18 C
Guwahati
Sunday, December 10, 2023

২১ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ ৰাশি অনুযায়ী সপ্তাহটোৰ ভাগ্যফল

Must Read

২১ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ ৰাশি অনুযায়ী সপ্তাহটোৰ ভাগ্যফল

১২ টা ৰাশিৰ ভাগ্যফল

মেষ ৰাশি– আপুনি এই সপ্তাহটোত যিকোনো শাৰীৰিক ভাৱে কষ্ট কৰিবলগীয়া কাম কৰাৰ পৰা বিৰত থাকক। ঘৰুৱা দিশত ঘৰৰ সদস্য সকলৰ সৈতে বাৰ্তালাপ কৰোতে সাৱধান হওঁক। প্ৰেমত শুভ। স্বাস্থ্যৰ দিশত মধ্যমফলদায়ক

 

বৃষৰাশি– বৃষ ৰাশিৰ অধিপতি সকলে এই সপ্তাহটোত বহুদিনীয়া মানসিক যন্ত্ৰণাৰ পৰা আৰোগ্য লাভ কৰিব। ঘৰুৱা দিশত শুভ। প্ৰেমৰ দিশত মধ্যমফলদায়ক। স্বাস্থ্যৰ দিশত মুৰৰ বিষ আদি হোৱাৰ আশংকা দেখা যায়।

মিথুন ৰাশি– আপুনি এই6 সপ্তাহটোত সুখ তথা আনন্দৰে কটাবলৈ সক্ষম হ’ব যদিও মাজে-সময়ে বাধাৰ সন্মুখীনো হ’ব পাৰে। প্ৰেমৰ দিশত প্ৰেমাস্পদক উচিত সন্মান দিবলৈ যত্ন কৰিলে উপকৃত হ’ব। স্বাস্থ্যৰ দিশত ককালৰ বিষ,ভৰিৰ বিষ আদি হ’ব।

কৰ্কট ৰাশি– আপোনাৰ উক্ত সপ্তাহটোত আয়তকৈ ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব। ঘৰুৱা দিশত নতুন সম্পদৰ আগমণ ঘটাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত মধ্যমফলদায়ক।

সিংহ ৰাশি– সি‍ংহ ৰাশিৰ অধিপতি সকলে উক্ত সপ্তাহটোত কোনো ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰোতে সাৱধান হওঁক। ঘৰুৱা দিশত গতানুগতিকতা অব্যাহত থাকিব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব পাৰিব। স্বাস্থ্যৰ দিশত যত্নবান হওঁক।

কন্যা ৰাশি– কন্যা ৰাশিৰ জাতক জাতিকা সকলে এই সপ্তাহটোত অত্যধিক কষ্টৰ সন্মুখীন হ’ব যদিও সফলতাও অৰ্জন কৰিবলৈ সক্ষম হ’ব। ঘৰুৱা দিশত ঘৰত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন হ’ব। প্ৰেমৰ দিশত অধিক ৰোমান্টিক দেখা যাব। স্বাস্থ্যৰ দিশত শুভ।

তুলা ৰাশি– এই সপ্তাহটোত আপুনি আপোনাৰ প্ৰিয়জনক অত্যধিক সময় দিবলৈ যত্ন4 কৰা উচিত। ঘৰুৱা দিশত মধ্যমফলদায়ক। প্ৰেমৰ দিশত উত্তম। স্বাস্থ্যৰ দিশত অধিক পৰিমাণৰ জল গ্ৰহণ কৰিলে উপকৃত হ’ব।

বৃশ্চিক ৰাশি– বৃশ্চিক ৰাশিৰ জাতক- জাতিকাসকলে ব্যৱসায়ৰ দিশত এই সপ্তাহটোত অধিক লাভৰ সন্মুখীন হ’ব। ঘৰুৱা দিশত উখল মাখল পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ এই সপ্তাহটোত খৰচৰ মাত্ৰা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত মধ্যমফলদায়ক।

ধনুৰাশি– আপুনি এই সপ্তাহটোত ধনাত্মক চিন্তাৰ গৰাকী হৈ কৰ্ম সম্পাদন কৰিলে যথেষ্ট লাভান্বিত হ’ব।
ঘৰুৱা দিশত ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যৰ সামান্য অৱনতি ঘটিব পাৰে। প্ৰেমৰ দিশত উত্তম। স্বাস্থ্যৰ দিশত শুভ যদিও সপ্তাহটোৰ মাজে-মধ্যে মানসিক অশান্তিতো ভূগিব।

মকৰ ৰাশি– মকৰ ৰাশিৰ অধিপতি সকল উক্ত সপ্তাহটোত কৰ্মক্ষেত্ৰত আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে উচ্চ পদস্থ বিষয়াই আপোনাক প্ৰশংসা কৰিব। ঘৰুৱা দিশত পিতৃ-মাতৃৰ পৰা সহযোগ লাভ কৰিবলৈ সক্ষম হ’ব। প্ৰেমৰ দিশত মধুৰতাই বিৰাজ কৰিব।

কুম্ভ ৰাশি– কুম্ভ ৰাশিৰ ছাত্ৰ-ছাত্ৰী সকলে এই সপ্তাহটোত বহুদিনীয়া কষ্টৰ ফল লাভ কৰিব। ঘৰুৱা দিশত জেষ্ঠ ভাতৃৰ লগত মতানৈক্যতা আহিব পাৰে। প্ৰেমৰ দিশত আপোনাক এই সপ্তাহটোত অধিক ৰোমান্টিক হোৱা পৰিলক্ষিত হ’ব। স্বাস্থ্যৰ দিশত হোটেল-ৰেষ্টুৰেণ্ট আদি ৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক।

মীন ৰাশি– এই ৰাশিৰ অধিকাৰী সকলে উক্ত সপ্তাহটোত কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব তথা পদোন্নতি হোৱাৰো যুগ দেখা যায়। ঘৰুৱা দিশত ধনাত্মক পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ দিশত আপুনি এই সপ্তাহটোত অকলশৰীয়া অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ দিশত মধ্যমফলদায়ক।

- Advertisement -
- Advertisement -

Latest News

ISL : Mumbai City Announces Petr Kratky as new head coach

Mumbai City FC, one of the prominent football clubs in India, has announced the appointment of Petr Kratky as...
- Advertisement -

More Articles Like This

- Advertisement -