28 C
Guwahati
Monday, May 20, 2024

Constituency Delimitation Assam: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ; খচৰা অনুসৰি জিলা ভিত্তিত বিধানসভা সমষ্টিৰ তালিকা, কোনখন জিলাত নতুন সমষ্টি সৃষ্টি আৰু কোন জিলাত সমষ্টি হ’ল নাইকিয়া?

Constituency Delimitation Assam: প্ৰস্তাৱিত সমষ্টিৰ তালিকাত বিধানসভা সমষ্টি ১২৬টা আৰু লোকসভা সমষ্টিও ১৪টাই থাকিব ৷

Must Read

Constituency Delimitation Assam: দেশৰ নিৰ্বাচন আয়োগে (Election Commission Of India) ২০০১ৰ লোকপিয়লৰ ভিত্তিত অসমৰ ১২৬টা বিধানসভা সমষ্টি (Legislative Constituency)

আৰু ১৪টা লোকসভা সমষ্টিৰ (Loksabha Constituency) সীমাৰ সালসলনি কৰি গঠন হ’বলগীয়া সমষ্টিৰ খচৰা প্ৰকাশ কৰিছে(Constituency Delimitation Assam)

প্ৰস্তাৱিত সমষ্টিৰ তালিকাত বিধানসভা সমষ্টি ১২৬টা আৰু লোকসভা সমষ্টিও ১৪টাই থাকিব ৷ কিন্তু সমষ্টিসমূহ গঠন কৰোঁতে কোনোবা জিলাত সমষ্টি হ্ৰাস পাইছে আৰু কোনোবা জিলাত হৈছে বৃদ্ধি (Constituency Delimitation Assam)

Constituency Delimitation Assam

প্ৰস্তাৱিত তালিকা অনুসৰি (Constituency Delimitation Assam)-

১. বৰাকৰ হাইলাকান্দি জিলাত ১টা সমষ্টি হ্ৰাস। আগতে ৩টা সমষ্টি থকা হাইলাকান্দিত বৰ্তমান ২টা সমষ্টিলৈ হ’ল হ্ৰাস। হাইলাকান্দিৰ পৰা নোহোৱা হ’ল কাটলিছেৰা বিধানসভা সমষ্টি(Constituency Delimitation Assam)

২. কৰিমগঞ্জত ১টা সমষ্টি হ্ৰাস ৷ ৫টা সমষ্টিৰ পৰা হ’ল ৪টালৈ৷ পাথাৰকান্দি সমষ্টি নাইকিয়া হ’ল জিলাখনত।

৩. দক্ষিণ শালমৰা আৰু ধুবুৰীত ১টা সমষ্টি হ্ৰাস৷ পূৰ্বে এই দুই জিলা মিলাই ৭টা সমষ্টি আছিল। কিন্তু নতুন মানচিত্ৰত ৬টা বিধানসভা সমষ্টি থাকিব।

৪. বৰপেটাত ২টা সমষ্টি হ্ৰাস। জিলাখনৰ সমষ্টিৰ সংখ্যা ৮টাৰ পৰা ৬টা সমষ্টিলৈ হ্ৰাস কৰা হৈছে ৷

৫. পশ্চিম কাৰ্বি আংলঙত বৃদ্ধি হ’ল ১টা সমষ্টি। পূৰ্বে ১টা সমষ্টি থকা এই জিলাখনত সন্নিবিষ্ট হ’ল আন এটা সমষ্টি। মুঠ হ’ল ২টা সমষ্টি।

৬. কোকৰাঝাৰত ২টা সমষ্টি বৃদ্ধি পালে ৷ ইয়াত ৩টাৰ ঠাইত ৫টা সমষ্টি কৰা হ’ল ৷

৭. কামৰূপ মহানগৰত ১টা সমষ্টি বৃদ্ধি কৰা হৈছে। জিলাখনত ৪টাৰ পৰা ৫টা সমষ্টি হৈছে।

৮. বাক্সাতো ১টা সমষ্টি বৃদ্ধি হৈছে ৷ জিলাখনত পূৰ্বতে ৩টা সমষ্টি আছিল, যি এতিয়া ৪টা হ’ল ৷

৯. ওদালগুৰিত ১টা সমষ্টি বৃদ্ধি ৷ ইয়াত ৩টাৰ পৰা ৪টা সমষ্টি কৰা হৈছে।

১০. দৰঙত ৪টা সমষ্টিৰ পৰা ৩লৈ হ্ৰাস পাইছে ৷

১১. নগাঁৱত ধিং সমষ্টি নাইকিয়া কৰি ৮টাৰ পৰা ৭টালৈ সমষ্টি হ্ৰাস কৰা হৈছে।

১২. শিৱসাগৰতো ১টা সমষ্টি হ্ৰাস পালে ৷ আমগুৰি হ্ৰাস হোৱাত ৪ৰ পৰা ৩লৈ হ্ৰাস হ’ল শিৱসাগৰত সমষ্টি ৷

১৩. লখিমপুৰত ১টা সমষ্টি বৃদ্ধি কৰা হৈছে। ৰঙানদীৰ সৃষ্টিৰে লখিমপুৰত ৪টা সমষ্টিৰ পৰা ৫টালৈ পাইছে বৃদ্ধি ৷

১৪. ধেমাজীতো বৃদ্ধি এটা সমষ্টি। চিচিবৰগাঁও সমষ্টি কৰা হৈছে সৃষ্টি। জিলাখনৰ সমষ্টি ২ৰ পৰা ৩লৈ বৃদ্ধি ৷

১৫. তিনিচুকীয়াৰ সমষ্টি পূৰ্বৰ ৫ৰ পৰা ৬খনলৈ বৃদ্ধি পাইছে ৷

১৬. ডিব্ৰুগড়ত ১টা সমষ্টি নাইকিয়া কৰি জিলাখনত সমষ্টিৰ সংখ্যা ৭ৰ পৰা ৬টা সমষ্টিলৈ হ্ৰাস কৰা হৈছে।

লগতে নতুনকৈ প্ৰকাশিত সমষ্টি পুননিৰ্ধাৰণৰ প্ৰথমটো খচৰা অনুসৰি জিলা ভিত্তিত বিধানসভা সমষ্টিৰ তালিকা প্ৰকাশ (Constituency Delimitation Assam)-

কোকৰাঝাৰত জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোসাইগাঁও, দতমা (ST), কোকৰাঝাৰ(ST)
বাওখুংগ্ৰি আৰু পৰ্বতঝৰা সমষ্টিৰ প্ৰস্তাৱ

ধুবুৰী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ আৰু বিলাসীপাৰা

দক্ষিণ শালমৰা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
দক্ষিণ শালমৰা

গোৱালপাৰা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
জলেশ্বৰ, গোৱালপাৰা(ST), গোৱালপাৰা পূব, দুধনৈ(ST)

বঙাইগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
অভয়াপুৰী, মানিকপুৰ, বঙাইগাঁও

চিৰাং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ছিদলি চিৰাং(ST), বিজনী

বৰপেটা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ভবানীপুৰ, মন্দিয়া, চেঙা, ৰূপসী
বৰপেটা(SC) আৰু বজালী

কামৰূপ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
চমৰীয়া, বকো(ST), পলাশবাৰী, হাজো(SC)
ৰঙিয়া, কমলপুৰ, দিছপুৰ, ডিমৰীয়া(SC)
নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, জালুকবাৰী

নলবাৰী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বৰক্ষেত্ৰী, নলবাৰী, টিহু

বাক্সা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোৱবৰ্ধনা, বাক্সা(ST), তামুলপুৰ(ST), গোৰেশ্বৰ

ওদালগুৰি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ভেৰগাঁও, ওদালগুৰি(ST), মাজবাট, টংলা

দৰং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও

মৰিগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
জাগীৰোড(SC), লাহৰীঘাট আৰু মৰিগাঁও

নগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বটদ্ৰৱা, ৰূপহীহাট, কলিয়াবৰ
চামগুৰি, বঢ়মপুৰ, নগাঁও, ৰহা(SC)
বিন্নাকান্দি, হোজাই আৰু লামডিং

শোণিতপুৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা ,চতিয়া, বিশ্বনাথ, বিহালী(SC), গহপুৰ

লখিমপুৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা(ST)

ধেমাজি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ধেমাজি(ST), চিচিবৰগাঁও, জোনাই(ST)

তিনিচুকীয়া জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা
ডিগবৈ, মাকুম, তিনিচুকীয়া

ডিব্ৰুগড় জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান
টিংখাং আৰু নাহৰকটীয়া

চৰাইদেউ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
সোণাৰি আৰু মাহমৰা

শিৱসাগৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ডিমৌ, শিৱসাগৰ আৰু নাজিৰা

মাজুলী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
মাজুলী(ST)

যোৰহাট জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
টীয়ক, যোৰহাট, মৰিয়নী, তিতাবৰ

গোলাঘাট জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোলাঘাট, দেৰগাঁও, বোকাখাট, খুমটাই, সৰুপথাৰ

কাৰ্বি আংলং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বোকাজান(ST), হাওৰাঘাট(ST), ডিফু(ST)
ৰংখাং(ST) আমৰি(ST)

ডিমা হাচাও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ডিমা হাচাও(ST)

কাছাৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
লক্ষীপুৰ, উদৰবন্দ, কাটিগড়া, বৰখলা
শিলচৰ, সোণাই আৰু নৰসিংপুৰ(ST)

হাইলাকান্দি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
হাইলাকান্দি আৰু আলগাপুৰ

কৰিমগঞ্জ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বদৰপুৰ, উত্তৰ কৰিমগঞ্জ
দক্ষিণ কৰিমগঞ্জ আৰু ৰাতাবাৰী(SC)

Photo: Batori24

লগতে পঢ়কঃ NamGhosha: গুৱাহাটী কমাৰ্চ কলেজৰ এক আজৱ সিদ্ধান্ত! নামভৰ্তিৰ সময়ত শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নামঘোষা ক্ৰয়! পিছে “নামঘোষা”খন ক্ৰয় কৰিলে ভৰিব লাগিব ৭০০ টকা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -