27 C
Guwahati
Sunday, May 12, 2024

এতিয়াৰে পৰা গুৱাহাটীত উপলব্ধ হ’ল Jio TRUE 5G; মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই সেৱা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

আজিৰে পৰা অসমত উপলব্ধ হ’ল Jio TRUE 5G নেটৱৰ্ক। প্ৰথমবাৰৰ বাবে গুৱাহাটীত মুকলি কৰা হ’ল এই সেৱা। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত Jio ৰ 5G সেৱা মুকলি কৰে।

জানিব পৰা মতে, ৰিলায়েন্স Jio 5G জৰিয়তে টেলি ৰেডিঅ’লজি, কানেক্টেড এম্বুলেন্স, আৰু ক্লিনিক ইন দ্য বেগৰ দৰে স্মাৰ্ট হেল্থকেয়াৰ ছলিউচনলৈ ৰূপান্তৰিত কৰি গ্ৰাম্য আৰু দুৰ্গম অঞ্চললৈ উচ্চমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰিব পাৰিব। এই সুবিধাসমূহে অসমৰ মানুহৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব।

খবৰ মতে, কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা সকলো ভক্ত সকলক বিনামূলীয়াকৈ Jio TRUE 5G চালিত Wi-fi সেৱা আগবঢ়াব ৰিলায়েন্স Jio কৰ্তৃ়পক্ষই ।

আনহাতে, অনুষ্ঠানটোত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় “গুৱাহাটীত Jio ৰ TRUE 5G সেৱা আৰম্ভ কৰি মই খুবেই আনন্দিত হৈছো৷ মোৰ বিশ্বাস TRUE 5G য়ে অসমৰ প্ৰতিটো কোণত স্বাস্থ্যৰ আন্তঃগাঁথনি শক্তিশালী কৰি সকলোৰে বাবে সুলভ কৰি তুলিব। আজি ইয়াত প্ৰদৰ্শন কৰা স্বাস্থ্য সমাধান “ক্লিনিক ইন দ্য বেগ” প্ৰচেষ্টাৰ দ্বাৰা তৃণমূল স্বাস্থ্যকৰ্মী আৰু আশা কৰ্মীসকল উপকৃত হ’ব। ইয়াৰ ডিজাইন সহজ আৰু ই 5G ৰ জৰিয়তে চিকিৎসা সঁজুলিৰ এটা চুইটৰ সৈতে কোনো তাঁৰৰ সংযোগ নোহোৱাকৈ সহজেই সংযোগ কৰিব পৰা যাব। ইয়াৰ জৰিয়তে বিশেষজ্ঞ চিকিৎসকৰ সহায়ত স্বাস্থ্যসেৱা কৰ্মীসকলে অসমৰ অতি দুৰ্গম স্থানতো ৰোগীৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰিব পাৰিব।‘’

লগতে মুখ্যমন্ত্রীয়ে কয় যে, ”২০২৩ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত অসমৰ প্ৰতিখন চহৰ আৰু মহকুমাত Jio TRUE 5G সেৱা উপলব্ধ হ’ব।”

আকৌ হেল্থকেয়াৰৰ বাহিৰেও Jio TRUE 5G য়ে অন্যান্য খণ্ড সমূহকো যথেষ্ট উপকৃত কৰিব-

ক) কৃষিঃ IOT আৰু ড্ৰোন ভিত্তিক নিখুঁত কৃষি সমাধানৰ দ্বাৰা ই এক উল্লেখযোগ্য পদক্ষেপ হ’ব পাৰে আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, সাৰ আৰু কীটনাশক অতিমাত্ৰা স্প্ৰে কৰা হ্ৰাস কৰি খেতিৰ উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে।

খ) শিক্ষা: ডিজিটেল শিক্ষণে কেৱল ৰাজ্যৰ চুকে কোণে প্ৰসাৰিত হোৱাই নহয়, আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰিব, সময়ৰ সৈতে খাপ খাবলৈ আগমেণ্টেড ৰিয়েলিটীৰ সৈতে ইন্টাৰেক্টিভ 3D মডেলৰ ব্যৱহাৰে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষণক অধিক আনন্দদায়ক আৰু ফলপ্ৰসূ কৰি তোলাত সহায় কৰিব।

গ) স্মাৰ্ট অফিচ:  জিঅ’ এয়াৰফাইবাৰ, ক্লাউড পিচি, ভিডিঅ’ তথা টেলিফোনিক চোৱাচিতা, আৰু ডিজিটেল চাইনেজৰ দৰে সহজ আৰু বেতাঁৰ প্লাগ-এণ্ড-প্লে সমাধানৰ দ্বাৰা কাৰ্যালয়সমূহ অধিক স্মাৰ্ট হ’বলৈ আগবাঢ়িছে।

ঘ) বৰ্ধিত মোবাইল ব্ৰডবেণ্ডৰ সম্ভাৱনাঃ Jio TRUE 5G নেটৱৰ্কৰ জৰিয়তে মোবাইল ফোনত তাঁৰ বিহীনভাৱে প্ৰদান কৰা ব্ৰডবেণ্ডৰ দৰে গতিবেগে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ জীৱন সমৃদ্ধ কৰিব আৰু তেওঁলোকক আৰু বহু কাম অনায়াসে কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য় যে, অহা ১০ জানুৱাৰীৰ পৰা গুৱাহাটীত জিঅ’ ব্যৱহাৰকাৰীসকলক জিঅ’ ৱেলকাম অফাৰৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ ১ জিবিপিএচ পৰ্য্যন্ত গতিবেগৰ আনলিমিটেড ডাটা লাভ কৰিব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -