32 C
Guwahati
Saturday, May 18, 2024

Assam CM On Bohag Bihu: ”১ জেঠৰ পৰা কোনেও বিহু পাতিব নোৱাৰে; ঘৰত খাওক কিন্তু মদ খাই বিহু পেণ্ডেলত নোসোমাব, মদ খোৱাত আমি বাধা নিদিওঁ, দোকান আমিয়ে দিছো”- বিহুক লৈ নতুন নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Assam CM On Bohag Bihu: বিহু পেণ্ডেলৰ পৰা ২০০ৰ পৰা ৫০০ মিটাৰ আঁতৰত মদ খাব নোৱাৰিব। মদ খাই সোমাব নোৱাৰিব। ঘৰত মদ খাওক, ক’বলগা একো নাই, কিন্তু মদ খাই ঢলং-পলংকৈ মঞ্চত উঠিলে বেয়া দেখি। আজি কলাক্ষেত্ৰত বিহু কমিটীক সাহায্য বিতৰণ অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)।

Must Read

Assam CM On Bohag Bihu: বিহুক (Bohag Bihu) লৈ এইবাৰ নতুন নিৰ্দেশনা অসম চৰকাৰৰ (Assam Govt)। ১ জেঠৰ পৰা কোনেও পাতিব নোৱাৰিব বিহু। এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma On Bohag Bihu)। পহিলা জেঠৰ পিছত বিহু পাতিবলৈ প্ৰশাসনে অনুমতি প্ৰদান নকৰিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৱশ্যে আন সাংস্কৃতিক অনুষ্ঠান পাতক কিন্তু বিহু পাতিবলৈ প্ৰশাসনে অনুমতি নিদিয়ে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
তেওঁ কয় যে ৩১ ব’হাগৰ পূৰ্বেই বিহু পাতিব লাগিব। অন্যথা তাৰ পিছত বিহুৰ বাবে অনুমতি প্ৰদান কৰা নহয়।
জেঠত বিহু পাতিলে অনা-অসমীয়াৰ মাজত অসমীয়াৰ ভাৱমূৰ্তি বেয়া হয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM On Bohag Bihu)। জেঠত পতা বিহুক অনুমতি নিদিবলৈ ইতিমধ্যে জিলা উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে বুলিও জনায় মুখ্যমন্ত্ৰীয়ে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিহু পেণ্ডেলৰ পৰা ২০০ৰ পৰা ৫০০ মিটাৰ আঁতৰত মদ খাব নোৱাৰিব। মদ খাই সোমাব নোৱাৰিব। ঘৰত মদ খাওক, ক’বলগা একো নাই, কিন্তু মদ খাই ঢলং-পলংকৈ মঞ্চত উঠিলে বেয়া দেখি। আজি কলাক্ষেত্ৰত (Srimanta Sankaradeva Kalakshetra) বিহু কমিটীক সাহায্য বিতৰণ অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Assam CM On Bohag Bihu)

মুখ্যমন্ত্ৰীয়ে কয়, মদ খোৱাত আমি বাধা নিদিওঁ, দোকান আমিয়ে দিছো। কিন্তু মদ খোৱাৰ পৰা বিহু কমিটীৰ লোকসকল আঁতৰি থাকিব লাগিব। বিহু শিৰত লৈ থাকিব, গতিকে সেইকেইদিন ইয়াৰ পৰা আঁতৰি থাকক সকলো।

ইফালে হুঁচৰি গোৱাক লৈও মন্তব্য প্ৰদান কৰি কয় যে- কমিটীসমূহে টকা-পইচা নোলোৱাকৈ হুঁচৰি গোৱাৰ ব্যৱস্থা কৰক। কমেও ৫০ঘৰ মানুহৰ ঘৰলৈ গৈ হুঁচৰি গোৱাৰ ব্যৱস্থা কৰক, তেতিয়া নিজেই পৰিয়াল বিলাকে মৰম দিব। অহা বছৰৰ পৰা ৰাজ্য চৰকাৰৰ নেতৃত্বত প্ৰতীকী ৰূপত সাত বিহু অনুষ্ঠিত কৰা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM On Bohag Bihu)

Photo: Google

লগতে পঢ়কঃ Assam Tragic Story! মাকৰ ‘চূৰ্ণী’খনেই কাল হ’ল কণমানি পুত্ৰৰ বাবেই; স্কুললৈ যাব ওলোৱাৰ সময়তে ঘটে এক কৰুণ ঘটনা, এতিয়া পুত্ৰৰ মৃতদেহ বুকুত লৈ হিয়া ঢাকুৰি কান্দোন মাতৃৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -