31 C
Guwahati
Tuesday, May 14, 2024

Titan Submarine Missing: “টাইটানিকৰ” ধ্বংসাৱশেষ চাবলৈ যোৱা “টাইটানো” ডুবিল; তাৰ ভিতৰত থকা ৫ গৰাকী যাত্ৰীও শুই পৰিল চিৰদিনৰ বাবে, পিছে ডুবি যোৱা এই ছাব মেৰিনখনত বহিবলৈও নাছিল কোনা ছীট, মাত্ৰ ৯৬ ঘণ্টাৰ বাবে আছিল অক্সিজেন… আৰু…

Titan Submarine Missing: টাইটানিক জাহাজ (Titanic Ship) প্ৰায় ১১১ বছৰ পূৰ্বে আটলাণ্টিক মহাসাগৰত ডুব গৈছিল

Must Read

Titan Submarine Missing: টাইটানিক জাহাজ (Titanic Ship) প্ৰায় ১১১ বছৰ পূৰ্বে আটলাণ্টিক মহাসাগৰত ডুব গৈছিল।

কোৱা হৈছিল যে এই জাহাজখন কেতিয়াও সাগৰত ডুব নাযায়, কিন্তু এটা Icebergৰ সৈতে খুন্দা মৰাৰ ফলত সাগৰৰ ভিতৰত সোমাই যায়।

দুৰ্ঘটনাটোৰ সময়ত জাহাজখন প্ৰায় ৪১ কিলোমিটাৰ প্ৰতিঘণ্টাৰ বেগত চলি আছিল (Titan Submarine Missing)। ইংলেণ্ডৰ Southamptonৰ পৰা আমেৰিকাৰ নিউয়ৰ্কলৈ গৈ থকা টাইটানিক ১৯১২ত ১৪ আৰু ১৫ এপ্ৰিলৰ নিশা আটলাণ্টিক মহাসাগৰত ডুব গৈছিল।

Titan Submarine Missing

বৰ্তমানলৈ আটাইতকৈ ডাঙৰ সাগৰ দুৰ্ঘটনাটোত প্ৰায় ১৫০০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল (Titanic Submersible Missing America Titan Submersible No Seats One Toilet)।

Titan Submarine Missing

এতিয়া টাইটানিকৰ ধ্বংসাৱশেষ দেখাবলৈ যোৱা ছাব মেৰিনখন আটলাণ্টিক মহাসাগৰত সন্ধানহীন হৈছিল। এই ছাব মেৰিনখনে যাত্ৰীক ধ্বংসাৱশেষ দেখাবলৈ লৈ গৈছিল। ১৯ জুনৰ পৰা চালক দলসহ ৫ গৰাকী লোক সন্ধানহীন হৈছিল (Titan Submarine Missing)

Titan Submarine Missing

বৃহস্পতিবাৰে ৰিম’ট কন্ট্ৰ’লেৰে চালিত এখন যানেৰে টাইটানিকৰ পৰা ৫০০ মিটাৰ নিলগত এইখন ছাবমেৰিনৰ ধ্বংসাবশেষ চিনাক্ত কৰে (Titan Submarine Missing)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীয়ে নিশ্চিত কৰে যে এয়া টাইটান ছাবমেৰিনৰ ধ্বংসাৱশেষ আছিল।

Titan Submarine Missing

ধ্বংসাৱশেষ পৰীক্ষা কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীয়ে কয় যে দুৰ্ঘটনাৰ কাৰণ ‘catastrophic implosion’। অৰ্থাৎ বিপৰ্যয়ত চূৰ্ণ-বিচূৰ্ণ হৈ গৈছে টাইটান। বিশেষজ্ঞসকলৰ ধাৰণা, মহাসাগৰৰ গভীৰত জলস্তম্ভৰ চাপতে এই পৰিণতি টাইটানৰ।

ধ্বংসাৱশেষ পৰীক্ষা কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীয়ে কয় যে দুৰ্ঘটনাৰ কাৰণ ‘Catastrophic Implosion’। অৰ্থাৎ বিপৰ্যয়ত চূৰ্ণ-বিচূৰ্ণ হৈ গৈছে টাইটান (Titan Submarine Missing)। বিশেষজ্ঞসকলৰ ধাৰণা, মহাসাগৰৰ গভীৰত জলস্তম্ভৰ চাপতে এই পৰিণতি টাইটানৰ।

ওচেনগেট অভিযান সংস্থাৰ দ্বাৰা পৰিচালিত ২১ ফুট বা ৬.৫ মিটাৰৰ ছাবমেৰিনখনে দেওবাৰে অৱতৰণ কৰা আৰম্ভ কৰে। কিন্তু দুঘণ্টাৰ ভিতৰত ইয়াৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন হয়। যাত্ৰাৰ আৰম্ভণিতে ছাবমেৰিনখনত ৯৬ ঘণ্টাৰ বাবে অক্সিজেন মজুত আছিল। কিন্তু যাত্ৰা আৰম্ভ কৰাৰ কেইটামান ঘণ্টাৰ পিছতে জাহাজখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ যায়।

আটলাণ্টিক মহাসাগৰত টাইটানিকৰ (Titanic) দৰে ডুব যোৱা এই “টাইটান”খন কাৰ্বন-ফাইবাৰেৰে নিৰ্মিত, “Oceangate Expedition”ৰ এটা অভিযানৰ অংশ। ছাবমেৰিনখনত টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ যোৱা যাত্ৰীসকলে ৩ দিনতকৈ অধিক সময়লৈ একো খাদ্য বা পানী খোৱা নাছিল। তাৰ পিছতে হৈছিল অক্সিজেনৰ পৰিমান হ্ৰাস।

ছাবমেৰিনখনত এনে সুৰক্ষা তন্ত্ৰ লগোৱা আছে, যি জৰুৰীকালীন অৱস্থাত পৃষ্ঠলৈ লৈ যাব। সন্ধানহীন হোৱা এই টাইটানখনত ৫ গৰাকী লোকে যাত্ৰা কৰিছিল। পিছত আটাইকেইজন লোকৰে মৃতদেহ উদ্ধাৰ কৰা হয় (Titan Submarine Missing)

সাগৰৰ জলৰাশিত হেৰাই যোৱা ছাবমেৰিনখনত আছিল বিশ্বৰ তিনি ধনকুবেৰ। তেওঁলোকৰ মাজত অন্যতম পাকিস্তানৰ উদ্যোগপতি শ্বাহজাদা দাউদ আৰু তেওঁৰ পুত্ৰ ছুলেমান, পৰিয়ালৰ সূত্ৰে জনোৱা হৈছে, উত্তৰ আটলাণ্টিকৰ গভীৰ বুকুত টাইটানিকৰ (Titanic) ধ্বংসস্তুপ চাবলৈ গৈছিল পুত্ৰসহ শ্বাহজাদা।

আমেৰিকা আৰু ইংলেণ্ডত উচ্চ শিক্ষা সম্পন্ন কৰা শ্বাহজাদা দাউদৰ প্ৰতিষ্ঠান ‘এনগ্ৰো’ পাকিস্তানৰ নামী কৰ্প’ৰেট সংস্থাসমূহৰ মাজত অন্যতম। তেওঁৰ পিতৃ হুছেইন দাউদো আছিল ধনী পাকিস্তানীৰ তালিকাত।

ইয়াৰ উপৰি সেই যানখনত আছিল ব্ৰিটিছ ধনকুবেৰ হেমিছ হাৰ্ডিং। দুঃসাহসিক অভিযানত অংশ লোৱাৰ বাবে ইতিমধ্যে তেওঁৰ নামত আছে একাধিক অভিলেখ। বৰ্তমান মধ্য প্ৰাচ্যবাসী ৫৮ বছৰ বয়সীয়া হাৰ্ডিং ইয়াৰ পূৰ্বে ৫ বছৰ আছিল বেংগালুৰুত। তেওঁৰ প্ৰতিষ্ঠানে ডুবাই আৰু লণ্ডনত বিমান ক্ৰয়-বিক্ৰয় কৰে।

এই তিনি যাত্ৰীৰ ওপৰি যানখনত আছিল দুজন ক্ৰিউ মেম্বাৰ। তেওঁলোকৰ মাজত পল অৰি নাৰ্গিওলেট এজন অভিজ্ঞ চালক আৰু টাইটানিক ধ্বংসাৱশেষ বিশেষজ্ঞ। পঞ্চমজন ব্যক্তি হ’ল সেই অভিযান প্ৰতিষ্ঠানটোৰ চিইঅ’ ষ্টকটন ৰাশ।

নিহতসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনোৱা হৈছে মাৰ্কিন উপকূলৰক্ষী বাহিনীৰ ফালৰ পৰা। কিন্তু তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি অহা খুবেই কঠিন কাম বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।

কানাডাৰ নিউফাউণ্ডলেণ্ড উপকূলত ‘টাইটান’ৰ সন্ধানত আটলাণ্টিকত অভিযান চলাইছে মাৰ্কিন আৰু কানাডিয়ান উপকূলৰক্ষী বাহিনীয়ে। তেওঁলোকৰ ফালৰ পৰা জনোৱা হৈছে, প্ৰায় ৭৬০০ বৰ্গমাইল অঞ্চলজুৰি চলে অভিযান। বৃহস্পতিবাৰে বিচাৰি পোৱা যায় টাইটান ছাবমেৰিন।

এই ছাবমেৰিনখন ২২ ফুট দীঘল ৯ ফুট বহল আৰু ৮ ফুট ওখ কোঠাৰ দৰে। ইয়াৰ ভিতৰত ৮ ঘণ্টাৰ দীঘলীয়া যাত্ৰাত যাত্ৰীসকলে খোজকঢ়া বা আৰামেৰে বহিবলৈ কোনোধৰণৰ স্থান নাথাকে। যাৰ বাবে ঠেলি-হেঁচি বহিব লাগে (Titan Submarine Missing)

পৃষ্ঠৰ পৰা টাইটানিকলৈ যাবলৈ সাধাৰণতে ৩ ঘণ্টাৰ সময় লাগে। সেই সময়ত পোহৰ কম কৰি দিয়া হয়। এই ছাবমেৰিনখন ছিগাৰৰ এটা টিউবৰ দৰে হয়।

এই ছাবমেৰিনখনৰ (Submarine) ভিতৰত এটা শৌচালয় আছে, কিন্তু ৰিপৰ্ট অনুসৰি বৰ্তমানলৈ ইয়াৰ ব্যৱহাৰ কেতিয়াও কৰা হোৱা নাই। মিডিয়া ৰিপৰ্ট অনুসৰি, টাইটানত যোৱা প্ৰতিগৰাকী যাত্ৰীয়ে হস্তাক্ষৰ কৰে।

টাইটান ছাবমেৰিনখনৰ বিশেষত্ব (Titan Submarine Missing)-

১. চালকসহ ৫ গৰাকী লোকৰ বহাৰ ক্ষমতা
২. ছাব মেৰিনখন ৬.৭ মিটাৰ দীঘল, ২.৮ মিটাৰ বহল আৰু ২.৫ মিটাৰ ওখ থাকে।
৩. এক্ৰিলিকৰ খিৰিকী লগোৱা থাকে যাৰ জৰিয়তে বাহিৰলৈ চাব পাৰি
৪. মাত্ৰ ৯৬ ঘণ্টাৰ বাবে অক্সিজেন থাকে
৫. ছাব মেৰিনখনত বহিবলৈ কোনো ছীট নাথাকে, কেৱল এখন সমতল মজিয়া থাকে।
৬. ছাব মেৰিনখনৰ বাহিৰৰ পৃষ্ঠ ৫ ইঞ্চি ডাঠ থাকে।

Photo: Google

লগতে পঢ়কঃ Hojai Child Abuse Case: বনকৰা শিশুক মাৰধৰ কৰাৰ Video ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰীক আৰু পত্নীক; এচাৰিৰে কোবাই কোবাই পত্নীয়ে নিৰ্যাতন চলাইছিল শিশুটিক, কাষতে বহি চাই আছিল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -