মংকিপক্স নামৰ ৰোগবিধ দ্ৰুত গতিত বিশ্বৰ ভিন্ন প্ৰান্তত বিয়পি পৰাত চিন্তিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা। কেৱল ১০ দিনৰ ভিতৰতে ১২ খন দেশলৈ বিয়পি পৰিছে এই মংকিপক্স।
আনহাতে, মংকিপক্স প্ৰথমবাৰলৈ ধৰা পৰিছিল আমেৰিকাত। বৰ্তমানলৈ এই ৰোগত বিশ্ব ১২ খন দেশৰ ৯২ জন লোক আক্ৰান্ত হৈছে। দ্ৰুত গতিত বৃদ্ধি পোৱা এই ৰোগবিধক লৈ বিভিন্ন ধৰণে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।
উল্লেখযোগ্য যে, মংকিপক্স দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংস্পৰ্শলৈ অহা লোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা অব্যাহত ৰখা হৈছে।
বৰ আই, সৰু আইৰ দৰেই মংকিপক্সতো ৰোগীৰ দেহত ডাঙৰ ডাঙৰ ফোহা হয় আৰু ৰোগী অসুস্থ হৈ পৰে।