31 C
Guwahati
Saturday, May 18, 2024

হ্ৰাস হ’বনে মানৱ সৰবৰাহৰ ঘটনা? ৰাজ্য চৰকাৰৰ নতুন আইন

ঘৰুৱা বনকৰা লোকসকলক সুৰক্ষা আৰু মানৱ সৰবৰাহৰ ঘটনাবোৰ হ্ৰাস কৰিব এই আইনে।

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

দিনক দিনে বৰ্ধিত হাৰত বাঢ়িব ধৰিছে মানৱ সৰবৰাহৰ ঘটনা। বাতৰি কাকত, টিভিত প্ৰায়ে আমি মানৱ সৰবৰাহৰ ঘটনা দেখিবলৈ নাইবা শুনিবলৈ পাওঁ। এইধৰণৰ অমানৱীয় ঘটনা সমূহ ৰোধ কৰিবলৈ অসমৰ তথা ৰাজ্য চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই হেতুকে এখন নতুন আইন প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘৰুৱা সহায়ক তথা ঘৰত বনকৰা লোকসকলক এখন নতুন আইন প্ৰৱৰ্তন কৰা হ’ব বুলি মত প্ৰদান কৰে। তেখেতৰ মত অনুসৰি এই আইনে ঘৰুৱা সহায়ক হিচাপে কাম কৰা লোকসকলক সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানৱ সৰবৰাহৰ ঘটনাবোৰ হ্ৰাস কৰিব।

ৰাজ্যিক বিধানসভাত মুখ্যমন্ত্ৰী গৰাকীৰ মত অনুসৰি, এই আইন বিধান সভাত উত্থাপন হোৱাৰ পিছত ৰাজ্যখনৰ পৰিয়ালবোৰে ঘৰুৱা সহায়ক নিয়োগ কৰিবলৈ আৰক্ষী তথা আইন প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব আৰু কেইবাটাও দায়বদ্ধতামূলক ব্যৱস্থা অনুসৰণ কৰিব লাগিব।

ইয়াৰোপৰি, সাধাৰণ মানুহৰ মতে যেতিয়া এজন শিশু বা কিশোৰক অন্য ৰাজ্য অৰ্থাৎ বহিঃৰাজ্যলৈ লৈ যোৱা হয় তেতিয়াহে মানৱ সৰবৰাহ ঘটনা সংঘটিত হোৱা বুজায়। কিন্তু যেতিয়া এজন ব্যক্তিক ঘৰৰ পৰা বেলেগ জিলা নাইবা ঠাইলৈ লৈ যোৱা হয় তেতিয়া এই কথাক সকলোৱে আওকাণ কৰে। প্ৰস্তাৱিত আইন অনুসৰি ঘৰুৱা কামত নিয়োগ কৰা কিশোৰ-কিশোৰী,শিশু সকলৰ শিক্ষা আৰু স্বাস্থ্যৰ দায়ত্ব ল’ব লাগিব নিয়োগকৰ্তা সকল। যিসকল লোকে ঘৰুৱা কামত মানুহ নিয়োগ কৰিব সেইসকল লোকে ঘৰুৱা সহায়ৰ প্ৰমাণপত্ৰ স্থানীয় আৰক্ষীৰ ওচৰত বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -