29 C
Guwahati
Sunday, May 19, 2024

Dhubri Horrific Incident: ভয়ংকৰ ঘটনা! ছাত্ৰ-ছাত্ৰীৰ মূৰত ভাঙি পৰিল পুৰণি স্কুল; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আহত, এজনৰ অৱস্থা সংকটজনক…

Dhubri Horrific Incident: ধুবুৰীৰ (Dhubri) আগমনি শিক্ষা খণ্ডৰ অন্তৰ্গত তামাৰহাটৰ বৰজান এম ই স্কুলত (Tamarhat Barjan ME School) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Dhubri Horrific Incident)

Must Read

Dhubri Horrific Incident: ধুবুৰীৰ (Dhubri) আগমনি শিক্ষা খণ্ডৰ অন্তৰ্গত তামাৰহাটৰ বৰজান এম ই স্কুলত (Tamarhat Barjan ME School) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Dhubri Horrific Incident)। বৰজান এম ই স্কুলৰ পুৰণি বিদ্যালয়গৃহ ভাঙি পৰিল ছাত্ৰ-ছাত্ৰীৰ মূৰত। ঘটনাটোত আহত হয় কেইবাগৰাকীও কণ কণ ছাত্ৰ-ছাত্ৰী (School Collapses In Dhubri Students Injured)। এজন ছাত্ৰৰ অৱস্থা যথেষ্ট সংকটজনক (One Student Injured)

৯ বজাৰ পিছতো শিক্ষক-চকীদাৰ স্কুলখনত উপস্থিত নোহোৱাত ছাত্ৰ-ছাত্ৰীয়ে আশ্ৰয় লৈছিল বিদ্যালয়ৰ পুৰণি গৃহটোৰ তলত (Dhubri Horrific Incident)। হঠাৎ ছাত্ৰ-ছাত্ৰীৰ মূৰত ভাঙি পৰে গৃহটো। লগে লগে ঠাইখনত হুৱাদুৱা লাগে। খৰখৰী বজাৰৰ গাতে লাগি থকা বিদ্যালয়খনলৈ বজাৰৰ পৰা মানুহ দৌৰা-দৌৰিকৈ আহি গৃহৰ তলৰ পৰা উদ্ধাৰ কৰে কণ কণ ছাত্র-ছাত্ৰীসকলক।

খৰখৰী বজাৰত থকা ফাৰ্মাচীত আহত কণ কণ ছাত্র-ছাত্ৰীসকলক লৈ যায় যদিও পিছত তামাৰহাট প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে (Dhubri Horrific Incident)। গুৰুতৰভাৱে আহত ছাত্ৰজন তৃতীয় শ্ৰেণীৰ শ্বাহানুৰ শ্বেখ। শ্বাহানুৰ শ্বেখৰ মূৰত কেইবাটাও চিলাই কৰিব লগা হয়।

পুৰণি গৃহটো ভঙাৰ বাবে বিদ্যালয় পৰিচালনা সমিতি আৰু ৰাইজে বাৰে বাৰে অনুৰোধ কৰিছিল বিষয়াগৰাকীক। দীৰ্ঘদিন ধৰি কোনো গুৰুত্ব প্ৰদান কৰা নাছিল আগমনি শিক্ষা খণ্ড বিষয়া ধৰ্ম প্রসাদ ৰায়ে।

Photo & Input: নাছিৰ উদ্দিন

লগতে পঢ়কঃ Rich Chief Ministers: দেশৰ আটাইতকৈ ধনী আৰু দুখীয়া মুখ্যমন্ত্ৰী কোন আপুনি জানেনে? ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকা প্ৰকাশ; এগৰাকীৰ বাদে ২৯জনেই কোটিপতি, তালিকাত আছে আমাৰ মুখ্যমন্ত্ৰীৰো নাম…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -