25 C
Guwahati
Sunday, May 19, 2024

নলবাৰীৰ বাবে সুখবৰ! মুকলি হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো 3D তাৰকাগৃহ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

অহা ৬ ডিচেম্বৰত নলবাৰীৰ জিলাৰ সৰিয়হতলিত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব উত্তৰ-পূবৰ প্ৰথমটো 3D তাৰকাগৃহ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই তাৰকাগৃহটো৷ ৬০ গৰাকী দৰ্শকে ইয়াত একেলগে বহি উপভোগ কৰিব পাৰিব সৌৰজগতৰ গ্ৰহ-উপগ্ৰহ ছবি আৰু জানিব পাৰিব মহাকাশৰ বিভিন্ন কথা।

উল্লেখযোগ্য যে, ২০১২ চনৰ মে মাহতে কংগ্ৰেছ চৰকাৰৰ দিনত নলবাৰী তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মুকলিৰ পূৰ্বেই বিভিন্ন পৰীক্ষণমূলক কাম-কাজ চলাইছে তাৰকাগৃহ কৰ্তৃপক্ষই।

জানিব পৰা মতে, দৰ্শকৰ বাবে দৈনিক ৩ টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰিছে নলবাৰী তাৰকাগৃহ কৰ্তৃপক্ষই। ইয়াৰে অসমীয়া ভাষাত ৰাতিপুৱা ১১:৩০ বজাত, আবেলি ৪ বজাত আৰু ইংৰাজী ভাষাত দিনৰ ২ বজাত, আকৌ প্ৰতি দেওঁবাৰে বিশেষভাৱে ৪টাকৈ দৰ্শনী প্ৰদৰ্শন কৰা হ’ব।

সাধাৰণ লোকে ৫০ টকা আৰু শিক্ষাৰ্থী সকলে টিকট ৩০ টকাৰ টিকটৰ বিনিময়ত তাৰকাগৃহৰ দৰ্শনী উপভোগ কৰিব পাৰিব ৷ ইতিমধ্যে তাৰকাগৃহটোৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি সদৰী কৰিছে বিভাগীয় কৰ্তৃপক্ষই ।

এই শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংসদ দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক উপস্থিতত থাকিব বুলি জানিব পৰা গৈছে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -