29 C
Guwahati
Sunday, May 19, 2024

মাত্ৰ এসপ্তাহ গুৱাহাটীত মুকলিকৈ তহল দি দেখুৱাওক: জি পি সিঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আলফা (স্বাধীন)-ৰ চৰ্ত

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)-এ অসমত চলাই থকা সামৰিক কাৰ্যকলাপক লৈ সম্প্ৰতি প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতেই সংগঠনটোৰ লগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰত্যাহ্বান আৰু চৰ্ত বান্ধি দিয়াৰ বিষয়ে এতিয়া বিশেষভাৱে চৰ্চা লাভ কৰিছে।

বৃহস্পতিবাৰে যোৰহাটৰ সেনা চাউনিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ পাছতেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, “মোৰ ঘৰ কাহিলীপাৰাত, অফিচ উলুবাৰীত। টাৰ্গেট কৰিলে মোক কৰক।” এইদৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সাধাৰণ ৰাইজক লক্ষ্য কৰাতকৈ তেওঁক লক্ষ্য কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

জি পি সিঙৰ এই মন্তব্যৰ পাছতেই আলফা (স্বাধীন)-এ ইয়াৰ প্ৰত্যুত্তৰ দি তেওঁক দুটাকৈ চৰ্ত বান্ধি দিছে। শুকুৰবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে স্বাক্ষৰ কৰা এক বিবৃতিত এই চৰ্ত দুটা উল্লেখ আছে।

বিবৃতিটোত উল্লেখ আছে, “যোৱা ইংৰাজী ১৫ ডিচেম্বৰ ২০২৩ তাৰিখে জি পি সিঙে সংবাদ মাধ্যমৰ আগত ”সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনক যি প্ৰত্যাহ্বান জনাইছে; উক্ত প্ৰত্যাহ্বান আমি দুটা চৰ্ত সাপেক্ষে গ্ৰহণ কৰিছোঁ।

প্ৰথমে জি পি সিঙে তেখেতৰ গাড়ী চালকৰ লগতে নিৰাপত্তাৰ বাবে পশ্চিম-দক্ষিণ-পূৱ-এছিয়া (WESA) অঞ্চলৰ যিসকল থলগিৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলক ব্যৱহাৰ কৰি আহিছে সেইসকলৰ ঠাইত CRPF বা ভাৰতীয় সেনা বাহিনী (WESA অঞ্চলৰ যুৱক-যুৱতীক বাদ দি)ক ব্যৱহাৰ কৰক।

দ্বিতীয়তে মাত্ৰ এসপ্তাহ গুৱাহাটীত মুকলিকৈ তহল দি দেখুৱাওক। কিয়নো এটা দশকৰ পূৰ্বে ”সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনে অসম আৰক্ষীৰ থলগিৰি বিষয়া/সদস্যৰ লগতে ৱেছিয়া অঞ্চলৰ থলগিৰি সামৰিক বিষয়া/সদস্যসকলৰ সৈতে সংঘৰ্ষত লিপ্ত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কাৰণ, বিগত সময়ত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক আৰ কে সিঙৰ সৈতে সংঘৰ্ষ হওঁতে আমাৰ হাততেই ভাতৃসদৃশ বহুকেইগৰাকী থলগিৰি বিষয়া/সদস্যই মৃত্যুবৰণ কৰিছিল। এতিয়া আকৌ জি পি সিঙে পুনৰ সেই ভাতৃঘাটি সংঘৰ্ষৰ ৰূপ দিবলৈ বাৰে বাৰে চেষ্টা চলাইছে। সেয়েহে ”সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনে ‘উলুৰ লগত বগৰী পোৰা’ কাৰ্যৰ পৰা বিৰত থাকি জি পি সিঙলৈ উক্ত চৰ্তৰ প্ৰত্যাহ্বান জনোৱা হৈছে।”

উল্লেখযোগ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত শান্তিৰ পৰিবেশ বিৰাজ কৰা বুলি দাবী কৰা সময়তে বিগত প্ৰায় এটা মাহৰো কম সময়ৰ ভিতৰত তিনিটাকৈ স্থানত আলফা (স্বাধীন)-এ কূটাঘাট সংঘটিত কৰিছে। শেহতীয়াকৈ যোৱা বৃহস্পতিবাৰে যোৰহাটৰ সেনা চাউনিত গ্ৰেণেড বিস্ফোৰণ ঘটোৱাৰ পূৰ্বে তিনিচুকীয়াৰ ডিৰাক আৰু শিৱসাগৰতো অনুৰূপ বিস্ফোৰণৰ ঘটনা ঘটিছিল।

ইপিনে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে আলফা আৰু চৰকাৰৰ আলোচনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। সমান্তৰালভাৱে তেওঁ কয়, “পৰেশ বৰুৱাৰ সৈতে কথা পাতিয়েই থাকো। দুটা গ্ৰেণেড ফুটালেই অসম স্বাধীন নহয়”।

লগতে জি পি সিঙৰ সৈতে হোৱা আলফা(স্বাধীন)ৰ বাকযুদ্ধক লৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ জি পি সিঙৰ নাম নোলোৱাকৈয়ে কয় যে পৰেশ বৰুৱাই কাৰোবাক বেয়া পাব পাৰে, তাত ক’বলগীয়া একো নাই। কিন্তু নিজৰ জননী-জন্মভূমিৰ ওপৰত কোনোবাই বোমা মাৰিব পাৰে নেকি বুলিও প্ৰশ্ন কৰে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -