Tripura Rath Yatra Tragedy: বুধবাৰে বিয়লি ত্ৰিপুৰাৰ উনাকোটি জিলাৰ কুমাৰঘাটত (Tripura’s Unakoti District) সংঘটিত হয় এক ভয়ংকৰ তথা কৰুণ ঘটনা (Horrific Inicident)।
বিশেষভাৱে নিৰ্মিত এখন ৰথত উঠি ৰথযাত্ৰা কৰি থকা সময়তে হঠাতে মৃত্যুমুখত পৰে প্ৰায় ৭জন লোক। স্থানীয় লোকে জনোৱা মতে, এই মৰ্মান্তিক দুৰ্ঘটনাত কমেও ৯জন লোকৰ মৃত্যু হৈছে। আহত হৈছে ১৫গৰাকী (7 People Died And 16 Others Sustained Injuries After Being Electrocuted During The Ulta Rath Yatra)।
জানিবলৈ দিয়া অনুসৰি, জগন্নাথ প্ৰভুৰ উল্টা ৰথযাত্ৰা উৎসৱত ব্যৱহাৰ কৰা ৰথখনৰ এটা লোহাৰ অংশ হঠাতে পথৰ ওপৰত থকা বিদ্যুতৰ তাঁৰত লাগে (Tripura Rath Yatra Tragedy)।
তাৰ কিছু সময়ৰ পিছতে বহু কেইজন লোক বিদ্যুৎস্পৃষ্ট (Electrocuted) হৈ কৰুণ মৃত্যুক (Tragic Died) সাৱটি লয়। সকলোৰে সন্মুখত ঘটে এই ঘটনা। দৃশ্য ইমানেই ভয়ংকৰ আছিল যে বিদ্যুৎস্পৃষ্ট হোৱাৰ পিছত জ্বলি উঠে জুই।
লোমহৰ্ষক এই ঘটনাৰ পৰা ৰথৰ ৰছী টানি বহু লোক বিদ্যুৎস্পৃষ্ট হোৱাৰ পৰা ৰক্ষা পৰে যদিও ৰথত উঠি থকাসকলৰ প্ৰায়ভাগে প্ৰাণ হেৰুৱায় (Tripura Rath Yatra Tragedy)।
ইফালে এই শোকাৱহ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ (4 Lakh Compensation) দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
লগতে এই ঘটনাত ৬০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হোৱা লোকসকলক ২.৫০ লাখ টকা সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।
তদুপৰি ৪০ ৰ পৰা ৬০ শতাংশৰ ভিতৰত অগ্নিদগ্ধ হোৱা চিকিৎসাধীন লোকসকলক ৭৪ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ’ব।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাণিক সাহাই (Tripur Chief Minister Manik Saha) এই শোকাৱহ ঘটনাত শোক প্ৰকাশ কৰি তাৎক্ষণিকভাৱে এই ক্ষতিপূৰণ তথা সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰে।
উল্লেখ্য যে, এই মৰ্মান্তিক ঘটনাত আন ১৬ গৰাকী ব্যক্তি গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল। এই শোকাৱহ ঘটনাই (Tragic Incident) ৰাজ্যজুৰি এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছিল।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্রী ড০ সাহাই (Chief Minister Manik Saha) তৎক্ষণাত ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যক্তিগতভাৱে পৰিস্থিতিৰ মূল্যায়ন কৰে।
My heartfelt thanks & gratitude to Hon’ble PM Shri @narendramodi Ji for declaring Rs. 2 Lakh for the deceased from PMNRF and Rs 50,000 for the injured persons. https://t.co/4sA78Lfnj6 pic.twitter.com/bl0Im3Zk7Y
— Prof.(Dr.) Manik Saha (@DrManikSaha2) June 28, 2023
তেওঁ এই ঘটনাত শোক প্ৰকাশ কৰি ঘটনাক কল্পনাতীত আখ্যা দিয়ে আৰু ত্ৰিপুৰাৰ ইতিহাসত এনে দুৰ্ভাগ্যজনক ঘটনা কেতিয়াও সংঘটিত হোৱা নাই বুলি মন্তব্য কৰে।
Inspected the place of occurrence at Kumarghat where the tragedy during Ulta Rath occurred claiming seven lives & leaving 16 devotees injured today.
Met the injured persons who are undergoing treatment in hospitals & inquired about their health condition.
The state government… pic.twitter.com/rliUj7QRlR
— Prof.(Dr.) Manik Saha (@DrManikSaha2) June 28, 2023
তেওঁ লগতে ফাতিক্ৰয় আৰু কুমাৰঘাট চিকিৎসালয় পৰিদৰ্শন কৰি আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰে।
ইফালে এই দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও (PM Narendra Modi) শোক প্ৰকাশ কৰি নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF)ৰ পৰা এক্স গ্ৰেচিয়া ঘোষণা (Rs. 2 lakh Ex-Gratia From PMNRF) কৰিছে। এক টুইট যোগে প্ৰধান কাৰ্যালয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জনাই আহতসকলৰ তৎকালীন আৰোগ্য কামনা কৰে।
এই মর্মান্তিক দুর্ঘটনায় হারিয়ে যাওয়া প্রাণগুলোকে ফিরিয়ে আনা অসম্ভব কিন্তু, আগামীতে যেনো কোনোভাবেই কোথাও এধরণের হৃদয় বিদারক পরিস্থিতি না হয় তার জন্য সর্বোতভাবে সচেষ্ট থাকবে রাজ্য সরকার।
আমি ঘটনাস্থলে পৌঁছে সত্যিই মর্মাহত, যাবতীয় বিষয়ে সরকার তদন্ত করবে। তবে এধরণের কোনো… pic.twitter.com/ripGAEqflo
— Prof.(Dr.) Manik Saha (@DrManikSaha2) June 29, 2023
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটটোত লগতে প্ৰতিগৰাকী মৃতকৰ পৰিয়ালক ২ লাখ এক্স গ্ৰেচিয়া প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে (Tripura Rath Yatra Tragedy)। লগতে এই দুৰ্ঘটনাত আহতসকলৰ বাবে ৫০ হাজাৰ টকা সাহায্য ঘোষণা কৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে।
Rs. 2 lakh ex-gratia from PMNRF would be given to the next of kin of each deceased and Rs. 50,000 would be given to those injured in the mishap in Tripura: PM @narendramodi
— PMO India (@PMOIndia) June 28, 2023
Photo: Google