টকাৰ প্ৰবঞ্চনা কৰা হৈছে। কোনোবাই যদি মুখলজ্জা বা আন কাৰণবশতঃ FIR নিদিয়াকৈ আছিল, এতিয়া অন্ততঃ দিয়ক।

কেৱল কিমান লোক arrest হৈছে আৰু কিমান পিতলৰ টুকুৰা উদ্ধাৰ হৈছে, সেই পৰিসংখ্যাৰ পৰা নকল সোণৰ চক্ৰ কিমান প্ৰভাবশালী জানিব পৰা নাযাব। সাধাৰণ মানুহতকৈ লোভী বা অসাধু ব্যৱসায়ীহে এনে অপৰাধৰ লক্ষ্য হয়। আনহাতে জালনোটৰ কাৰবাৰে সাধাৰণ লোককে বেছিকৈ ক্ষতিগ্ৰস্ত কৰে। সহজে ধৰা নপৰা উচ্চ মানদণ্ডৰ নকল নোটে দেশৰ অৰ্থনীতিক ক্ষতিগ্ৰস্ত কৰে।

অসংখ্য স্হানত অসংখ্য অপৰাধ চক্ৰ চলি থাকে, আৰু তাৰে কিছুমান চক্ৰৰ সৈতে আৰক্ষীৰ কোনো কোনো লোকও জড়িত হৈ থাকে। আন বিভাগৰ লোকও থাকিব পাৰে। জোনমণিৰ মৃত্যুৰ ক্ষেত্ৰত এই অপৰাধ চক্ৰ আছিল জালনোট আৰু নকল সোণক লৈ। এইটো incidental. গৌণ কাৰণ। আন অপৰাধ চক্ৰও হ’ব পাৰিলেহেতেন। আমাৰ দৃষ্টিত মুখ্য কাৰণ হ’ল আৰক্ষীৰ ভিতৰ ছ’ৰাত চলি থকা এক অস্বাস্থ্যকৰ বাতাবৰণ আৰু unprofessional কাৰ্যপ্ৰণালী।

একেটা আৰক্ষী সংগঠনৰ মানুহৰ মাজত সমন্বয়ৰ অভাৱ ঘটাটো অবাঞ্ছনীয়। কৰ্তব্য পালনৰ সময়ত দেশৰ স্বাৰ্থতকৈ গাইগুটিয়া স্বাৰ্থই অগ্ৰাধিকাৰ পালে এনে হয়। ইয়াক এটা সুকীয়া বিষয় হিচাবে চৰকাৰে বিচাৰ কৰাৰ প্ৰয়োজন, কাৰণ ইয়াৰ পৰিসীমা জোনমণিৰ মৃত্যুতে, বা দুখন জিলাৰ অৰিয়াঅৰিৰ ভিতৰতে সীমাৱদ্ধ নহয়। ভৱিষ্যতে আৰু অধিক এই ধৰণৰ ঘটনাই যে চৰকাৰক আৰু আৰক্ষীৰ উৰ্দ্ধতম মহলক অস্বস্তিত পেলাই নাথাকিব তাক ন দি ক’ব নোৱাৰি।

লগতে পঢ়কঃ Junmoni Rabha And HSLC Exam: হঠাৎ কিয় মেট্ৰিকৰ ৰিজাল্টৰ Surprise? ক’ত অন্তৰ্ধান হ’ল জোনমণিৰ মৃত্যুৰ কাহিনী? জোনমণিৰ মৃত্যুৰ ঘটনাৰ পৰা দৃষ্টি আঁতৰোৱাৰ এয়া কৌশল নহয়টো…?

লগতে এইটোও কওঁ যে এজন আৰক্ষী বিষয়া এক গুৰুতৰ অপৰাধৰ সৈতে জড়িত হৈ পৰিলে পুনৰ ততালিকে তেওঁক থানা বা জিলাৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিব নালাগে। ভুল শুধৰোৱাৰ সুযোগ নিশ্চয় দিব লাগে, কিন্তু খৰধৰ কৰাৰ প্ৰয়োজন নাই।

বিষয়া জনৰ আইনৰ জ্ঞান, temperament আৰু অভিজ্ঞতা পৰীক্ষা কৰি চাব লাগে। এজন জুনিয়ৰ অনভিজ্ঞ বিষয়াক গুৰু দায়িত্ব দিলে তেওঁতকৈ চিনিয়ৰ অনেক বিষয়াই তেওঁৰ ওপৰত প্ৰভাৱ খটুৱাবলৈ চেষ্টা কৰিব। আৰক্ষী মুখ্যালয়ে এই বিষয়টোত নীতি নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন।

মৰণোত্তৰ পৰীক্ষাৰ video recording কৰা-নকৰাৰ বিষয়েও বহুত আলোচনা হৈছে। এই বিষয়টো medical protocol ৰ অধীন। আগতে মৰণোত্তৰ পৰীক্ষা কেৱল দিনৰ সময়তহে কৰিব পাৰিছিল। দুবছৰ মানৰ পৰাহে ৰাতিও কৰাৰ অনুমতি দিয়া হৈছে। Protocol মতে ৰাতি কৰা মৰণোত্তৰ পৰীক্ষাৰ video recording কৰাটো বাধ্যতামূলক। আনহাতে মানৱ অধিকাৰ আয়োগৰ guideline মতে custodial death কেছৰ মৰণোত্তৰ পৰীক্ষাৰ video recording কৰিব লাগে।

আনবিলাক ক্ষেত্ৰত আমি জনাত video recording কৰাৰ নিৰ্দেশ নাই। উল্লেখযোগ্য যে video recording ৰ সৈতে মৃতজনৰ privacy আৰু dignity ৰ কথাও সাঙোৰ খাই আছে। Privacy ৰ অধিকাৰক মৌলিক অধিকাৰৰ মান্যতা দিয়াৰ পিছত video recording কৰাৰ ক্ষেত্ৰত আচলতে বিশদ নিৰ্দেশনাৰ প্ৰয়োজন হৈছে।

জোনমণিৰ মৰণোত্তৰ পৰীক্ষাৰ যি অংশ আমি দেখিছোঁ তাৰে মাত্ৰ এটা কথাই কওঁ, occipital area ৰ (লাওখোলাৰ পিছফালে) আঘাতত underlying bone fracture থকা বুলি লিখা আছে, কিন্তু সেই fracture ৰ জোখমাখ বা বিৱৰণ দেখা নাই। মই নেদেখা কোনো অংশত থাকিলে অৱশ্যে বেলেগ কথা।

ঘটনাটোৰ আনবোৰ বিষয়ত মন্তব্য দিবলৈ নোযোৱাকৈও আমি ক’ব পাৰোঁ যে এই ঘটনা দুৰ্ঘটনানে হত্যা সেই কথা তদন্তৰ প্ৰাথমিক অৱস্থাতে শুদ্ধকৈ নিৰ্ণয় কৰিব পৰা যায়, আৰু CID ৰ দলে নিশ্চয় নিৰপেক্ষ আৰু বিজ্ঞানসন্মত ভাৱে ইয়াক নিৰূপণ কৰিছে।

যদি দুৰ্ঘটনা হয়, সি আকস্মিক নে আত্মহত্যা, তাৰো তথ্য পাবলৈ বেছি কঠিন নহয়। যদি হত্যা হয়, তেন্তে হত্যাকাৰীক চিনাক্ত কৰি সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰাটো তদন্তৰ মূল কাম হ’ব। কিন্তু পৰিতাপৰ কথা এই যে তদন্তৰ এই মূল কামতেই ঘূণে ধৰিছে, যিটো মই আগতে কৈ অহা unprofessional কাৰ্য্যপ্ৰণালীৰে ভিতৰৰ এটা।

এফালে অসমৰ conviction rate দেশৰ ভিতৰতে সৰ্বনিম্ন (অসম আৰক্ষীয়ে নিজে দিয়া তথ্য)। আনফালে কষ্টকৰ তদন্ত কৰাৰ পৰিবৰ্তে কাৰোবাক অপৰাধী সজাই এনকাউন্টাৰ কৰি দিয়াটোৱে এতিয়া পৃষ্ঠপোষকতা পাইছে, আনকি একাংশ অজ্ঞানী (এই শব্দটো আমি অতি দুঃখেৰে লিখিব লগীয়া হৈছে) ৰাইজকো উৎফুল্লিত কৰি তুলিবলৈ লৈছে।

আইনবহিৰ্ভূত পদ্ধতিৰে কাম কৰি থাকিলে আইনৰ নিয়মবোৰ পাহৰি যোৱাটোৱেই স্বাভাৱিক। নতুন আৰক্ষীয়ে কেতিয়াও শুদ্ধকৈ কাম শিকিবই নোৱাৰিব। এই পদ্ধতিবোৰ দুয়োফালে ধাৰ থকা তৰোৱাল। আনক কাটোতে কেতিয়াবা নিজেও কটা যাব।

আদালতত অপৰাধ সাব্যস্ত কৰিব পৰাকৈ প্ৰমাণ সংগ্ৰহ নোহোৱালৈকে আমি এটা ৰহস্যৰ সমাধান হ’ল বুলি কেতিয়াও নামানো। এনে বিশ্বাসত বিশ্বাসী আৰক্ষীৰ সংখ্যা এতিয়া নিচেই কম। ভৱিষ্যতে হয়তো ক্ৰমে অধিক সংখ্যক কেছৰ তদন্তৰ ভাৰ কেন্দ্ৰীয় সংস্থাক দিব লগীয়া হ’বগৈ। কিন্তু দিব খুজিলেই জানো তেওঁলোকে সকলো কেছ ল’ব?

এই দীঘলীয়া পোষ্টটো কৰিছে অৱসৰপ্ৰাপ্ত IPS জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে। জোনমনি ৰাভাৰ মৃত্যুৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই। তেওঁৰ মৃত্যু দুৰ্ঘটনা নে এটা পৰিকল্পিত হত্যাকাণ্ড তাক লৈ যথেষ্ঠ প্ৰশ্নৰ অৱতাৰণা হৈছে (FB Post On Junmoni Rabha)CID-এ তদন্ত আৰম্ভ কৰা এই ঘটনাৰ তদন্তৰ ভাৰ এতিয়া CBI ক দিয়াৰ কথা ঘোষণা হৈছে। কিন্তু সমগ্ৰ বিষয়টোক লৈ বহু কথাই সাঙোৰ খাইছে।

নগাঁৱৰ তেতিয়াৰ SP লীনা দলেৰ নাম সাঙোৰ খাইছে। লীনা দলেৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে। কিন্তু তেওঁক এখন জিলাৰ পৰা বদলি কৰি আন এখন জিলাৰ SPৰ দায়িত্ব দিয়া হৈছে।

যিটো কথাই যথেষ্ঠ বিতৰ্কৰ সৃষ্টি কৰিছে। জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া, তেওঁৰ মৰণোত্তৰ পৰীক্ষা আদি সকলো বিষয়ক লৈ যথেষ্ঠ প্ৰশ্নৰ উদ্ভৱ হৈছে, যিবোৰ কথাই প্ৰকাশ পাইছে অৱসৰপ্ৰাপ্ত IPS জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ফেচবুক পোষ্টত (FB Post On Junmoni Rabha)

তদন্ত প্ৰক্ৰিয়াৰ অতি সুক্ষ্ম তথা বিজ্ঞানসন্মত কথাবোৰ তথা নিয়মৰ ভিতৰৰ কথাবোৰ প্ৰকাশ পাইছে এই ফেচবুক পোষ্টটোত।

কিন্তু যদি জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে (Jyotirmay Chakravarty) কোৱাৰ দৰে “জোনমনি ৰাভাৰ মৃত্যুৰ তদন্তত মূল কামতেই ঘূণে ধৰিছে” তেনেহ’লে সকলোতকৈ ডাঙৰ প্ৰশ্ন, জোনমনি ৰাভাৰ মৃত্যুৰ ৰহস্যভেদ হ’ব নে? নে আন বহু ঘটনাৰ দৰে তল পৰিব জোনমনিৰ মৃত্যুৰ প্ৰসংগ? সকলোৱে এদিন পাহৰি যাব (FB Post On Junmoni Rabha)?

Photo: Google

লগতে পঢ়কঃ Guwahati Girl Dies By Suicide: হত্যা নে আত্মহত্যা! হোষ্টেলৰ বাথৰুমৰ ভিতৰত চীপ লোৱা অৱস্থাত উদ্ধাৰ ১৯ বছৰীয়া মেডিকেল ছাত্ৰীৰ মৃতদেহ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -