29 C
Guwahati
Sunday, May 19, 2024

নৃশংস! প্ৰথমে মদ-মুৰ্গীৰ পাৰ্টী; তাৰ পিছত কুঠাৰেৰে ঘপিয়াই ঘপিয়াই হত্যা (Murder), ৫০ হাজাৰ দি ছুপাৰি কিলাৰ লগাই খুলশালিয়েকে হত্যা কৰিলে ভিনিহিয়েকক, হত্যা কৰি বস্তাত ভৰাই পেলাই দিয়ে নৈত

হোজাই (Hojai) মহকুমাৰ ডবকা বুঢ়ী গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা। সামান্য টকাৰ লেনদেনৰ বাবেই খুলশালিয়েকে ছুপাৰি কিলাৰ লগাই হত্যা কৰিলে ভিনিহিয়েকক

Must Read

হোজাই (Hojai) মহকুমাৰ ডবকা বুঢ়ী গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা। সামান্য টকাৰ লেনদেনৰ বাবেই খুলশালিয়েকে ছুপাৰি কিলাৰ লগাই হত্যা কৰিলে ভিনিহিয়েকক। হত্যা কৰি মৃতদেহ বস্তাত ভৰাই ই ৰিক্সাৰে যমুনা নৈত (Yamuna River) দিছিল পেলায়।

কেনেকৈ হত্যা কৰা হৈছিল শিহৰণকাৰী বিস্ফোৰক স্বীকাৰোক্তি ছুপাৰি কিলাৰৰ (Supari Killer)। এই ঘটনাই জোকাৰিছে সমগ্ৰ ডবকা (Dabaka)। ৫০ হাজাৰ টকাৰ বিনিময়ত মূৰত কুঠাৰেৰে ঘপিয়াই ঘপিয়াই ছুপাৰি কিলাৰে হত্যা কৰিছিল আজিম উদ্দিনক (Man Killed By Axe)

খুলশালিয়েকে ছুপাৰি দিছিল নাচিম উদ্দিন নামৰ এইজন যুৱকক। এইজন ছুপাৰি কিলাৰৰ ঘৰ নীলবাগানৰ আসিনগৰত।

আজিম উদ্দিনৰ খুলশালী ইয়া হুছেইনে ছুপাৰি কিলাৰ নাচিম উদ্দিনৰ সৈতে লগ লাগি হত্য়াকাণ্ডৰ ভয়ংকৰ পৰিকল্পনা কৰিছিল। প্ৰথমে মুৰ্গী কাটি পাৰ্টী দিছিল ডবকা বুঢ়ী গাঁৱৰ বাসিন্দা ইয়া হুছেইনে ৷পাৰ্টীত ডবকা আশী নগৰৰ ছুপাৰি কিলাৰ নাচিম উদ্দিন আৰু ভিনিহীয়েক আজিম উদ্দিনক দিছিল নিমন্ত্ৰণ ৷ ছুপাৰি কিলাৰৰ স্বীকাৰোক্তি অনুসৰি, পাৰ্টীৰ পূৰ্বেই খুলশালিয়েকে ছুপাৰি কিলাৰজনক মাতি আনি কৰিছিল হত্যাৰ (Dabaka Murder Case) পৰিকল্পনা।

মৃত ভিনিহিয়েক আজিম উদ্দিন
মৃত ভিনিহিয়েক আজিম উদ্দিন
ছুপাৰি কিলাৰ নাচিম উদ্দিন
ছুপাৰি কিলাৰ নাচিম উদ্দিন

পাৰ্টীৰ বাবে ভিনিহিয়েকে মুৰ্গী চাফা কৰি আছিল আৰু সেই সময়তে খুলশালী ইয়া হুছেইনে ছুপাৰি কিলাৰৰ সৈতে মিলি হত্যা কৰিছিল ভিনিহিয়েকক। ভিনিহিয়েকে পাবলগীয়া টকা আত্মসাত কৰাৰ বাবে খুলশালিয়েকে ছুপাৰি দিছিল নাচিম উদ্দিন নামৰ যুৱকজনক ৷ পিছে হত্যা কৰি টকা নোলোৱাকৈ আঁতৰি যায় ছুপাৰি কিলাৰজন ৷ পিছত মৃতদেহ বস্তাত ভৰাই মৃত গৰু পোৱালি বুলি কৈ ই-ৰিক্সা চালক জৱাহিৰি আলমক মাতি আনি ই-ৰিক্সাৰে পেলাই দিয়ে যমুনা নৈত৷

পৰৱৰ্তী সময়ত আজিমৰ দুচকীয়া বাহনখন ডবকাৰ কাঞ্চিবজাৰত উদ্ধাৰ হৈছিল। ৬ ফেব্ৰুৱাৰীত ডবকাৰ যমুনা নদীত বস্তাৰ ভিতৰ উদ্ধাৰ হৈছিল আজিম উদ্দিনৰ মৃতদেহ। আজিম উদ্দিনৰ হত্যাকাৰী ছুপাৰি কিলাৰ নাচিম উদ্দিনক ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ (Dabaka Police Arrest Supari Killer) কৰিছে যদিও মূল অভিযুক্ত খুলশালিয়েক ইয়া হুছেইন বৰ্তমানো পলাতক অৱস্থাত আছে।

Photo & Input: Batori24

লগতে পঢ়কঃ জানি থওক! ৰাতি শুবলৈ যোৱাৰ আগতে (Before Sleeping) কৰক এইকেইটা কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ! পিছে জানি লও আহক কি কি কাম?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -