Assam Police Property list: খাকী পোছাক পৰিধান কৰি কিমান ধন ঘটিলে? ইয়াৰ সকলো তথ্যৰ নিৰ্দেশ গৃহ বিভাগৰ (Home Department)।
অসম আৰক্ষীৰ (Assam Police) প্ৰতিগৰাকী আৰক্ষীৰ বিষয়াৰ পৰা সম্পত্তিৰ তালিকা বিচাৰিছে গৃহ বিভাগে।
সেয়া লাগিলে SP হওক, DSP হওক, SI হওক, ADSP হওক বা DGP হওক প্ৰতিটো পদৰ বিষয়াৰ পৰা গৃহ বিভাগে বিচাৰিছে সম্পত্তিৰ তালিকা (Assam Police Property list)। কিন্তু বিভাগৰ এই নিৰ্দেশনাৰ পিছতো এচাম আৰক্ষী বিষয়াই দাখিল কৰা নাই সম্পত্তিৰ তথ্য।
সৰ্বমুঠ ৩০০ গৰাকী আৰক্ষী বিষয়াই দাখিল কৰা নাই সম্পত্তিৰ তালিকা। আয়ৰ উৎস আৰু সম্পত্তিৰ হিচাপ এইপৰ্যন্ত দাখিল কৰা নাই একাংশ আৰক্ষী বিষয়াই। কিন্তু কিহৰ ভয়ত এতিয়ালৈ ৩ শতাধিক আৰক্ষী বিষয়াই এতিয়াও চৰকাৰক দিয়া নাই সম্পত্তিৰ তথ্য (Assam Police Property list)?
আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তিৰ হিচাপ ওলাই পৰাৰ ভয়তে দিয়া নাই নেকি একাংশ আৰক্ষী বিষয়াই সম্পত্তিৰ হিচাপ? কাৰণ যদি সম্পত্তিখিনিৰ হিচাপ বিষয়াসকলে দিব নোৱাৰে তেন্তে এই সম্পত্তি অবৈধভাৱে গঢ়া বুলি বাজেয়াপ্ত কৰা হ’ব।
ইয়াৰ লগতে সম্পত্তিৰ হিচাপ দাখিল নকৰা ৩০০ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত আছে SI জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে সাঙোৰ খোৱা ৩ গৰাকী আৰক্ষী বিষয়াৰ নামো।
সম্পত্তি হিচাপ দাখিল নকৰাৰ তালিকাত সন্নৱিষ্ট আৰক্ষী অধীক্ষক লীনা দলে (Leena Dole), বিতৰ্কিত আৰক্ষী বিষয়া অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা (Rupjyoti Kalita), অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ (Runa Neog), আৰু কুমাৰ সঞ্জীৱ কৃষ্ণৰো নাম। তালিকাত আছে একাধিক উচ্চ পদস্থ আৰক্ষী বিষয়াৰো নাম।
গতিকে এই প্ৰশ্নটো উত্থাপন হৈছে যে এইসকল আৰক্ষী বিষয়াই নিজৰ সম্পত্তিৰ তালিকা দাখিল নকৰাৰ আঁৰত দুৰ্নীতি সোমাই থকা নাইতো (Assam Police Property list)। কিহৰ বাবে গৃহ বিভাগৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ পালন কৰিবলৈ ভয় খাইছে এইসকল আৰক্ষী বিষয়াই? এয়াও এক ডাঙৰ প্ৰশ্ন?
Photo: Google