32 C
Guwahati
Thursday, May 16, 2024

আই পি এছ আনন্দ মিশ্ৰৰ পদত্যাগ: সঁচাকৈয়ে ৰাজনীতি কৰাৰ মন নেকি?

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

বহুচৰ্চিত আৰক্ষী বিষয়া, আই পি এছ আনন্দ মিশ্ৰই অসম আৰক্ষীৰ পৰা পদত্যাগ কৰিছে। তেওঁ ইতিমধ্যে অসম চৰকাৰৰ মুখ্য সচিবলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

অহা ১৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ আই পি এছ মিশ্ৰই পদত্যাগ ঘোষণা কৰিছে। যোৱা ১৮ ডিছেম্বৰতে তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিছে যদিও এতিয়াহে এই কথা পোহৰলৈ আহিছে।

পদত্যাগ পত্ৰখনত আনন্দ মিশ্ৰই লিখিছে, “ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ৰ পৰা ১৬-০১-২০২৪ তাৰিখ পৰা কাৰ্যকৰী হোৱাকৈ নিঃচৰ্ত পদত্যাগ কৰি মই স্বাধীনতা আৰু আই পি এচৰ পৰিধিৰ বাহিৰত থাকি সমাজ সেৱা আৰু অন্যান্য উপায়েৰে স্বাধীন জীৱন উপলব্ধি কৰিব বিচাৰো।”

IPS Anand Mishra's resignation letter
আই পি এছ আনন্দ মিশ্ৰৰ পদত্যাগ পত্ৰ

এই পদত্যাগ পত্ৰখন ছ’চিয়েল মিডিয়াত ৰাজহুৱা হোৱাৰ পাছতেই ভাইৰেল হৈ পৰিছে। তেওঁৰ পদত্যাগৰ প্ৰকৃত কাৰণ কি তাক লৈও চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।

উল্লেখযোগ্য যে, আই পি এছ আনন্দ মিশ্ৰই চাকৰি এৰি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে বুলিও বিগত কিছু দিনৰ পৰা চৰ্চা চলি আছে। কেইবাটাও সংবাদ মাধ্যমত সেই বাতৰি প্ৰকাশ পাইছিল। আনকি তেওঁ কেইবামাহ পূৰ্বেই স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন কৰা বুলিও জানিব পৰা গৈছিল।

আনন্দ মিশ্ৰই তেওঁৰ গৃহ ৰাজ্য বিহাৰৰ এটা সমষ্টিৰ পৰা লোকসভাৰ প্ৰাৰ্থী হ’ব বিচাৰে বুলি প্ৰকাশ পাইছিল। এতিয়া তেওঁৰ পদত্যাগ পত্ৰত উল্লেখ থকা অনুসৰি পদত্যাগৰ কাৰণ হৈছে ‘সামাজিক আৰু ব্যক্তিগত লক্ষ্যৰ সন্ধান কৰা’। গতিকে পূৰ্বে প্ৰকাশিত বাতৰি আৰু তেওঁৰ পদত্যাগৰ কাৰণৰ মাজত সামঞ্জস্যও থকা দেখা যায়।

আনন্দ মিশ্ৰ বৰ্তমান লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ আছে। শেহতীয়াকৈ তেওঁক হিংসাজৰ্জৰ মণিপুৰৰ দায়িত্বও অৰ্পণ কৰা হৈছিল।

২০১১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ আনন্দ মিশ্ৰই ইতিমধ্যে চৰাইদেউ, ধুবুৰী, নগাঁও আদি জিলাত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত তেওঁ ক্ৰীড়া শাখাৰ সহকাৰী মহাপৰিদৰ্শকৰ দায়িত্বতো আছিল।

নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে আৰক্ষীৰ দ্বাৰা কীৰ্তিকমল বৰা নামৰ এজন যুৱকৰ ওপৰত ভুৱা ‘এনকাউন্টাৰ’ৰ ঘটনা ঘটিছিল। এই ঘটনাক লৈ জিলাখনৰ তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৰা কেতবোৰ মন্তব্যৰ বাবে তেওঁ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল।

তাৰ পাছতেই তেওঁক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছিল। কিন্তু যোৱা মে’ মাহত উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতেই লখিমপুৰৰ নকল সোণৰ ব্যৱসায়ৰ কথা পোহৰলৈ আহিছিল। এই কাণ্ডৰ পাছতেই লখিমপুৰৰ তেতিয়াৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক বদলি কৰি আনন্দ মিশ্ৰক জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। আনন্দ মিশ্ৰই লখিমপুৰত যোগদানৰ পাছতেই বহু নকল সোণ ব্যৱসায়ীয়ে ভীতিগ্ৰস্ত হৈ আত্মসমৰ্পন কৰাও দেখা গৈছিল।

একপ্ৰকাৰে লাইম লাইটত থকা আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ ৰাজ্যত যথেষ্ঠ অনুৰাগীও আছে। এইগৰাকী আৰক্ষী বিষয়া ছ’চিয়েল মিডিয়াতো খুবেই চৰ্চিত। এতিয়া পদত্যাগৰ পাছত অনাগত দিনত তেওঁ কেনেদৰে ব্যস্ত হৈ পৰে সেয়া লক্ষণীয় হ’ব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -