32 C
Guwahati
Saturday, May 18, 2024

Leena Doley CBI Interrogates: অৱশেষত লীনা দলেক জেৰা CBIৰ! জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে সাঙোৰ খাইছিল দলেৰ নাম; জোনমণিৰ মৃত্যুৰ আঢ়ৈ মাহ সম্পূৰ্ণ হোৱাৰ দিনাই জেৰাৰ সন্মুখীন SP গৰাকী

Leena Doley CBI Interrogates: জেৰাৰ বাবে গুৱাহাটীলৈ তলব কৰিলে SP লীনা দলেক। গুৱাহাটীৰ এটা বিশেষ স্থানত জেৰা চলোৱা হ’ল লীনা দলেক

Must Read

Leena Doley CBI Interrogates Over SI Junmoni Death: SI জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম জড়িত হৈ পৰা তদানীন্তন নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক CBIৰ জেৰা।

উল্লেখ্য ১৫ মে’ৰ নিশা মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল (SI Junmoni Rabha’s Death Case)। জোনমণিৰ মৃত্যুৰ পিছতে নাম সাঙোৰ খাইছিল তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ।

Leena Doley CBI Interrogates

আজি জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আঢ়ৈ মাহ সম্পূৰ্ণ হ’ল। আঢ়ৈ মাহ সম্পূৰ্ণ হোৱাৰ দিনাই CBIৰ জেৰাৰ সন্মুখীন হ’ল SP লীনা দলে (Leena Doley CBI Interrogates)

Leena Doley CBI Interrogates

জেৰাৰ বাবে গুৱাহাটীলৈ তলব কৰিলে SP লীনা দলেক। গুৱাহাটীৰ এটা বিশেষ স্থানত জেৰা চলোৱা হ’ল লীনা দলেক। CBI-এ জেৰা চলালে ASP ৰূপজ্যোতি কলিতা আৰু ৰূণা নেওগকো।

জোনমণিৰ মাতৃয়ে দাখিল কৰা এজাহাৰতো নাম আছিল লীনা দলেৰ। মৃত্যুৰ দিনা নিশা SP লীনা দলেই জোনমণিক মাতি পঠিয়াইছিল (Leena Doley CBI Interrogates)

এই গোচৰত মাতৃয়ে তদানীন্তন নগাঁও জিলাৰ আৰক্ষী অধীক্ষক তথা বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নামো সন্নিৱিষ্ট কৰিছিল।

অভিযোগ অনুসৰি লীনা দলেয়ে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাছতে পুৱতি নিশা জোনমণি ৰাভাৰ আৱাসগৃহত অভিযান চলাই বহু গুৰুত্বপূৰ্ণ নঠিপত্ৰ লৈ যোৱাৰ লগতে ১ লাখৰো অধিক ধন লৈ গৈছিল।

জোনমণি ৰাভাৰ মৃত্যুৰ সমগ্ৰ ঘটনাৰ লগতে নকল সোণ আৰু জাল নোটৰ কথা পোহৰলৈ আহিছিল।
CBI-এ এই ঘটনাৰ তদন্তৰ বাবে ইজনৰ পাছত সিজনক জেৰা চলাইছে। জেৰাৰ সন্মুখীন হৈছে জাল নোট আৰু নকল সোণৰ লগত জড়িত বহু লোক।

ইতিমধ্যে জেৰাৰ সন্মুখীন হৈছে জোনমণিৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা কেইবাজনো আৰক্ষীৰ লোক।

CBI-এ SI আভাজ্যোতি ৰাভা, ৰাজা ইৰ্শ্বাদ, গাড়ীচালক অনিল ভূঞাকে ধৰি কেইবাজনো আৰক্ষীৰ লোকক জেৰা চলায়। কিন্তু জোনমণিৰ মৃত্যুৰ ঘটনাত অভিযুক্ত SP লীনা দলেক জেৰাৰ বাবে নমতাক লৈ যথেষ্ঠ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (Leena Doley CBI Interrogates)

কিন্তু অৱশেষত CBI-এ জেৰাৰ বাবে তলব কৰিলে লীনা দলেক। আজি গুৱাহাটীৰ কোনো এক অজ্ঞাত স্থানত লীনা দলেক চি বি আইয়ে জেৰা চলাইছে বুলি খবৰ লাভ কৰা গৈছে (Leena Doley CBI Interrogates)

অৱশ্যে এই জেৰাৰ সময়ত তেওঁক কি কি প্ৰশ্ন কৰা হৈছে কি তথ্য লাভ কৰিছে সেই বিষয়ে কোনো কথা জানিব পৰা হোৱা নাই।

Photo: Google

লগতে পঢ়কঃ Rajasthan 2 Sisters Gangraped: ছিঃ! পিতৃৰ ২ সহকৰ্মীয়ে দলবদ্ধ ধৰ্ষণ কৰিলে ১৫ আৰু ১১ বছৰীয়া কন্যাক; দুয়োগৰাকী ভগ্নী “গৰ্ভৱতী” হোৱাতহে পোহৰলৈ আহে এই জঘন্য ঘটনা, সম্পূৰ্ণ ঘটনাটো কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -