32 C
Guwahati
Saturday, May 11, 2024

এইবাৰ মহানগৰবাসীয়ে পানী পাব চাগে! বহুচৰ্চিত জাইকা(JICA)ৰ পানী যোগান প্ৰকল্পৰ ফিটা কাটিলে মুখ্যমন্ত্ৰীয়ে

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খাৰঘুলিৰ জল শোধন প্ৰকল্পৰ চৌহদত আয়োজিত এক অনুষ্ঠানত আংশিকভাৱে এটা পানী যোগান প্ৰকল্পৰ শুভাৰম্ভ কৰে। জাপানৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা জাইকাৰ(JICA)ৰ পৰা সাহায্যপ্ৰাপ্ত এই পানী যোগান প্ৰকল্পটোৰ জৰিয়তে গুৱাহাটীবাসীক দৈনিক ৬০ মিলিয়ন লিটাৰ পানী যোগান ধৰা হ’ব। ২০০৯ চনতে খাৰঘুলিত আৰম্ভ হোৱা এই প্ৰকল্পটোৰ লক্ষ্য আছিল গুৱাহাটীবাসীক পৰিষ্কাৰ খোৱা পানী যোগান ধৰা।

উল্লেখ্য় যে, ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব লগা প্ৰকল্পটোৰ ক্ষমতা অনুসৰি চহৰখনৰ কিছু অংশত ২৪ ঘণ্টাই ১.২৫ লাখ পৰিয়ালক পানী যোগান ধৰিব পাৰিব। যিটো প্ৰকল্পৰ অধীনত প্ৰায় ১ লাখ লোকক পানী দিয়াৰ টাৰ্গেট লোৱা হৈছে।

অৱশ্য়ে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকল্পটো আৰম্ভ হোৱাৰ পাছৰ বছৰত কামবোৰ ধীৰ গতিৰে হোৱা বাবে দুখ প্ৰকাশ কৰে আৰু কয় যে, “মহানগৰীৰ এক বৃহৎ অঞ্চলৰ ১৩ হাজাৰ পৰিয়ালক পানী যোগান ধৰাৰ সামৰ্থ্য থকা এই প্ৰকল্পই সুৰক্ষিত আৰু বিশুদ্ধ খোৱাপানী যোগানেৰে গুৱাহাটীবাসীৰ সমস্যা হ্ৰাস কৰাত যথেষ্ট সহায় কৰিব। এই প্ৰকল্পৰ বাকী অংশ আৰু অন্যান্য পানী যোগান প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব’’।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে- ‘’জাইকা প্ৰকল্পৰ পিছত লক্ষ্য হ’ব শদিলাপুৰত থকা পশ্চিম গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰা৷ ২০২৫ চনৰ ভিতৰত পাণ্ডু, মালিগাঁও, ভৰলু আদি অঞ্চলত পানী দিবলৈ সক্ষম হ’ব”।

আনহাতে জাইকাই প্ৰায় ৩ হাজাৰ কোটি টকা প্ৰদান কৰিব অসম চৰকাৰক। ইয়াৰ জৰিয়তে প্ৰতিখন জিলাত একোখন চুপাৰ স্পেচিয়েলিটি হাস্পতাল নিৰ্মান কৰা হ’ব।

উক্ত অনুষ্ঠানটোত মন্ত্ৰী অশোক সিংঘাল,  বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উপদেষ্টা(জাপান) অশোক চাওলা, ভাৰতত জাপানৰ দূতাবাস মিছনৰ মন্ত্ৰী আৰু উপ-প্ৰধান কুনিহিকো কাৱাজু, জাইকা-ভাৰত কাৰ্যালয়ৰ মুখ্য প্ৰতিনিধি মিৎছুনোৰি ছাইটো, অসম চৰকাৰৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ(মেট্ৰ’) ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত থাকে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -