36 C
Guwahati
Tuesday, May 14, 2024

Wagner Group Rebellion: প্ৰতাৰণা নে প্ৰতিশোধ! ৰাছিয়াক জয়ী কৰোৱা “ৱেগনাৰ বাহিনী”ৰ বিদ্ৰোহ; ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা নিজ বাহিনী ৱেগনাৰৰ, কিন্তু কিয়?

Wagner Group Rebellion Against Vladimir Putin: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আন এটা বিপদৰ সন্মুখত থিয় হৈছে

Must Read

Wagner Group Rebellion Against Vladimir Putin: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আন এটা বিপদৰ সন্মুখত থিয় হৈছে।

তেওঁৰ ব্যক্তিগত মিলিছিয়া “ৱেগনাৰ বাহিনী”য়ে (Wagner Mercenary Group)বিদ্ৰোহ কৰাৰ ঘোষণা কৰিছে।

“ৱেগনাৰ বাহিনী” আৰু ৰাছিয়াৰ সেনাৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। ৰাছিয়াৰ সৈতে জড়িত যুঁজাৰু ৱেগনাৰ বাহিনীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনে মস্কোক শাস্তি দিবলৈ আৰু প্ৰতিশোধ ল’বলৈ প্ৰতিশ্ৰুতি দিছে (Putin Accuses Wagner Chief Of Stoking ‘Armed Rebellion’)

Wagner Group Rebellion
Wagner Group Rebellion

শনিবাৰে মস্কোৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ভাড়াতীয়া ৱেগনাৰ বাহিনীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনে (Wagner Chief Yevgeny Prigozhin)

দৰাচলতে, ইউক্ৰেইনত ৱেগনাৰ অনুশীলন কেম্পত মিছাইল আক্ৰমণৰ বাবে প্ৰিগোজিনে ক্ৰেমলিনক দোষী সাব্যস্ত কৰিছে। এই আক্ৰমণত বহু কেইগৰাকী ৱেগনাৰ যুঁজাৰুৱে প্ৰাণ হেৰুৱাইছিল। এতিয়া ৱেগনাৰৰ মুৰব্বীয়ে ইয়াৰ প্ৰতিশোধ ল’বলৈ উঠিপৰি লাগিছে (Wagner Group Rebellion)

মিডিয়া ৰিপৰ্ট অনুসৰি, এটা ভিডিঅ’ত ৬২ বছৰীয়া য়েভগেনি প্ৰিগোজিনে দেশখনৰ নেতৃত্ব উঘালি পেলাবলৈ বৃহৎ সংখ্যাত সেনা নিয়োজিত কৰিব বুলি শপত খাইছে।

তেওঁ ক’লে যে যিয়ে আজি আমাৰ লোকক নষ্ট কৰি পেলাইছে তেওঁলোকক শাস্তি দিয়া হ’ব। আমি মস্কো (Moscow) গৈ আছো, আৰু যিয়ে আমাৰ কেন্দ্ৰসমূহত প্ৰৱেশ কৰিব সি ইয়াৰ বাবে জৱাবদিহি হ’ব।

আৰু লগতে ক’লে যে যিও আমাৰ ৰাস্তাত আহিবলৈ চেষ্টা কৰিব, আমি তাকে নিজৰ শত্ৰু বুলি ভাবিম। আমাৰ ৰাস্তাত অহা চেকপইণ্টসহ তেওঁলোকক তৎক্ষণাৎ ধ্বংস কৰি দিম (Wagner Group Rebellion)

প্ৰিগোজিনে ক’লে যে ইউক্ৰেইনত হৈ থকা আক্ৰমণৰ নেতৃত্বত তেওঁয়েই আছিল। এতিয়া তেওঁলোকৰ যুঁজাৰুসকলে দক্ষিণ ৰাছিয়াৰ (Russia) ৰোস্তভ অঞ্চলত প্ৰৱেশ কৰিছে।

অৱশ্যে, তেওঁ ইয়াৰ কোনো প্ৰমাণ প্ৰদান কৰা নাছিল। প্ৰিগোজিনে জেনেৰেল ষ্টাফৰ মুৰব্বী ভেলেৰী গেৰাচিমভৰ বিৰুদ্ধে তেওঁৰ গোটসমূহৰ বিৰুদ্ধে আক্ৰমণৰ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰিছে (Wagner Group Rebellion)

এই ঘটনাত ৰাছিয়াৰ বিষয়াসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেইবাখনো চহৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

ৰাজধানী মস্কোৰ দক্ষিণে অৱস্থিত লিপেটস্ক প্ৰদেশৰ গৱৰ্ণৰ ইগ’ৰ আৰ্টামোনভে কৈছে, ‘’ইয়াত নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।‘’ স্থানীয় কৰ্তৃপক্ষই ৰুষ্ট’ভৰ বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে ৱেগনাৰে পুটিনৰ নিৰ্দেশত ইউক্ৰেইনত যুঁজিছে। কিন্তু ৰাছিয়াৰ সেনা আৰু ৱেগনাৰ বাহিনীৰ মাজত দীৰ্ঘদিন ধৰি আন এখন যুঁজ চলি আহিছে।

যোৱা শুকুৰবাৰে য়েভগেনী প্ৰিগোজিনে (Wagner Chief Yevgeny Prigozhin) দাবী কৰিছিল যে ৰাছিয়াৰ সেনাই তেওঁৰ সৈন্যৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল (Wagner Group Rebellion)

ইপিনে, ৰাছিয়াৰ তদন্তকাৰী সংস্থা এফ এছ বিয়ে প্ৰিগোজিনৰ (Wagner Chief Yevgeny Prigozhin) বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ গোচৰ ৰুজু কৰিছে। মস্কোলৈ যোৱা পথত সুসজ্জিত গাড়ীৰে টহল দি আছে বাহিনী। সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।

Photo: Google

লগতে পঢ়কঃ Mla Son Works Petrol Pump: পিতৃ বিধায়ক; কিন্তু পুত্ৰই কাম কৰে “পেট্ৰ’ল পাম্প”ত, স্নাতক পৰীক্ষা দি আগৰ পঢ়াৰ খৰচ উলিয়াবলৈ সোমাল কামত… পিছে জানেনে কোন এইগৰাকী বিধায়ক?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -