29 C
Guwahati
Sunday, May 19, 2024

Kerala Boat Tragedy: কেৰালাত ভয়ংকৰ নাও দুৰ্ঘটনা; বৰ্তমানলৈ ২২ গৰাকী লোকৰ মৃত্যু, মৃতকৰ সংখ্যা আৰু বঢ়াৰ সম্ভাৱনা, ২ লাখ টকাকৈ সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ, চাওক Video

Kerala Boat Tragedy Update: কেৰালাৰ মল্লপুৰম জিলাত এখন হাউছবোট ডুবি যায়। এই দুৰ্ঘটনাত বৰ্তমানলৈ ২২ গৰাকী লোকে প্ৰাণ হেৰুৱায়। হাউছবোটখনত আছিল প্ৰায় ৪০গৰাকী পৰ্যটক।

Must Read

Kerala Boat Tragedy: কেৰালাৰ মল্লপুৰম (Kerala Malappuram) জিলাত প্ৰায় ৪০ গৰাকী লোকক লৈ যোৱা এখন নাও বাগৰি যোৱাৰ ফলত প্ৰায় ২২ গৰাকী লোক পানীত ডুবি কৰুণ মৃত্যুক সাৱটি লয় (22 Person Tragic Died)। সংকটজনক অৱস্থাত ৭জনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহতসকলৰ ভিতৰত আছে শিশু আৰু মহিলাও।

Kerala Boat Tragedy Kerala Boat Tragedy Kerala Boat Tragedy Kerala Boat Tragedy Kerala Boat Tragedy

এই দুৰ্ঘটনা তান্নুৰৰ তুবল তেৰম পৰ্যটনস্থলীত দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় (House Boat Sink Incident)। ৰিজনেল ফায়াৰ ৰেঞ্জ বিষয়া ছিজু কেকেই ক’লে যে বৰ্তমানলৈ ২১ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। নাওখনত প্ৰায় ৪০ গৰাকী পৰ্যটক আছিল। NDRF, জুই (Fire) আৰু স্কুৱা ডাইভিং দলে সন্ধান চলাই আছে। নৌ বাহিনীয়েও এই অভিযানত সহায় কৰি আছে।

অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী বিষয়া, স্থানীয় ৰাইজৰ লগতে কেইবাজনো নাৱৰীয়াই উদ্ধাৰ অভিযানত সহায় আগবঢ়াইছে (Kerala Boat Tragedy)। অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে আৰু কিছু সময়ৰ বাবে অব্যাহত থকাৰ সম্ভাৱনা আছে। উলটি যোৱা নাওখনক পাৰলৈ অনাৰ প্ৰচেষ্টা অব্যাহত (Kerala Boat Tragedy)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi) সাহাৰ্যৰ ঘোষণা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ মৃত্যত শোকপ্ৰকাশ কৰে আৰু মৃতকৰ পৰিয়াললৈ ২ লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF)ৰ পৰা ২ লাখ টকাৰ সাহায্য ঘোষণা কৰে।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ (Kerala CM Pinarayi Vijayan) শোক প্ৰকাশ

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে দেওবাৰে মলপ্পুৰমত নাও ডুবি প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে আৰু উদ্ধাৰ অভিযানৰ কাৰ্যকৰী সমন্বয়ৰ নিৰ্দেশ দিয়ে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়েও (President Droupadi Murmu) দুখ প্ৰকাশ কৰে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে কয় যে কেৰালাত সংঘটিত হোৱা মৰ্মান্তিক নাও দুৰ্ঘটনাত (Kerala Boat Tragedy) তেওঁ গভীৰ দুখ প্ৰকাশ কৰিছে। যিসকলে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।

এটা টুইটযোগে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে (PMO) কয়, “কেৰালাৰ মালাপ্পুৰমত নাও দুৰ্ঘটনা (Kerala Boat Tragedy) সংঘটিত হোৱাৰ বাবে প্ৰাণ হেৰুওৱাত দুঃখ পাইছো। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা। পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ সাহায্য প্ৰতিজন মৃতকৰ আত্মীয়ক প্ৰদান কৰা হ’ব।”: প্ৰধানমন্ত্ৰী মোদী।”

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও (Amit Shah) সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো (Assam Cm Himanta Biswa Sarma) টুইটাৰযোগে কেৰালাৰ নাও দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে।

Photo: Google

লগতে পঢ়কঃ Assam Police Results 2023: ঘোষণা হ’ল আৰক্ষী, আবকাৰী আৰু বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল; slprbassam.inত উপলব্ধ ৫৭৩০টা পদৰ ফলাফল

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -