31 C
Guwahati
Saturday, May 18, 2024

৫০ সংখ্যক উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তীত অংশ গ্ৰহণ মোডীৰ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

বিভিন্ন কাৰ্যসূচী হাতত লৈ উত্তৰ-পূবত দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহে আজি  শ্বিলঙৰ নৰ্থ ইষ্ট-কাউন্সিলৰ আজি সোনালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা সহ বহু নেতা উপস্থিত থাকে।

১৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব পৰিষদৰ (এনইচি) ৫০ সংখ্যক সোণালী জয়ন্তীত অংশগ্ৰহণ কৰে। উত্তৰ-পূব পৰিষদ (এনইচি) ১৯৭১ চনত সংসদীয় আইনৰ দ্বাৰা স্থাপিত হৈছিল। ইয়াক আনুষ্ঠানিকভাৱে ১৯৭২ চনৰ ৭ নৱেম্বৰত শ্বিলঙত উদ্বোধন কৰা হৈছিল, আৰু ২০২২ চনৰ নৱেম্বৰত ইয়াৰ ৫০ সংখ্যক সোণালী জয়ন্তীউদযাপন কৰা হয়।

এনইচি ১৯৭১ চনত সংসদৰ এক আইনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ১৯৭২ চনৰ ৭ নৱেম্বৰত শ্বিলঙত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল।

ইয়াৰ পিছতপ্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰা ভ্ৰমণ কৰিব, য’ত তেওঁ আগৰতলাৰ স্বামী বিবেকানন্দ খেলপথাৰত এক ৰাজহুৱা সমাৱেশক সম্বোধন কৰিব, আৰু প্ৰকল্প উদ্বোধন কৰিব আৰু আধাৰশিলা স্থাপন কৰিব।

মেঘালয়ৰ প্ৰকল্পসমূহ

আঞ্চলিক টেলিকম সংযোগ উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ৪জি মোবাইল টাৱাৰ সেৱা প্ৰদাণ কৰিব।

আনুষ্ঠানিকভাৱে উমচাৱলীত আইআইএম শ্বিলঙৰ নতুন চৌহদ মুকলি কৰিব

শ্বিলং-ডিয়েংপাসোহ সংযোগী পথ মুকলি কৰিব নিৰ্মাণ

মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ বাবে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে অনুমোদন

মেঘালয়ৰ কাঠফুলা বিকাশ কেন্দ্ৰত স্পাউন লেবৰেটৰী সেৱা প্ৰদাণ।

ইয়াৰ উপৰিও মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু অসমত ২১ টা হিন্দী পুথিভঁৰাল মুকলি কৰিব

প্ৰধানমন্ত্ৰীয়ে অসম, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ছয়টা পথ প্ৰকল্পৰ ভিত্তি স্থাপন কৰিব।

ইয়াৰ উপৰিও তেওঁ তুৰা ইণ্টিগ্ৰেটেড হস্পিটালিটি এণ্ড কনভেনচন চেণ্টাৰ আৰু শ্বিলং টেকন’লজী পাৰ্ক দ্বিতীয় পৰ্যায়ৰ বাবে আধাৰশিলা স্থাপন কৰিব। প্ৰযুক্তি উদ্যান দ্বিতীয় পৰ্যায়ৰ নিৰ্মিত এলেকা প্ৰায় ১.৫ লাখ বৰ্গফুট হ’ব।

মোডীয়ে ত্ৰিপুৰাত ৪,৩৫০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্প উন্মোচন কৰিব। পিএমঅ’ৰ মতে, মোডীয়ে সকলোৰে নিজা ঘৰ থকাটো নিশ্চিত কৰাত অগ্ৰাধিকাৰ দিছে। ইয়াক সম্পূৰ্ণ কৰাৰ বাবে তেওঁ ‘গৃহ প্ৰৱেশ’ কাৰ্যসূচী আৰম্ভ কৰিব। ৩,৪০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা এই ঘৰসমূহে দুই লাখৰো অধিক লোকক লাভান্বিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে আগৰতলা বাইপাছ (খাইৰপুৰ-আমতালী) ৰাষ্ট্ৰীয় ঘাইপথ-০৮ বহল কৰাৰ প্ৰকল্প উদ্বোধন কৰিব, যিয়ে আগৰতলা চহৰত যান-জঁট হ্ৰাস কৰাত সহায় কৰিব, যাৰ দ্বাৰা পথ সংযোগ উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ পিএমজিএছৱাই ৩ (প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা)ৰ অংশ হিচাপে মুঠ ২৩০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৩২ টা পথৰ ভিত্তি স্থাপন কৰাৰ লগতে ৫৪০ কিলোমিটাৰতকৈ অধিক মুঠ ১১২ টা পথ উন্নত কৰিব।

 গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘‘নৰেন্দ্ৰ মোদীয়ে বিগত ৮ বছৰত ৫০ বাৰতকৈ বেছি উত্তৰ পূৰ্বাঞ্চললৈ আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক ভাল পায়।’’ লগতে তেওঁ কয় যে, ‘‘উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানী চহৰৰ সৈতে আজি ৰে’ল, বিমানৰ সংযোজন হৈছে।’’

ইয়াৰোপৰি, নৰেন্দ্ৰ মোদী চৰকাৰৰ সময়ত প্ৰায় ৮,০০০ উগ্ৰপন্থী সদস্য মূলসূঁতিলৈ আহিছে বুলিও জনায়। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত শান্তি বিৰাজ কৰিছে বুলিও কয়।

নিজ ভাষণত তেওঁ উগ্ৰপন্থীৰ সৈতে শান্তি চুক্তি হোৱা বুলি কোৱাৰ লগতে চুবুৰীয়া ৰাজ্যৰ মাজত সীমা সমস্যা কম হোৱা বুলি উল্লেখ কৰে। লগতে গৃহমন্ত্ৰীয়ে এতিয়াও যি সকলে জংঘলত আছে, তেওঁলোকক মুলসূতীলৈ আহিবলৈ আৰু উন্নয়নত অংশ ল’বলৈ আহ্বান জনায়।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -