29 C
Guwahati
Sunday, May 19, 2024

Barpeta Moral Policing Case: ২ যুৱতীক অকথ্য শাৰীৰিক নিৰ্যাতন একাংশ লোকৰ; ৰাস্তাৰ মাজতে যুৱতী দুগৰাকীক চৰ-ঘোচা-গোৰ-লাঠীৰ কোব, ঘটনাটোক লৈ ১১জনক আটক, Videoটো চালে আপোনাৰো উঠিব খং!

Barpeta Moral Policing Case: পুনৰ ৰাজ্যত মৰেল পুলিচিঙৰ (Moral Policing Case) ঘটনা। এইবাৰ বৰপেটাৰোডত সংঘটিত হৈছে এক মৰেল পুলিচিঙৰ ঘটনা (Barpeta Moral Policing Case)

Must Read

Barpeta Moral Policing Case: পুনৰ ৰাজ্যত মৰেল পুলিচিঙৰ (Moral Policing Case) ঘটনা। এইবাৰ বৰপেটাৰোডত সংঘটিত হৈছে এক মৰেল পুলিচিঙৰ ঘটনা (Barpeta Moral Policing Case)৷ ঢাবাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। বৰপেটাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নদীৰ দলঙৰ সমীপত একাংশ লোকে দুগৰাকী যুৱতীক অকথ্য নিৰ্যাতন কৰে।

এখন ধাবাত অনৈতিক কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে যুৱতীকেইগৰাকীক ৰাইজে উপৰ্যুপৰি আক্ৰমণ কৰে (2 Women Were Assaulted By The Malefactors For Allegedly Carrying Out Immoral Acts Inside The Dhaba Premises)। জানিব পৰা অনুসৰি, ধাবাত অনৈতিক কার্যকলাপ সংঘটিত কৰাৰ বাবে যুৱতীকেইগৰাকীক ধাবাৰ পৰা উলিয়াই আনি গালি-গালাজ পৰাৰ লগতে প্রহাৰো কৰে (Barpeta Moral Policing Case)

যুৱতীদুগৰাকীক বাঁহেৰে মৰিয়াই, লঠিয়াই-গুৰিয়াই, চৰ-ঘোচাৰে অকথ্য নিৰ্যাতন চলোৱাৰ লগতে ধাবাখন ভাঙি চিঙি লণ্ডভণ্ড কৰে একাংশই (Brutal Assault On Two Young Women) ৷ আনকি ধাবাখনত থকা এজন গ্ৰাহককো মাৰপিট কৰে লোকসকলে ৷

অৱশ্যে কেইজননমান যুৱকৰ তৎপৰতাত কোনোমতে ৰক্ষা পৰে যুৱতীদুগৰাকী (Barpeta Moral Policing Case) ৷ পিছত যুৱতীদুগৰাকীক বৰপেটাৰোড আৰক্ষীক চমজাই দিয়া হয় ৷ যুৱতী দুগৰাকীৰ এগৰাকীৰ ঘৰ ৰঙিয়াত আৰু এগৰাকীৰ ঘৰ পাঠশালাত বুলি জানিব পৰা গৈছে ৷

ঘটনাটো পোহৰলৈ অহাৰ পিছতে ১১জন লোকক বৰপেটা আৰক্ষীয়ে আটক কৰে (Assam Police Have Detained 11 Persons Who Were Allegedly Involved In The Brutal Assault On Two Young Women)। ধৃত ছানিদুল ইছলাম, বিলাল হুছেইন, আমিৰ হুছেইন, আলমগিৰ আলী, আকাশ আলী, ছকিদুল হুছেইন, ছাদ্দাম হুছেইন, জহিদুল ইছলাম, আবুল হুছেইন, আব্দুল লতিফ আৰু ৰাজু আহমেদ।

Photo & Input: জ্ঞান ওঁজা

লগতে পঢ়কঃ 4 Foods Avoid At Night: ভুলতেও এই ৪ বিধ খাদ্য ৰাতি নাখাব! এইকেইবিধ খাদ্যই ৰাতি শৰীৰত বিহৰ দৰে কাম কৰে, পিছে জানো আহক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -