28 C
Guwahati
Saturday, April 27, 2024

Mexico Bus Accident: ভয়ংকৰ বাছ দুৰ্ঘটনা! ৰাস্তাৰ পৰা পিছলি ৮০ ফুট দ’ খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছ; ২৯জন লোকৰ মৃত্যু, ২১জন গুৰুতৰভাবে আহত

Mexico Bus Accident 29 Killed: মেক্সিক'ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। সাধাৰণতে, দ্ৰুতগতি, গাড়ীত বিজুতি বা চালকৰ ভাগৰৰ বাবে প্ৰায়ে দুৰ্ঘটনা হয়

Must Read

Mexico Bus Accident 29 People Killed: বুধবাৰে (৫ জুলাই) মেক্সিক’ৰ দক্ষিণ ৰাজ্য অক্সাকাত (Mexico Southern State Of Oaxaca) এখন যাত্ৰীভৰ্তি বাছ পাহাৰৰ ৰাস্তাৰ পৰা পিছলি খাৱৈত বাগৰি পৰে (Bus Falls Into Ditch)।

এই দুৰ্ঘটনাত প্ৰায় ২৯ গৰাকী লোকে প্ৰাণ হেৰুৱায় (29 People Killed), আনহাতে ২১ গৰাকী লোক গুৰুতৰভাবে আহত হয় (21 People Injured)

Mexico Bus Accident Mexico Bus Accident Mexico Bus Accident

Mexico Bus Accident
Mexico Bus Accident

Mexico Bus Accident

এই কথাটো আৰক্ষীয়ে জানিবলৈ দিয়ে। দুৰ্ঘটনাটোত বাছখন সম্পূৰ্ণভাবে নষ্ট হৈ যায়। ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ এটা দল উপস্থিত হৈ উদ্ধাৰ কৰে যাত্ৰীসকলক।

অক্সাকাৰ State Prosecutor Bernardo Rodríguez Alamillaই ফোনযোগে AFPক ক’লে যে, আৰম্ভণিত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু ১৭ গৰাকীক লোকক আহত অৱস্থাত অঞ্চলটোৰ পৃথক-পৃথক হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোৰ কাৰণত তদন্ত আৰম্ভ আৰক্ষীৰ। প্ৰাৰম্ভিক ইংগিতে এইটো সূচাই যে যান্ত্ৰিক বিজুতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে।

তীব্ৰবেগী বাছখনৰ চালকজনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। অলপ পিছতে পাহাৰীয়া পথৰ পৰা বাছখন বাগৰি ৮০ ফুট দ খাৱৈত বাগৰি পৰে (Oaxaca Bus Crashed Into Ravine 27 People Killed Several Injured)। চিধাই মুখ উবুৰি খাই পৰাৰ বাবে বাছখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে।

অতি দুৰ্গম অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছতে উদ্ধাৰ অভিযান চলে। বাছখনৰ আটাইকেইজন যাত্ৰী শ্ৰমিক আছিল বুলি অনুমান কৰা হৈছে। তেওঁলোকে চহৰত কাম শেষ কৰি গাঁৱলৈ উভতিছিল (Mexico Bus Accident)

মেক্সিক’ চহৰৰ (Mexico City) পৰা যাত্ৰা আৰম্ভ কৰা বাছখনৰ লক্ষ্যস্থান আছিল মিক্সটেকা। লক্ষ্যস্থান পোৱাৰ পূৰ্বেই এই বাছখন বুধবাৰে পুৱা প্ৰায় ৬-৩০ বজাত দুৰ্ঘটনাত পতিত হয় (Mexico Bus Accident)

আৰক্ষীৰ সূত্ৰ অনুসৰি, বুধবাৰে পুৱা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। মেক্সিকোৰ এটা স্থানীয় পৰিবহণ কোম্পানীয়ে চলায় এই বাছখন।

মঙলবাৰে নিশা মেক্সিকো চহৰৰ পৰা বাছখনে চেণ্টিয়াগো ডি ইয়োসিনডোয়া অভিমুখে ৰাওনা হয়। বাছখনত কিমানজন যাত্ৰী আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই (Mexico Bus Accident)

বাছখনৰ ওপৰৰ আধা অংশ নষ্ট (Bus Destroyed)

ছচিয়েল মিডিয়াত প্ৰকাশিত আৰক্ষীৰ ফটোসমূহত বাছখনৰ ওপৰৰ অংশ সম্পূৰ্ণভাবে নষ্ট হৈ গৈছে।

উল্লেখ্য যে মেক্সিক’ত প্ৰায়ে ভয়ংকৰ পথ দুৰ্ঘটনা (Mexico Horrific Bus Accident) সংঘটিত হয়। গৰিষ্ঠসংখ্যক দুৰ্ঘটনা বেয়া, সংকীৰ্ণ পথ আৰু বিপজ্জনক পাহাৰীয়া সংযোগস্থলৰ বাবেই সংঘটিত হয়। গতিবেগ, চালকৰ গাফিলতি বা গাড়ীৰ অৱস্থা বেয়া হোৱাৰ বাবেও বহু দুৰ্ঘটনা সংঘটিত হয়।

Photo: Google

লগতে পঢ়কঃ Wet Mobile Solution: জানি থওক! বৰষুণত “মোবাইল”টো তিতিলে আপুনি কি কৰিব? আমি দিম কেইটামান Tips; পিছে জানো আহক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -