29 C
Guwahati
Saturday, May 18, 2024

ফেডাৰেচন কাপ এথলেটিকছৰ ফাইনেলত অৱতীৰ্ণ হ’ব অসমৰ হিমা দাস আৰু অম্লান বৰগোহাঁই

Must Read

ফেডাৰেচন কাপ এথলেটিকছৰ ফাইনেলত অৱতীৰ্ণ হ’ব অসমৰ হিমা দাস আৰু অম্লান বৰগোহাঁই

কেৰালাত চলি থকা সৰ্বভাৰতীয় ফেডাৰেচন কাপ এথলেটিকছ ইভেন্টৰ ফাইনেল আজি বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব। দেশৰ আগশাৰীৰ ফেডাৰেচন কাপ এথলেটিকছ চেম্পিয়নশ্বীপৰ ফাইনেলত প্ৰৱেশ কৰা অসমৰ হিমা দাস আৰু অম্লান বৰগোহাঁই সাজু হৈছে চূড়ান্ত খেলৰ বাবে।

প্ৰতিযোগিতাখনত স্বৰ্ণ পদকৰ বাবে দুয়োয়ে নিজকে এশ শতাংশ প্ৰস্তুত কৰি তুলিছে।প্ৰতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰৰ ফাইনেলত অংশ ল’ব হিমা দাসে। আনহাতে পুৰুষৰ ২০০ মিটাৰত অংশ ল’ব আম্লান বৰগোহাঁয়ে।

এছিয়ান গেমছৰ প্ৰাকমুহুৰ্তত অসমৰ দুয়োগৰাকী খেলুৱৈৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে কেৰালাৰ চলিত ফেডাৰেচন কাপ এথলেটিকছ চেম্পিয়নশ্বীপ। হিমা দাস আৰু অম্লান বৰগোহাঁই সফলতাৰ বাবে দুয়োকে ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু ৰাজ্যিক ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীৰ তৰফৰ পৰা শুভেচ্ছা বাৰ্তা।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -