25 C
Guwahati
Sunday, May 19, 2024

2022 FIFA World Cup, ফিফা বিশ্বকাপৰ বিষয়ে কিছু কথা জানো আহক

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

মৰুৰ দেশত অনুষ্ঠিত হ’ব ২০২২ ৰ ফুটবল ৰণাংগন ।

আজিৰে পৰা অনুষ্ঠিত হ’ব ফুটবলৰ ৰণাংগন।

কাটাৰৰ ফুটবল খেল আপোনালোকে নিশ্চয় উপভোগ কৰিব।

কিন্তু আপোনালোকে জানেনে ফুটবল ৰণাংগন অৰ্থাৎ ফিফা বিশ্বকাপৰ বিষয়ে?

ফিফাৰ সম্পূৰ্ণ অৰ্থ হৈছে ফেডেৰেচন ইণ্টাৰনেচনেল ডি ফুটবল এছ’চিয়েচন।

ফিফাৰ প্ৰতিষ্ঠা হৈছিল ১৯০৪ চনৰ ২১ মে তাৰিখে ।

অৰ্থাৎ ১১৮ বছৰ আগতেই প্ৰতিষ্ঠা হৈছিল ফিফা।

ফিফাৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জুৰিচত অৱস্থিত।

২১১ টা ৰাষ্ট্ৰীয় সংস্থাৰে গঠিত হৈছে ফিফা বিশ্বকাপৰ।

ফিফাৰ সভাপতি হৈছে গিয়ান্নি ইনফেনটিনো।

ফিফাই আন্তৰ্জাতিক ভাৱে ফুটবল সংগঠন বৰ্ধিত কৰিবলৈ চেষ্টা কৰি আহিছে।

লগতে ফিফাই ফুটবল সকলোৰে বাবে উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ প্ৰচেষ্টা কৰে।

ফিফাই অখণ্ডতা আৰু নিৰপেক্ষ খেলৰ বাবে উকালতি কৰে।

ফিফাই বিভিন্ন টুৰ্ণামেণ্টবোৰৰ পৰা ৰাজহ উপাৰ্জন কৰে।

ফিফাৰ প্ৰথম সভাপতি আছিল ৰবাৰ্ট গুয়েৰিন।

ফিফাৰ দ্বাৰা স্বীকৃত ছয়টা বিশেষ কনফেডাৰেচন আছে যি বিশ্বৰ বিভিন্ন মহাদেশ আৰু অঞ্চলত খেলৰ তত্বাৱধান কৰে।

সেইকেইখন হৈছে এছিয়ান ফুটবল কনফেডাৰেচন।

কনফেডাৰেচন অফ আফ্ৰিকান ফুটবল।

কনফেডাৰেচন অফ নৰ্থ,চেনট্ৰেল আমেৰিকান এণ্ড কেৰিবিয়ান এচ’চিয়েচন ফুটবল।

কনফেডাৰেচন সুদামেৰিকানা দি ফুটবল।

ওচেনিয়া ফুটবল কনফেডাৰেচন ।

ইউনিয়ন অফ ইউৰোপিয়ান ফুটবল এচ’চিয়েচন।

আৰু আজি ধাঁধানো ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ।

২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব বিশ্ব ক্ৰীড়াৰ মেগা ইভেণ্টখন।

বিশ্বকাপ প্ৰতিযোগিতাখনত ২৮ দিনৰ ভিতৰত মুঠ ৬৪ খন খেল খেলা হ’ব।

প্ৰতিযোগিতাখনত আয়োজক কাটাৰকে ধৰি মুঠ ৩২ খন দেশে অংশগ্ৰহণ কৰিব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -