37.6 C
Guwahati
Sunday, May 5, 2024

বিজ্ঞাপনৰ ঠাইত মামালৈ মৰম ” I LOVE YOU HBS”

Must Read

হৃদয়ৰ কথাৰে অটোৰ পিছফালে মুখ্যমন্ত্ৰীক ভালপোৱাৰ প্ৰমাণ

মন্ত্ৰী পীযুষ হাজৰিকাই টুইটাৰত শ্বেয়াৰ কৰা এখন ফটোৱে বৰকৈ চৰ্চা লাভ কৰিছে। ফ’টো খন এখন অটোৰ। অটো খনৰ পাছফালে লিখা আছে এশাৰী বাক্য। সেই বাক্যশাৰীৰ বাবেই ফটো খন বিশেষ হৈ উঠিছে। সাধাৰণতে অটোবোৰৰ পিছফালে বিশেষকৈ বিজ্ঞাপনৰ ফটো নাইবা বিজ্ঞাপনৰ কথাহে দেখা পোৱা যায়। কাৰণ ই সহজতে মানুহৰ চকুত পৰে। কিন্তু এইবাৰ অলপ ব্যতিক্ৰমি দৃশ্য। অটোৰ পিছফালে লিখা হোৱা নাই কোনো বিজ্ঞাপনৰ বাক্য। লিখা আছে হৃদয়ৰ কথা। অটো চালকজনে লিখিছে যে ” I LOVE YOU HBS”.

এই দৃশ্য দেখি মন্ত্ৰী পীযুষ হাজৰিকাই টুইটযোগে লিখিছে যে তেওঁ ১৯৯১ চনৰ পৰা পত্যক্ষ আৰু পৰুক্ষ ভাৱে ৰাজনীতিত জড়িত হৈ আছে।

https://twitter.com/Pijush_hazarika/status/1511233794506133505?t=6PdMn37LXvxqD3lp84zWVw&s=19

কিন্তু কোনো এজন মুখ্যমন্ত্ৰীৰ এনেধৰণৰ জনপ্ৰিয়তা তেওঁ আগেয়ে দেখা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সচাকৈয়ে অনুপ্ৰেৰণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে কোনেও মৰম বুটলিব পৰা নাছিল। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে প্ৰিয় মন্ত্ৰী হিমন্ত।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -