ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলত দেশত বাঢ়িছে মুদ্ৰাস্ফীতি
মূল্যবৃদ্ধিয়ে দেশবাসীক মাধমাৰ সোধাৱাৰ সময়তে দেশত বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি হাৰ। দৈনিক হাৰত বৃদ্ধি পাইছে বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ মূল্য।
ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা অনুসৰি, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলশ্ৰুতিত দেশত মুদ্ৰাস্ফীতিৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। এছ বি আইৰ এক বিশেষ গৱেষণাৰ অনুসৰি বিশ্বৰ তৃতীয় যুদ্ধৰ ফলত দেশত ৫৯ শতাংশলৈ বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য।
এছ বি আইৰ প্ৰতিবেদন অনুসৰি দেশত মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই। প্ৰতিবেদন অনুসৰি চহৰ অঞ্চলতকৈ গ্ৰামাঞ্চলত অত্যধিক হাৰত বৃদ্ধি পাইছে বিভিন্ন সা-সামগ্ৰীৰ মূল্য।