27 C
Guwahati
Saturday, May 18, 2024

মেঘালয়ঃ কাৰাগাৰৰ পৰা পলায়ন ৪ কয়দীক হত্যা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

অসমৰ ওচৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ জোৱাইত সংঘটিত এক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে।হত্যাকাণ্ডৰ গোচৰত জেইল হোৱা ৬ কয়দীয়ে যোৱা শনিবাৰে জেইল ভাঙি পলায়ন কৰে।আৰক্ষীৰ তথ্য অনুসৰি, শনিবাৰে জোৱাইৰ কাৰাগাৰৰ পৰা ছয়জনীয়া এটা কয়দী দলে কাৰাগাৰৰ কৰ্মচাৰীকক ছুৰীঘাট কৰি পলায়ন কৰে আৰু দেওবাৰে প্ৰায় ৭০ কিলোমিটাৰ দূৰত থকা শ্বাংপুঙ নামৰ গাঁৱত উপস্থিত হৈছিল। তাৰে ৪ কয়দীক মৰিয়াই মৰিয়াই হত্যা কৰে শ্বাংপুং গাৱঁৰ গাঁওবাসীয়ে। কয়দী কেইজন ক্ৰমে আই লাভ ইউ তালাং, ৰমেশ ডিখাৰ, ৰিকামেনলাং লামাৰে, শিৰ্ডিকি ডিখাৰ, লোডষ্টাৰ টাং আৰু মাৰ্চানকি টাৰিয়াং বুলি জানিব পৰা গৈছে।

এক আগশাৰী সংবাদ মাধ্যম অনুসৰি, দেওবাৰে আবেলি সময়ত এখন চাহৰ দোকানত উপস্থিত হোৱা কয়দী কেইজনক স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু গভীৰ অৰণ্যৰ মাজলৈ খেদি লৈ গৈ তেওঁলোকক মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হয়।

শ্বাংপুং গাঁৱৰ মুৰব্বী ৰাবনৰ মত অনুসৰি, চাৰিজন কয়দীৰ মৃত্যু হোৱাৰ লগতে ৰমেশ ডিখাৰে নামৰ কয়দী জন পলাই যাবলৈ সক্ষম হয়, আনহাতে ছয় নম্বৰ কয়দীজনক মাৰপিটৰ সময়ত দেখা পোৱা যোৱা নাছিল।

পশ্চিম জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষক বি কে মাৰাকৰ তথ্যানুসৰি, ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতেও স্থানীয় লোকৰ সৈতে জেৰা অব্যাহত আছে। আনহাতে, কাৰাগাৰৰ কৰ্মচাৰীৰৰ বিৰুদ্ধে জোৱাই আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰাৰ লগতে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা কাৰাগাৰৰ কৰ্মচাৰী সকলৰ ভিতৰত এজন হেড ৱাৰ্ডেন আৰু চাৰিজন ৱাৰ্ডেন বুলি জানিব পৰা গৈছে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -