34 C
Guwahati
Sunday, May 19, 2024

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰা কোন হয় অসমৰ ৰুক্মিণী

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

২০০৬ চনৰ কথা। বিধায়িকা হৈ থাকোতে নিৰ্বাচনী প্ৰচাৰৰ বাবে ওড়িশাৰ পৰা অসমলৈ আহিছিল দ্ৰৌপদী মূৰ্মু। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে কালি নিশা কইনাধাৰা ৰাজ্যিক অতিথিশালাত নৈশ যাপন কৰি পুৰণি স্মৃতি ৰোমন্থন কৰে। ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বেও কেইবাবাৰো অসমলৈ আহিছিল দ্ৰৌপদী মূৰ্মু।

বিশ্বনাথৰ মিজিকাজান চাহ বাগিচাৰ ৰুক্মিণীয়ে ৰাষ্ট্ৰপতিগৰাকীক মনত পেলাই দিয়ে বহু পুৰণি স্মৃতিৰ কথা। ৰাষ্ট্ৰপতি গৰাকীৰ হাতত তুলি দিলে পুৰণি কিছু স্মৃতিৰ সঁফুৰা। কিন্তু কোন এইয়া ৰুক্মিণী? কি ধৰণৰ সম্পৰ্ক ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু আৰু বিশ্বনাথৰ ৰুক্মিণী মাজত।

সেয়া আছিল ২০০৬ চনৰ কথা। বিধায়িকা হৈ থাকোতে নিৰ্বাচনী প্ৰচাৰৰ বাবে ওড়িশাৰ পৰা অসমলৈ আহিছিল দ্ৰৌপদী মুৰ্মু। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিশ্বনাথৰ মিজিকাজান চাহ বাগিচাত ৭ দিন কটাই গৈছিল দ্ৰৌপদী মুৰ্মুৱে। সেই সময়ত ৰুক্মিণী কিষাণ বৰকটকীৰ ঘৰতে আছিল দ্ৰৌপদী মূৰ্মু। ১৬ বছৰৰ মূৰত পুনৰবাৰ লগ পাই আৱেগিক হৈ পৰিছিল ৰুক্মিণী।

অন্য পঢ়িবলৈ, অসমঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৩০০০ টা অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰিব

আজি ১৬ বছৰৰ পিছত কইনাধৰাত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিলে ৰুক্মিণী কিষাণে। সুঁৱৰিলে পুৰণি স্মৃতি। ৰুক্মিণীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক উপহাৰ দিলে ১৬ বছৰ আগতে উঠা এখন ফটো।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -