30 C
Guwahati
Friday, May 17, 2024

২০৩০ চনলৈ দুৰ্ভিক্ষ হ’ব ৭.৪ নিযুত ভাৰতীয়, কিন্তু কিয়! পঢ়ক এই প্ৰতিবেদন

Must Read

২০৩০ চনলৈ দুৰ্ভিক্ষ হ’ব ৭.৪ নিযুত ভাৰতীয় । কিন্তু কিয়! পঢ়ক এই প্ৰতিবেদন

বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে কোঙা কৰি তুলিছে জনজীৱন । মানুহৰ অবিবেচকী কৰ্মকাণ্ড, বনভূমি ধ্বংস আৰু জীৱাশ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰে জলবায়ুত ব্যাপক প্ৰভাৱ পেলাইছে।

জলবায়ু পৰিৱৰ্তনে খাদ্য উৎপাদন আৰু যোগান প্ৰক্ৰিয়াত যথেষ্ট প্ৰভাৱ পেলাইছে। এই প্ৰভাৱৰ গাঢ়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। জলবায়ুৰ বিভিন্ন পৰিবৰ্তন যেনে উষ্ণতা বৃদ্ধি, বৰষুণৰ ধৰণ সলনি, ব্যাপক প্ৰতিকূল বতৰ আদিৰ বাবে কৃষি উৎপাদন হ্ৰাসে খাদ্য শৃংখলাত খেলিমেলি লগাইছে।

আনহাতে, এনেবোৰ কাৰণতে ২০৫০ চনলৈ বিশ্বৰ কেইবাশ কোটি লোক ভয়াৱহ ক্ষুধাৰ চিকাৰ হ’ব লৈ গৈ আছে। এই সকীয়নি প্ৰদান কৰিছে বিশ্ব খাদ্য নীতি প্ৰতিবেদন ২০২২ এ।

উল্লেখনীয় যে, ২০২১ চনৰ বিশ্ব ক্ষুধা সূচকাংকত ১১৬খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল ১০১। ইয়ে ভাৰতৰ ক্ষুধা অৱস্থা যে অতি গুৰুতৰ তাক ইংগিত দিয়ে।

ইন্টাৰনেশ্বনেল ফুড পলিচি ৰিছাৰ্চ ইনষ্টিটিউটে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০৩০ চনলৈ ক্ষুধাৰ চিকাৰ হ’ব ৭.৪ নিযুত ভাৰতীয় ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -