মৈদামসমূহ হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা।
মৈদামসমূহ হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা।
মৈদাম প্ৰথাৰে সৎকাৰ কৰা মৃতকৰ সমাধিকো মৈদাম বোলে।
আহোম ৰাজপৰিয়ালৰ লোকসকলক আৰু বিষয়ববীয়াসকলকো মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল।
চৰাইদেউত আহোম যুগৰ ১৫০ টাৰো অধিক মৈদাম দেখিবলৈ পোৱা যায়।
৩০ টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।
যোৰহাটত শেষ আহোম ৰজা পুৰন্দৰ সিংহ আৰু শৰাইঘাটৰ যুদ্ধৰ মূল অসমীয়া সেনাপতি লাচিত বৰফুকনৰ মৈদাম আছে।
চৰাইদেউ বা চে-ৰাই-ডয় (আহোম ভাষা)ৰ অৰ্থ পাহাৰত জিলিকি থকা চহৰ।
মৈদাম প্ৰথাত মৃতদেহক স্নান কৰাই ৰুংডাং, অৰ্থাৎ কাঠেৰে সজা এটা বিশেষধৰণৰ পেৰাৰ ভিতৰত সুমুৱাই ৰখা হয়।
ৰুংডাং পোতা ঠাইত এটা ঘৰ তৈয়াৰ কৰা হয়।
ইয়াক ৰুংডাং কাৰেং বোলে।
ইয়াৰ ভিতৰত মৃতকে জীৱিতকালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ যেনে চালপীৰা, হেংদাং, শৰাই, কটাৰী, চূণৰ টেমী আদি, ৰখা হয়।
শেষত ইয়াক আগুৰি মাটিৰ এক অনুচ্চ দৌল সজা হয়।
এই দৌলটোৰ ওপৰভাগক চাও চালি বোলা হয়।
এই মৈদামসমূহ চাব কাৰণে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰা দেখা যায়।