29 C
Guwahati
Saturday, May 18, 2024

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বৰপেটা সত্ৰ দৰ্শন

Must Read

সপত্নীক বৰপেটা সত্ৰ দৰ্শনৰ সময়ত আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীৰ সৈতে বৰপেটাৰ আৰক্ষী অধীক্ষকৰ লগতে বজালী আৰক্ষী অধীক্ষকো উপস্থিত থাকে ৷

বৰপেটা সত্ৰত উপস্থিত হৈ ভাস্কৰজ্যোতি মহন্তই সত্ৰত সেৱা জনোৱাৰ লগতে তেওঁ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ সত্ৰীয়াগৰাকীকো সেৱা জনায় ৷

বৰপেটা সত্ৰৰ ঐতিহ্যৰ কথা প্ৰকাশ কৰি বৰপেটাৰ সত্ৰসমুহ দৰ্শন কৰি থকাৰ কথা প্ৰকাশ কৰে ৷

বৰপেটা সত্ৰ দৰ্শনৰ পিচতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে সত্ৰসমুহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম আৰক্ষী আগ্ৰহী বুলি মন্তব্য কৰে ৷

বিশেষকৈ সত্ৰসমুহত চিচি কেমেৰা বহুওৱা, সত্ৰৰ প্ৰণামীসমুহ বেংকত জমা কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় ৷

চোৰক আকৃষ্ট কৰিব পৰা কোনো সম্পত্তি সত্ৰত নাৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় আৰক্ষীৰ সঞ্চালক গৰাকীয়ে

ইয়াৰোপৰি বহুকেইখন সত্ৰত অসম আৰক্ষীয়ে চিচি কেমেৰা প্ৰদান কৰাৰ কথাও প্ৰকাশ কৰে ৷

সত্ৰ সংৰক্ষণ অতি জৰুৰী বুলি উল্লেখ কৰি চিচি কেমেৰা স্থাপন, পুলিচ পেট্ৰ’লিঙৰ ব্যৱস্থা আদি বিষয়তো মন্তব্য ৷বৰপেটা সত্ৰই সত্ৰীয়া ঐতিহ্যৰ ধ্বাজাবাহক বুলি উল্লেখ কৰি যুৱ প্ৰজন্মক সত্ৰৰ সৈতে জৰিত কৰিব লাগে বুলিও মন্তব্য প্ৰদাণ কৰে।

সত্ৰসমুহক হাব চেন্টাৰ হিচাপে গঢ়ি তুলিব লাগে ৷

এসময়ত সত্ৰসমুহ ন্যায় পঞ্চায়ত আছিল ৷
আজিকালি সৰু সৰু কাজিয়াতে মানুহবোৰ থানালৈ যায় ৷
এইবোৰসঠিক কথা নহয় ৷

থানালৈ যোৱাৰ পৰিৱৰ্তে সৰু সৰু বিষয়বোৰ সত্ৰতে নিস্পত্তিৰ আহ্বান ৷

সত্ৰসমুহত সৰুসুৰা বিষয়বোৰৰ সমাধান কৰি দণ্ড বিহা বা প্ৰায়শ্চিত্ত কৰাৰ চিন্তা কৰিব লাগে ৷

এইবোৰ সত্ৰসমুহে গুৰুত্ব দিব লাগে ৷

অসম আৰক্ষীৰ নিযুক্তি সন্দৰ্ভতো মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ৷

নিযুক্তিৰ ক্ষেত্ৰত বেইমানি কৰা নাই ৷
সম্পূৰ্ণ ন্যায় আৰু মেধাৰ ভিত্তিত হৈছে ৷

মোৰ কাৰ্যকালত পূৰ্বেও প্ৰায় ৯, ৬০০ পদত নিযুক্তি দিয়া হৈছে ৷ নিযুক্তি ন্যায় আৰু মেধাৰ ভিত্তিত হৈছে ৷

ভিক্টৰ দাসৰ কেচটোৰ ভিতৰলৈ মই সোমোৱা নাই ৷

তেওক গ্ৰেপ্তাৰ কৰাৰ নিশ্চয় কাৰণ থাকিব ৷

ভিক্টৰ দাসৰ কেচটোৰ ওপৰত প্ৰতিবেদন বিচৰা বুলি মন্তব্য ভাস্কৰজ্যোতি মহন্তৰ ৷

বৰপেটা সত্ৰৰ পৰা ভাস্কৰজ্যোতি মহন্তই বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ বাসগৃহলৈ যায় আৰু বুঢ়াসত্ৰীয়াগৰাকীক সেৱা জনায় ৷

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সম্প্ৰতি অসুস্থ হৈ থকা বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ সৈতে ধেমেলীয়া কথা পতাও দেখা যায় ৷

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -