30 C
Guwahati
Friday, May 17, 2024

Guwahati Double Murder| অৱশেষত উদ্ধাৰ বন্দনা কলিতাই হত্যা কৰা স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট; ডাউকীত প্লাষ্টিকৰ পেকেটত উদ্ধাৰ হাত-ভৰিৰ দুটাকৈ টুকুৰা, ৰাজহাড় আৰু টি-ছাৰ্ট

গুৱাহাটীৰ নুনমাটিৰ (Noonmati) ডাবল মাৰ্ডাৰ কাণ্ড (Guwahati Double Murder)। অৱশেষত উদ্ধাৰ বন্দনা কলিতাই হত্যা কৰা স্বামী অমৰজ্যোতি দে'ৰ মৃতদেহৰ অৱশিষ্ট। ডাউকীত (Dawki) প্লাষ্টিকৰ পেকেটত উদ্ধাৰ মৃতদেহৰ কিছু অংশ

Must Read

গুৱাহাটীৰ নুনমাটিৰ (Noonmati) ডাবল মাৰ্ডাৰ কাণ্ড (Guwahati Double Murder)। অৱশেষত উদ্ধাৰ বন্দনা কলিতাই হত্যা কৰা স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট। ডাউকীত (Dawki) প্লাষ্টিকৰ পেকেটত উদ্ধাৰ মৃতদেহৰ কিছু অংশ। অমৰজ্যোতিৰ মৃতদেহৰ দুটা টুকুৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। হাত আৰু ভৰিৰ অৱশিষ্ট অংশ উদ্ধাৰ। ৩টা স্থানত উদ্ধাৰ কৰে এই অংশ। চতুৰ্থ স্থানত উদ্ধাৰ অমৰজ্যোতিয়ে পৰিধান কৰা টি-ছাৰ্ট আৰু ৰাজহাড়ৰ অংশ।

অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত মেঘালয়ৰ ডাউকীত অসম আৰক্ষীৰ চলিছিল অভিযান (Amarjyoti Dey Body Part Recover)। তিনি অপৰাধীক লগত লৈ মেঘালয়ৰ সেই স্থানলৈ যোৱাৰ সময়তে বন্দনাৰ গা বেয়া হৈছিল যাৰ বাবে তেওঁৰ GMCHলৈ ভৰ্তি কৰোৱাবলৈ পুনৰ পঠাই দিয়া হৈছিল। তাৰ পিছত বন্দনাৰ আন ২ সহযোগী অৰূপ দাস আৰু ধনটি ডেকাক লগত লৈ যায় মেঘালয়ৰ সেই স্থানলৈ। যি স্থানত পলিথিনত ভৰাই অমৰজ্যোতিৰ মৃতদেহ দলিয়াই পেলোৱা হৈছিল সেই স্থানতে উপস্থিত হৈ অসম আৰক্ষীৰ (Assam Police) দলে আৰম্ভ কৰিছিল অভিযান।

মৃত শাহু আৰু স্বামী
মৃত শাহু আৰু স্বামী

উল্লেখযোগ্য যে স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক হত্যা কৰি টুকুৰা-টুকুৰা কৰাৰ পিছত মেঘালয়ত (Meghalaya) পঁথৰ দাঁতিৰ খাৱৈত পেলাই দিছিল বন্দনা কলিতাই। অবৈধ প্ৰেমিক ধনটি ডেকা আৰু ধনটিৰ বন্ধু অৰূপ দাসৰ সৈতে এই জঘন্য কাম কৰিছিল বন্দনাই। সোমবাৰে শাহুৱেক শংকৰী দে’ৰ মৃতদেহ উদ্ধাৰ কৰিছিল চেৰাপুঞ্জীৰ (Cherrapunji) পৰা। তাৰ পিছতে আজি পুৱা অমৰৰ মৃতদেহৰ সন্ধানত মেঘালয়লৈ ৰাওনা হয় অসম আৰক্ষীৰ এটা দল।

প্ৰায় ছমাহ পূৰ্বে সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনাটো। অভিযোগ অনুসৰি, পৰকীয়া প্ৰেম আৰু ধনৰ লোভতে বোৱাৰী বন্দনা কলিতাই (Murderer Bandana Kalita) তেওঁৰ প্ৰেমিক ধনজিৎ ডেকা (Lover Dhanjit Deka) আৰু প্ৰেমিকৰ সহযোগী অৰূপ দাসে (Friend Arup Das) মিলি স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰিছিল।

হত্যা কৰিয়ে ক্ষান্ত থকা নাছিল বন্দনা। শাহুৱেকৰ মৃতদেহ কাটি টুকুৰা–টুকুৰ কৰি ফ্ৰীজত তিনিদিন ভৰাই থৈছিল। আৰু তিনিদিন পিছত পৰকীয়া প্ৰেমিকৰ (Extra Marital Affair) সৈতে মিলি হত্যা কৰিছিল স্বামীক (Guwahati Horrific Murder Case)। হত্যাকাণ্ড সংঘটিত কৰি পলিথিনত ভৰাই দুয়োটা মৃতদেহ মেঘালয়লৈ লৈ গৈছিল বন্দনাই, বন্দনাৰ অবৈধ প্ৰেমিক ধনজিৎ ডেকা আৰু ধনজিতৰ বন্ধু অৰূপ দাসে। মেঘালয়ৰ ডাউকীত পথৰ দাঁতিৰ খাৱৈত পেলাই দিছিল দুয়োটা মৃতদেহ।

Photo: Batori24

লগতে পঢ়কঃ খুবেই দুখলগা! বজাৰ কৰিবলৈ বাইকেৰে ঘৰৰ পৰা ওলাই আহিছিল ৩ ভাতৃ; কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ট্ৰেক্টৰে চেপি থৈ গ’ল তিনিওকে, একেদিনাই প্ৰাণ হেৰুৱালে (Died) ২ ভাতৃয়ে, এজনে যুঁজিছে জীৱন-মৃত্যুৰে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -