37 C
Guwahati
Friday, May 17, 2024

Mahabharata poster at Nagaon Rajiv Bhawan: নগাঁও ৰাজীন ভৱনত অভিমন্যু বধৰ পোষ্টাৰিং, দুৰ্যোধনৰ ৰূপত ৰকিবুল হুছেইন

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Mahabharata poster at Nagaon Rajiv Bhawan: অসম প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলৰ মাজতেই নগাঁও ৰাজীৱ ভৱনত আঁৰি দিয়া এখন বিশেষ পোষ্টাৰে এতিয়া তোলপাৰ লগাইছে। মহাভাৰতৰ যুদ্ধৰ এটা গুৰুত্বপূৰ্ণ মুহূৰ্তৰ ছবি সম্বলিত এই পোষ্টাৰখনৰ মূল চৰিত্ৰত স্থান পাইছে সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক ৰকিবুল হুছেইনে।

বৃহস্পতিবাৰে সন্ধিয়া নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় অৰ্থাত নগাঁও ৰাজীৱ ভৱনত এই পোষ্টাৰখন দেখা যায়। ৰাজীৱ ভৱনৰ চৌহদৰ গেটত থকা ৰকিবুল হুছেইনৰ এখন বৃহত আকাৰৰ ফটোৰ ওপৰত কোনোৱে পোষ্টাৰখন লগাই থৈ যায়। 

এই পোষ্টাৰখনত মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ অভিমন্যু বধৰ দৃশ্য তুলি ধৰা হৈছে। য’ত গৌৰৱ গগৈক অভিমন্যু হিচাপে ৰখা হৈছে আৰু দুৰ্যোধনৰ ৰূপত আছে ৰকিবুল হুছেইনৰ ফটো। পোষ্টাৰখনত অভিমন্যুৰূপী গৌৰৱ গগৈৰ পেটত দুৰ্যোধনৰূপী ৰকিবুল হুছেইনে তৰোৱালেৰে হানি থকা দেখা গৈছে।

ফটোখনত কৌৰৱৰ পক্ষত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু নগাঁও জিলাৰ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাকো দেখা গৈছে। 

আনহাতে গৌৰৱ গগৈৰ পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক এই দৃশ্য ওপৰৰ পৰা চাই থকা দেখা গৈছে। পোষ্টাৰখনৰ লগত ‘ৰকিৰ অভিমন্যু বধ’ বুলি লিখা আছে।

বৰ্তমান সময়ত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্বকে ধৰি বিভিন্ন বিষয়ত প্ৰদেশ কংগ্ৰেছৰ মাজত তীব্ৰ অসন্তুষ্টি অব্যাহত আছে। বিশেষকৈ নগাঁও লোকসভা সমষ্টিক লৈও দলটোৰ কেইবাজনো নেতাৰ মাজত এখন শীত যুদ্ধ চলি থকাটো শেহতীয়া কিছুদিনত পৰিলক্ষিত হৈছে। তাৰ মাজতেই নগাঁও ৰাজীৱ ভৱনত অজ্ঞাত লোকে আঁৰি দিয়া এই পোষ্টাৰে বিশেষ তাত্পৰ্য বহন কৰিছে।

ইপিনে, এই পোষ্টাৰখন সন্দৰ্ভত বিধায়ক ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয়, “আমাক সমালোচনা কৰিছে। আমি ভাবিব লাগিব সমালোচনা কাক কৰে। যিসকলে সমালোচনা কৰিছে আমাক লৈ তেওঁলোকে এম পি ইলেকশ্যনৰ কাৰণে ভয় খাইছে। তেওঁলোক যদি ডালে ডালে আমিও পাতে পাতে”।

নগাঁও সমষ্টিত এইবাৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ উপৰিও বিধায়ক ৰকিবুল হুছেইনো প্ৰাৰ্থীত্বৰ দৌৰত আছে। একেসময়তে সমষ্টিটোৰ প্ৰাৰ্থীত্বৰ বাবে গৌৰৱ গগৈৰ নামো উচ্ছাৰিত হৈ আছে। এনে সন্ধিক্ষণত এই পোষ্টাৰখনে এতিয়া কংগ্ৰেছৰ ভিতৰচ’ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: Sashikanta Model-Kamalakhya Model: অসমৰ ৰাজনীতিত এতিয়া নতুন নতুন মডেল

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -