26 C
Guwahati
Thursday, September 21, 2023

ৰাহুল গান্ধীৰ জীৱনৰ কিছু অজ্ঞাত কথা

Must Read

খুব সহজতেই তেওঁক পাপ্পু বুলি ঠাট্টা কৰা হয়। বিজেপিৰ আই টি চেলে সমগ্ৰ ভাৰততে তেওঁক পাপ্পু বুলি এটা বিশেষ image নিৰ্মাণ কৰি পেলাইছে। অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতাল দৰে এগৰাকী স‍ংস্কৃতিৰ লগত জড়িত নেতৃয়েও বিতৰ্কৰ সূচনা কৰিছিল।

ভাৰতৰ ভাৱী প্ৰধানমন্ত্ৰী হিচাপে লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাহুল গান্ধীৰ কথা মানুহে ভাবিছিল। যিমানেই পাপ্পু নকওঁক বিজেপিৰ বাবেও প্ৰথম আৰু প্ৰধান মুৰৰ কামোৰ হ’ল ৰাহুল গান্ধী। কিয়নো ৰাহুল গান্ধীৰ সৈতে যুক্ত আছিল ৭০ বছৰৰ ইতিহাস। জৱাহৰলাল নেহৰুৰ আজোনাতি ইন্দিৰা গান্ধীৰ নাতি ৰাজীৱ গান্ধীৰ পুত্ৰ হিচাপে তেওঁ ভাৰতৰ যুৱৰাজ হিচাপে পৰিচিত হৈ পৰিছিল। ৰাজতন্ত্ৰৰ মানসিকতাৰ উৎকৃষ্ট উদাহৰণ। এই গান্ধী পৰিয়ালটোৰ আছে লাখ-লাখ ভক্ত। আছে বিশাল সম্পত্তি। সেয়েহে বিজেপিয়ে ৰাহুল গান্ধীক ওলাই কৰিব নোৱাৰে। লাহে লাহে ৰাজনৈতিক প্ৰেক্ষাপটত পৰিপক্ক হৈ পৰিল ৰাহুল গান্ধী। এক শক্তিশালী কণ্ঠৰ অধিকাৰী হৈ পৰিছে ৰাহুল গান্ধী।

যিমানেই ক্ষমতালোভী নহওঁক কিয় ইমান কম বয়সতে ভাৰতত দুবাৰকৈ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ তেওঁ লাভ কৰিছিল। কিন্তু তেওঁ পৰৱৰ্তী সময়ত মনমোহন সিঙক প্ৰধানমন্ত্ৰী হোৱাৰ বাট মোকলাই দিছিল।

ৰাহুল গান্ধীৰ জীৱনৰ কিছু নজনা কথা

১৯৭০ চনত জুন মাহত ৰাহুল গান্ধীৰ জন্ম হয়। দিল্লীৰ মডেল স্কুলত তেওঁ স্কুলীয়া শিক্ষাৰ পাতনি মেলিছিল। কিন্তু লাহে লাহে ৰাহুলৰ জীৱনলৈ নামি আহিছিল সংশয়। ৰাহুলে বিদ্যালয় এৰি ঘৰতেই পঢ়া-শুনা কৰিছিল। ২০০২ চনত ৰাহুল গান্ধী মুম্বাইলৈ ওভতি আহে, সেই সময়ত কিন্তু ৰাহুল গান্ধীৰ ৰাজনীতিৰ প্ৰতি তিলমানো আগ্ৰহ নাছিল। ৰাহুল আছিল অতি লাজকুৰীয়া স্বভাৱৰ। তেওঁ আছিল ক্ৰিকেট প্ৰেমী, ভ্ৰমণ পিপাসু, আনহাতে ৰাহুল গান্ধীয়ে নিয়মিত ভাৱে শৰীৰ চৰ্চাও কৰিছিল।
ৰাহুল এগৰাকী Certified health instructor, মাৰ্চিয়েল আৰ্টটো ব্লেকবেল্ট আছিল তেওঁ।
ৰাহুল গান্ধীয়ে কি খায় ভাল পায় আপুনি জানেনে? ৰাহুল গান্ধীয়ে প্ৰতিদিনে প্ৰায় ১০ টাকৈ icecream খায়। আনকি দেশৰ সংকট কালতো ৰাহুল গান্ধীয়ে বিদেশ ভ্ৰমণলৈ গৈছিল। ২০১৫-১৯ চনৰ ভিতৰত তেওঁ ২৪৪ বাৰ বিদেশ ভ্ৰমণ কৰিছিল।

ৰাহুল গান্ধীয়ে বিয়া পাতিবনে? কাৰ প্ৰেমত পৰিছে ৰাহুল গান্ধী?

মহম্মদ জাহিৰ শ্বাহৰ নাতিনী নুৱাল জাহাৰৰ সৈতে প্ৰেমত আৱদ্ধ হৈছিল ৰাহুল গান্ধী। জাহিৰ শ্বাহ হ’ল আফগানিস্তানৰ ৰজা। তেওঁৰ জীয়ৰী তথা আফগানিস্তানৰ ৰাজকুমাৰী নুৱালৰ জন্ম হৈছিল ১৯৮০ চনত। নুৱালে চুনিয়া গান্ধীক সন্তুষ্ট কৰিবলৈ ধৰ্মান্তৰিত কৰিছিল ইছলামৰ পৰা খ্ৰীষ্টানলৈ তথাপিও চুনীয়া গান্ধীয়ে ৰাজনৈতিক স্বাৰ্থত এগৰাকী ইছলাম ছোৱালীক বোৱাৰী কৰিবলৈ প্ৰস্তুত নহয়। কিয়নো ইছলাম ধৰ্মৰ ছোৱালী বোৱাৰী কৰিলে তেওঁলোকে মুছলিম ভোট নিশ্চয় পাব, কিন্তু হিন্দু ভোটৰ পৰা হাত সাৰিব লাগিব। যাৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হ’লহেতেন। এই কাৰণবশতঃ ৰাহুল গান্ধী আৰু নুৱালৰ বিবাহত আউল লাগিল।

Watch our Video https://fb.watch/bNaGtJx5bv/

এতিয়া কও ৰাহুল গান্ধীৰ দ্বিতীয়টো প্ৰেম সম্পৰ্কে , ১৯৯০ চনত ৰাহুল গান্ধীৰ ভেৰুনিকা কাৰ্টিলি নামৰ এগৰাকী বিদেশী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। তাৰ পিছত ১৯৯৯ চনত বাৰ্মিমগমত অনুষ্ঠিত হোৱা ভাৰত ইংলেণ্ডৰ মাজত হোৱা ক্ৰিকেট খেলত দুয়োকে একেলগে দেখা পোৱা গৈছিল। উক্ত বৰ্ষটোতে ৰাহুল আৰু ভেৰুনিকাক আন্দামানত দেখা গৈছিল একাংশ সংবাদ মাধ্যমত। ২০০৪ চনত ইণ্ডিয়ান এক্সপ্ৰেছত ৰাহুলে এটা সাক্ষাৎকাৰত কয় যে তেওঁৰ প্ৰেয়সীৰ নাম ভেৰুনিকা। কিন্তু ২০০৪ বৰ্ষৰ শেষাৰ্ধৰ ফালে ৰাহুল গান্ধী বা তেওঁৰ পৰিয়ালৰ কোনোৱেই ভেৰুনিকাৰ নাম উল্লেখ নকৰিলে। সম্ভৱতঃ তাৰ পিছতেই ৰাহুল গান্ধী আৰু ভেৰুনিকাৰ প্ৰেমৰ সম্পৰ্কৰ ইতি পৰিল।

- Advertisement -
- Advertisement -

Latest News

Manipuri Film Actor Soma Laishram bans from acting in film and attending social function for 3 years

KANGLEIPAK KANBA LUP (KKL) Banned Soma Laishram from Acting in Films and Social function for three years for participating...
- Advertisement -

More Articles Like This

- Advertisement -