32 C
Guwahati
Saturday, May 11, 2024

HSLC Paper Leak| ‘প্ৰশ্নকাকত ভাইৰেল হৈছে ভালেই হৈছে; পৃথিৱী ওলট-পালট হৈ যোৱা একো ঘটনা ঘটা নাই’- মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পেপাৰ ফাদিল হোৱাক লৈ টুলুঙা মন্তব্য বিধায়কৰ

আজি হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিলে ছেবাই। ছচিয়েল মিডিয়াত বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ (Science Paper Leak) পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হয় আজিৰ বিজ্ঞানৰ পৰীক্ষা (HSLC Paper Leaked in Assam)।

Must Read

HSLC Paper Leak| পুনৰ মেট্ৰিক পৰীক্ষাত (HSLC Exam) বেমেজালি। এইবাৰ বাতিল কৰিবলগীয়া হ’ল মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা (SEBA Paper Leak)। আজি হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিলে ছেবাই। ছচিয়েল মিডিয়াত বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ (Science Paper Leak) পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হয় আজিৰ বিজ্ঞানৰ পৰীক্ষা (HSLC Paper Leaked in Assam)। হাতে লিখা প্ৰশ্নকাকতৰ টুকুৰা ভাইৰেল হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ছেবাই। ছচিয়েল মিডিয়াযোগে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Ranoj Pegu) পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰে। বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ পৰৱৰ্তী দিন এতিয়াও ঘোষণা কৰা নাই ছেবাই।

লাখ লাখ ছাত্ৰ–ছাত্ৰীক হতাশ কৰি পৰীক্ষা বাতিলৰ এই সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰিছে আছুৱে (AASU)। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই (Shankar Jyoti Baruah) কয়, ‘ছেবাৰ অকৰ্মন্যতাৰ চূড়ান্ত প্ৰতিফলন এয়া।’

ইফালে পৰীক্ষা বাতিলক লৈ টুলুঙা মন্তব্য কৰে মৰাণৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে (BJP Mla Chakradhar Gogoi)। তেওঁ কয় যে- ‘প্ৰশ্নকাকত ভাইৰেল হৈছে ভালেই হৈছে; পৃথিৱী ওলট-পালট হৈ যোৱা একো ঘটনা ঘটা নাই।’ পৰীক্ষা বাতিলৰ মাজতে বিজেপি বিধায়কৰ এই ভেঙুচালি মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আনহাতে, শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাই (MLA Diganta Kalita) এই সন্দৰ্ভত কয়, ‘‘আমাৰ শিক্ষামন্ত্ৰী যেতিয়া আমি বিফল হোৱা বুলি ক’ব নোৱাৰো। যি হৈছে শিক্ষামন্ত্ৰীয়ে ব্যৱস্থা ল’ব।’’

বিধায়ক প্ৰশান্ত ফুকনে (MLA Prasanta Phukan) কয়, ‘এয়া অতি দুৰ্ভাগ্যজনক কথা। খুব দুখ পাইছো। ইয়াৰ তদন্ত শুদ্ধ হ’ব লাগে।’

পৰীক্ষা বাতিলৰ সিদ্ধান্তক লৈ মন্ত্ৰী পীযূষ হাজৰিকাই (Minister Pijush Hazarika) কয়, ‘‘ক্ৰুটিপূৰ্ণ পৰীক্ষা ব্যৱস্থা কিদৰে নিকা কৰিব পাৰি তাৰ ব্যৱস্থা লোৱা হ’ব। চৰকাৰক শ’লঠেকত পেলাবলৈ এনে কাম কৰিছে। দোষী ব্যক্তিক বিচাৰি উলিয়াম, ব্যৱস্থা লোৱা হ’ব।’’

Photo: Batori24

লগতে পঢ়কঃ ছোৱাইন ফ্লু আৰু এভিয়ান ইনফ্লুয়েঞ্জা| বহিঃৰাজ্যৰ গাহৰি আৰু মুৰ্গীৰ প্ৰৱেশ অসমত বন্ধ; কিন্তু অসমত উৎপাদিত পাৰিব খাব

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -