35 C
Guwahati
Thursday, May 16, 2024

Nagaland Election Result 2023: ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ইতিহাস ৰচিলে নাগালেণ্ডে; প্ৰথমবাৰৰ বাবে ২ গৰাকী মহিলা প্ৰাৰ্থীৰ জয়লাভ, কোন এই দুগৰাকী মহিলা?

Nagaland Election Result 2023: ছালহুটুৱানো ক্ৰুছ (Salhoutuonuo Kruse) এগৰাকী স্থানীয় হোটেলৰ স্বত্বাধিকাৰী, আনহাতে হেকানি জাখালু (Hekani Jakhalu) দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু তাৰে এগৰাকী ফেকাল্টী।

Must Read

Nagaland Election Result 2023: দুগৰাকী মহিলা প্ৰাৰ্থীৰ জয়েৰে নাগালেণ্ডে ৰচিলে ইতিহাস। ছালহুটুৱানো ক্ৰুছ (Salhoutuonuo Kruse) আৰু হেকানি জাখালু (Hekani Jakhalu) প্ৰথমবাৰৰ বাবে ২০২৩ বৰ্ষৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰে। দুয়োগৰাকী মহিলা NDPPৰ প্ৰাৰ্থী। ছালহুটুৱানো ক্ৰুছে বিজয় সাব্যস্ত কৰিছে পশ্চিম অংগামী সমষ্টিৰ পৰা আৰু হেকানি জাখালুই জয়লাভ কৰিছে ডিমাপুৰ–৩ সমষ্টিৰ পৰা।

ছালহুটুৱানো ক্ৰুছ (Salhoutuonuo Kruse) এগৰাকী স্থানীয় হোটেলৰ স্বত্বাধিকাৰী, ছালহুটুৱানোয়ে নিৰ্দলীয়া প্ৰাৰ্থী কেনিযাকো নাখৰ’ (Keneizhakho Nakhro)ক পৰাস্ত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই ক্ৰুছৰ সমৰ্থনত প্ৰচাৰ অভিযান চলাইছিল। আনহাতে হেকানি জাখালু (Hekani Jakhalu) দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু তাৰে এগৰাকী ফেকাল্টী।

জাখালু (Hekani Jakhalu) এগৰাকী আমেৰিকাৰ পৰা শিক্ষিত উকীল-সামাজিক উদ্যোগী আৰু য়ুথনেটৰ প্ৰতিষ্ঠাপক। তেওঁ আন্তৰ্জাতিক মহিলা দিৱসত ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা নাৰী শক্তি পুৰস্কাৰো লাভ কৰিছে। ডিমাপুৰ তৃতীয় আসনখনৰ কথা ক’বলৈ গ’লে, জাখলুৱে তেওঁৰ ইস্তাহাৰত যুৱ বিকাশ, মহিলা সৱলীকৰণ, সংখ্যালঘু অধিকাৰ আৰু আদৰ্শ সমষ্টিৰ বাবে এক দৃষ্টিভংগী ভাগ বতৰা দিছে।

হাকানীয়ে লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ৰ এজেটো ঝিমোমিক ১৫৩৬টা ভোটত পৰাস্ত কৰে। ৪৭ বছৰীয়া হেকানীয়ে লাভ কৰে ১৪,৩৯৫টা ভোট। উল্লেখযোগ্য যে মাত্ৰ ৭ মাহ পূৰ্বে ৰাজনীতিত প্ৰৱেশ কৰিছিল হেকানী জাখালু।

৬০খন আসনযুক্ত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাত ১৮৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, ইয়াৰ ভিতৰত আছে মাত্ৰ চাৰিগৰাকী মহিলা। NDPPৰ ছালহুটুৱানো ক্ৰুছ আৰু হেকানি জাখালু, বিজেপিৰ কাহুলী ছেমা (Kahuli Sema) আৰু কংগ্ৰেছৰ ৰোজী থমছন (Rosy Thomson)

Photo: Google

লগতে পঢ়কঃ ভয়ংকৰ ক’ব নে, কৰুণ! হাঁহি-ফূৰ্তি কৰি একেলগে ফুৰিবলৈ গৈছিল ৪ বন্ধু-বান্ধৱী; কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস দুৰ্ঘটনাত (Accident) একেলগে প্ৰাণ হেৰুৱালে ৩জনে, চূৰ্ণ-বিচূৰ্ণ হৈ যায় বাহনখন

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -