35 C
Guwahati
Friday, May 17, 2024

মাদ্ৰাছা শব্দটোৱেই বিলুপ্ত হ’ব লাগে’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এতিয়া দেশজুৰি চৰ্চিত

Must Read

মাদ্ৰাছা শব্দটোৱেই বিলুপ্ত হ’ব লাগে’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এতিয়া দেশজুৰি চৰ্চিত

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ পঞ্চজন্যৰ দ্বাৰা আয়োজন কৰা মিডিয়া মহামন্থনত অংশগ্ৰহণ কৰি মাদ্ৰাছা শিক্ষাৰ তীব্ৰ বিৰোধিতা কৰে।মুখ্যমন্ত্ৰীৰ মতে, মাদ্ৰাছা শব্দটোৱেই বিলুপ্ত হ’ব লাগে।
শিশুসকলৰ বাবে মাদ্ৰাছা শিক্ষাৰ বিৰোধিতা কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে, ‘বিদ্যালয়সমূহে আধুনিক শিক্ষা প্ৰদান কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে ভৱিষ্যতে যিকোনো কাম কৰাৰ বিকল্প পথৰ সন্ধান লাভ কৰে। ধৰ্মীয় শিক্ষা ঘৰতো দিব পৰা যায়। যিকোনো ধৰ্মীয় প্ৰতিষ্ঠানত প্ৰৱেশ এনে এক বয়সত হ’ব লাগে যেতিয়া শিশুৱে তেওঁলোকৰ নিজা সিদ্ধান্ত ল’ব পাৰে।’ যেতিয়ালৈকে শিশুসকল মাদ্ৰাছালৈ যাব,তেতিয়ালৈকে কোনো শিশু ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰে।

আনকি শিশুসকলক প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত কৰি ধৰ্মীয় শিক্ষা দিয়াটো এক প্ৰকাৰৰ মানৱ অধিকাৰ উলংঘন বুলিও দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্যৰ বিষয়ে বৰ্ণনা কৰি কয় যে, ‘মাদ্ৰাছাসমূহৰ শিক্ষা ব্যৱস্থা এনেকুৱা হ’ব লাগে যাতে তেওঁলোকে ভৱিষ্যতে শিক্ষাৰ্থীসকলক যিকোনো কাম কৰাৰ বিকল্প দিব পাৰে। বিজ্ঞান, ভূগোল বা আধুনিক শিক্ষা প্ৰদান কৰিলেহে শিশুসকলৰ ভৱিষ্যত উজ্বল হ’ব। শিশুসকলক চিকিৎসক, অধ্যাপক, ইঞ্জিনিয়াৰ হ’ব পৰাকৈ শিক্ষা প্ৰদান কৰা উচিত।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -