25 C
Guwahati
Sunday, May 19, 2024

ৰঞ্জী ট্রফীত হায়দৰাবাদৰ বিৰুদ্ধে অসমৰ জয়লাভ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

BCCI ৰ ৰঞ্জী ট্রফীত হায়দৰাবাদৰ বিৰুদ্ধে অসমৰ চমকপ্রদ জয়লাভ। হায়দৰাবাদ দলৰ বিৰুদ্ধে প্রথম ইনিংছত পিছ পৰি থাকিও চমকপ্রদ জয়লাভ কৰে অসমে। আনহাতে মাত্ৰ ১৮ ৰানত হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ কৰে ঘৰুৱা দলটোৱে।

শুকুৰবাৰে পুৱা অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিং-বলিঙৰ সহায়ত জয়লাভ কৰে অসমে। মেচখনৰ দ্বিতীয় ইনিংছত চাৰি নম্বৰ স্থানত বেটিং কৰিবলৈ যোৱা ৰিয়ানে হায়দৰাবাদৰ বিৰুদ্ধে মাত্ৰ ২৮ টা বলত ৬টা অভাৰ বাউণ্ডেৰী আৰু ৮টা বাউণ্ডেৰীৰে ৭৮ ৰান কৰে।

খবৰ মতে,মেচখনত টছত জয়ী হৈ হায়দৰাবাদে অসম দলৰ বিপৰীতে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি অসমে প্ৰথমে বেট ধৰি প্ৰথম ইনিংছত ২০৫ ৰান সংগ্ৰহ কৰে। মেচৰ দ্বিতীয় দিনা অসমে দ্বিতীয় ইনিংছত ৰিয়ান পৰাগৰ অৰ্ধশতকৰ সহায়ত ২৫২ ৰান সংগ্ৰহ কৰে।

আনহাতে, হায়দৰাবাদে প্ৰথম ইনিংছত ৰোহিত ৰায়দুৰ অৰ্ধশতকৰ সহায়ত ২০৭ ৰান কৰে। ২৫২ ৰানত দ্বিতীয় ইনিংছ সামৰা অসমে হায়দৰাবাদক জয়ৰ বাবে ২৫১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। আনহাতে ২৩১ ৰানতে সকলো উইকেট হেৰুৱায় পৰাস্ত হয় হায়দৰাবাদৰ দলটো।

লগতে ৰঞ্জী ট্ৰফী ছিজনৰ দ্বিতীয়খন খেলত জয়লাভ কৰা অসমৰ দলটোক টুইটযোগে অভিনন্দন জ্ঞাপন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -