30 C
Guwahati
Sunday, April 21, 2024

সকলো সম্পদ বিক্ৰী কৰিলে চীনক ‘-শ্ৰীলংকা সৰ্বস্বান্ত হোৱাৰ বাবে দোষি দেশখনৰ প্ৰধানমন্ত্ৰী, ৰাজপথত জনতাৰ তীব্ৰ প্ৰতিবাদ

Must Read

সকলো সম্পদ বিক্ৰী কৰিলে চীনক ‘-শ্ৰীলংকা সৰ্বস্বান্ত হোৱাৰ বাবে দোষি দেশখনৰ প্ৰধানমন্ত্ৰী, ৰাজপথত জনতাৰ তীব্ৰ প্ৰতিবাদ

চীনক সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে শ্ৰীলংকা।শ্ৰীলংকা এতিয়া ধাৰত পুত গৈছে। মানুহৰ হাতত টকা-পইচা নাই। ব্যৱসায়ীসকলে অভিযোগ কৰে যে, যদি চৰকাৰে একো পদক্ষেপ হাতত নলয় তেন্তে দেশখনৰ জনতাই খাবলৈ নাপাই মৰিবলগীয়া হ’ব। দেশৰ সকলো সম্পদ চীনক বিক্ৰী কৰাই নহয়, এতিয়া আন দেশৰ পৰা সকলো বস্তু ক্ৰয় কৰিবলগীয়া হৈছে ‘উৎপাদন শূন্য’ শ্ৰীলংকাই।

ইয়াৰ মাজতে, সাধাৰণ পাচলি আৰু ফলৰ মূল্যবৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। বিক্ৰেতাসকলে অভিযোগ কৰিছে যে, এই মুহূৰ্তত শ্ৰীলংকাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল তেওঁলোকৰ হাতত টকা নাই। চীনক সকলো বিক্ৰী কৰাৰ পিছত এই চৰকাৰখন এতিয়া সৰ্বস্বান্ত হৈ পৰিছে। সকলোবোৰ আন দেশৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে। ভয়ংকৰ আৰ্থিক সংকটত ভুগিছে শ্ৰীলংকা আৰু ইয়াৰ প্ৰধান কাৰণ হৈছে ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধি। দেশখনত ইন্ধনৰ নাটনি আৰম্ভ হৈছে। পৰিবহণ প্ৰায় বন্ধ হৈ আছে। বিদ্যুৎ ৰাহি কৰিবলৈ দেশত প্ৰতিদিনে ১০ৰ পৰা ১৩ ঘণ্টাৰ বাবে লোড শ্বেডিং কৰা হৈছে।

শ্ৰীলংকাৰ ৰাজনৈতিক সংকটৰ সমান্তৰালকৈ  শক্তিখণ্ডতো ব্যাপক সংকটে দেখা দিছে। দেশখনৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীয়ে সোমবাৰে পদত্যাগ কৰে। নতুন চৰকাৰ গঠন হ’লেও ভেটি হৈ পৰিব অতি দুৰ্বল। শ্ৰীলংকাৰ মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। দিনক দিনে বেয়ালৈ গৈছে শ্ৰীলংকাৰ পৰিস্থিতি। এই সকলোবোৰৰ বাবে জগৰীয়া এতিয়া দেশখনৰ ৰাষ্ট্ৰপতি।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -