31 C
Guwahati
Thursday, May 16, 2024

Bajali Father Killed Child: ইয়াতকৈ নৃশংস আৰু একো নাই! ১১ দিনীয়া “কন্যা” সন্তানক ৪ লাখত বিক্ৰীৰ চেষ্টা পাষাণ পিতৃৰ; তাৰ পিছত বিক্ৰী কৰিব নোৱাৰাত কৰিলে হত্যা…

Bajali Father Killed Child In Assam: হেৰাই যাবলৈ ধৰিছে মানুহৰ মানৱীয় চিন্তা চেতনা। বিলুপ্ত হ'বলৈ আৰম্ভ কৰিছে আত্মিক সম্পৰ্কৰ বান্ধোন

Must Read

Bajali Father Killed Child In Assam: হেৰাই যাবলৈ ধৰিছে মানুহৰ মানৱীয় চিন্তা চেতনা। বিলুপ্ত হ’বলৈ আৰম্ভ কৰিছে আত্মিক সম্পৰ্কৰ বান্ধোন। যাৰ পৰিণতিত সংঘটিত হ’বলৈ ধৰিছে এটাৰ পিছত আন এটা জঘন্য ঘটনা।

বজালীৰ (Bajali) ডুবি মালিপাৰাত (Dubi Malipara) সংঘটিত হৈছে এক অমানৱীয়, ভয়ংকৰ তথা নৃশংস ঘটনা (Horrific Incident)

পাষাণ পিতৃয়ে নিজ কন্যা সন্তানক বিক্ৰী কৰিব নোৱাৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে (Murder Case)। পিতৃয়ে প্ৰথমে নিজৰ ১১ দিনীয়া কন্যা শিশুটিক ৪ লাখ টকাত বিক্ৰী কৰাৰ যো-জা কৰিছিল (11 Days Old Killed By Father)। অভিযুক্ত পিতৃৰ নাম নিৰঞ্জন মালাকাৰ।

এই পৰিকল্পনা পৰিয়ালৰ আন লোকসকলে জানিব পৰাত পিতৃয়ে বিক্ৰী কৰিবলৈ বিফল হয় সন্তানক (Bajali Father Killed Child)। অৱশেষত বিক্ৰী কৰিব নোৱাৰাৰ ফলত ৪ লাখ টকা নোপোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ দেৱশিশুটিক হত্যা কৰি গাঁতত পুতি থোৱাৰ অভিযোগ নিৰঞ্জন মালাকাৰৰ বিৰুদ্ধে (Father Buried 11 Days Daughter)

নিৰঞ্জন মালাকৰ বজালী বিকলাংগ সমিতিৰ সভাপতি বুলি উল্লেখ কৰে স্থানীয় ৰাইজে।

ইফালে এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয়গৈ স্থানীয় পাঠশালাৰ আৰক্ষী (Pathsala Police)। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত আটক কৰিব পৰা নাই নিৰঞ্জন মালাকাৰ নামৰ পাষাণ পিতৃক।

পলাতক অৱস্থাত থকা নিৰঞ্জন মালাকাৰক শীঘ্ৰেই কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দি এনে অপৰাধ যাতে দ্বিতীয়বাৰলৈ আন কোনেও সংঘটিত কৰিব নোৱাৰে তাৰ বাবে দাবী জনাইছে অঞ্চলবাসীয়ে (Bajali Father Killed Child)

ইফালে স্বগৃহৰ পৰা প্ৰায় ১ কিলোমিটাৰ আঁতৰত থকা বিসন্নলা জানৰ এজোপা গছৰ তলত পুতি থোৱা অৱস্থাৰ পৰা দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা হৈছে শিশুটিৰ মৃতদেহ (Bajali Father Killed Child)

ইয়াৰোপৰি সমগ্ৰ ঘটনাৰ বিষয়ে সোধা-পোছা কৰিবলৈ ২জন লোককো আটক কৰিছে আৰক্ষীয়ে (2 Person Detained)। তাৎপৰ্যপূৰ্ণভাৱে এই ঘটনাৰে নাম সাঙোৰ খাই পৰিছে পাঠশালাৰ এগৰাকী জ্যেষ্ঠ চিকিৎকৰ নাম।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Photo: Google

লগতে পঢ়কঃ Decriminalizing Teenage Sex: ‘১৬ বছৰতকৈ অধিক বয়সৰ ছোৱালীৰ সন্মতিত হোৱা “যৌন সম্পৰ্ক”ক ধৰ্ষণ বুলি ক’ব নোৱাৰি’- এই আবেদনত Supreme Court-এ চৰকাৰৰ পৰা বিচাৰিছে মতামত

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -