29 C
Guwahati
Sunday, May 19, 2024

আজি দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খৱৰ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.
  • আজি অভিশপ্ত ৩০ অক্টোবৰ। ১৪টা বছৰ সম্পূৰ্ণ হ’ল ক’লা দিনৰ। সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল অৰ্ধশতাধিকে৷ গণেশগুৰি, পাণবজাৰ, কাছাৰীত সংঘটিত হৈছিল বিস্ফোৰণ৷ একেসময়তে বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰতো হৈছিল বিস্ফোৰণ৷ আজি মহানগৰীৰ গণেশগুৰিত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
  • আজিৰে পৰা চলিলে Alliance Airৰ ৫ খনকৈ বিমান ৷লীলাবাৰী বিমানকোঠৰ পৰা চলিব এই বিমান সেৱা৷ লীলাবাৰী, জিৰ’, শ্বিলং, ইম্ফল, আইজললৈ বিমান সেৱা৷ আজি ভাৰ্ছুৱেলী শুভাৰম্ভ কৰে Alliance Airৰ বিমান সেৱা৷ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীদ্বয় জ্যোতিৰাদিত্য সিন্ধিয়া, জি কে সিঙে৷
  • সোমবাৰে উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি ৷ CAA বাতিলৰ বাবে গোচৰ ৰুজু কৰিছিল AJYCP-এ৷ শুনানিৰ সময়ত উপস্থিত থাকিব সংগঠনটোৰ নেতৃবৃন্দ৷ CAA বাতিলৰ বাবে ধাৰাবাহিক আন্দোলন কৰি আহিছে সংগঠনটোৱে৷ ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাঃ সম্পাদক পলাশ চাংমাই৷
  • ওদালগুৰিত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ।
    ৩টা AK-47, ৬টা মেগজিন জব্দ আৰক্ষীৰ।
    লগতে জব্দ ৬২০ জাঁই সজীৱ গুলী।
    মাজবাটত ওদালগুৰি আৰক্ষীয়ে চলাইছিল অভিযান।
  • মহানগৰীৰ ঐতিহ্যমণ্ডিত বিদ্যালয় পৰিদৰ্শন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিদ্যালয়ৰ শৈক্ষিক প্ৰক্ৰিয়া আৰু আন্তঃগাঁঠনিৰ বুজ লয়। মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু আৰু ড০ ননী মোহন মহন্ত ও বিদ্যালয় পৰিদৰ্শন কৰে।
  • আৰক্ষী স্মৃতি দিৱস উপলক্ষে মৰিগাঁৱত মাৰাথন দৌৰ প্ৰতিযোগিতা। মৰিগাঁও জিলা আৰক্ষীয়ে অনুষ্ঠিত কৰে এই প্ৰতিযোগিতা। পুৱাই ভকতগাঁৱৰ পৰা মৰিগাওঁ আৰক্ষী ছাউনীলৈ অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।
  • চুবুৰীয়া ৰাজ্য মিজোৰামত ভয়ংকৰ ঘটনা। জীৱন্তে অগ্নিদগ্ধ হৈ ৫ জনৰ কৰুণ মৃত্যু। অগ্নিদগ্ধ হৈ গুৰুতৰ ভাৱে আহত ৯ জনকৈ লোক। দুৰ্ঘটনাগ্ৰস্ত টেংকাৰৰ পৰা তেল সংগ্ৰহ কৰোঁতেই সংঘটিত হয় ঘটনাটো। মিজোৰামৰ তুইৰিল এয়াৰফিল্ডৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় টেংকাৰখন। দুৰ্ঘটনাৰ পাছতে তেল সংগ্ৰহ কৰিছিল লোককেইজনে। হঠাৎ জুইৰ সূত্ৰপাত হোৱাত অগ্নিদগ্ধ হয় লোককেইজন।
  • সংসদ ভৱনত ভাষণ দিয়াৰ সুযোগ অসম কন্যালৈ। আজি দিল্লী অভিমুখে ৰাওনা হ’ব শিৱসাগৰৰ অনন্যা দত্ত। ইংৰাজী সাহিত্যৰ স্নাতক অনন্যা দত্তলৈ এই সুযোগ। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে এই কাৰ্যসূচী।
  • দক্ষিণ কোৰিয়াৰ ছিউলিত ভয়াৱহ ঘটনা। পদপিষ্ট হৈ ডেৰ শতাধিকৰ কৰুণ মৃত্যু। নিহত সকলৰ অধিকাংশই কিশোৰ-কিশোৰী। কিছুসংখ্যক যুৱক-যুৱতীয়েও প্ৰাণ হেৰুৱায় ঘটনাত। হেলউইন উৎসৱ উদযাপনৰ বাবে সমবেত হৈছিল বহু লোক। দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলিত অনুষ্ঠিত হৈছিল এই উৎসৱ।
  • ছোমালিয়াৰ মগাদিছুত ভয়ংকৰ বোমা বিস্ফোৰণ। বিস্ফোৰণত ৩০ জনৰো অধিক লোকৰ মৃত্যু। দুটাকৈ বোমা বিস্ফোৰণত আহত হৈছে কেইবাজনো লোক। কোনো সংগঠনে স্বীকাৰ কৰা নাই বিস্ফোৰণৰ দায়িত্ব। মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা।
- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -