34 C
Guwahati
Sunday, May 19, 2024

Himachal Pradesh Flood: হিমাচলত “বৰষুণ”ৰ ধ্বংসলীলা; ২ দিনত ১৭জনৰ মৃত্যু, ৬খন দলং উটি গ’ল, ডুবিল ৪ মহলীয়া Hotel, উটি গ’ল গাড়ী-ঘৰ, Video চালে বুজিব কিমান ভয়ংকৰ প্ৰকৃতিৰ ৰুদ্ৰৰূপ!

Himachal Pradesh Flood: হিমাচল প্ৰদেশত ৩ দিন ধৰি হৈ থকা মুষলধাৰ বৰষুণে (Massive Rain) বিধ্বংসী ৰূপ ধাৰণ কৰিছে

Must Read

Himachal Pradesh Flood: হিমাচল প্ৰদেশত ৩ দিন ধৰি হৈ থকা মুষলধাৰ বৰষুণে (Massive Rain) বিধ্বংসী ৰূপ ধাৰণ কৰিছে। চাৰিওফালে কেৱল মাথো ধ্বংসলীলা।

ৰাজ্যখনত স্বাভাৱিক জীৱন-যাপন সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে (Himachal Rain Flash Floods)

কোটি টকাৰ সম্পত্তি জলমগ্ন হৈছে এই কৃত্ৰিম বানত (Himachal Pradesh Flood)। ৰাজ্যখনত দুদিনত ১৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে (17 Died Last 2 Days), আনহাতে ১০ গৰাকী লোক উটি গৈছে (10 Swept Away)

সোমবাৰে ৪জন লোকৰ মৃত্য়ু হয় আৰু ৪জন লোক উটি যায়। দেওবাৰে ৰাজ্যখনত ১৩ গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু ৬ গৰাকী লোক উটি যায়।

সোমবাৰে পুৱা ১১ বজাত চিমলা (Shimla) জিলাৰ থিওগ তহচিলৰ পালভি গাঁৱত ভূমিস্খলনৰ (Landslide) কৱলত পৰে এটা ঘৰ। দুৰ্ঘটনাটোত তিনিজন লোকৰ মৃত্যু হয়। মৃতসকলক দীপ বাহাদুৰ, দেৱদাসী আৰু মোহন বাহাদুৰ বুলি চিনাক্ত কৰা হৈছে।

মনালীত ৩খন ভলভো বাছ উটি যায়। ৪ গৰাকী লোক সন্ধানহীন হয়। এখন গাড়ীসহ ৩ গৰাকী লোক মনালীৰ পৰা উটি যায়। কুল্লু DC আশুতোষ গাৰ্গে কয় যে শ্ৰীখণ্ড যাত্ৰী স্থগিত কৰা হৈছে। আৱদ্ধ হৈ থকা যাত্ৰীসকলক ঘূৰাই অনা হ’ব।

৬টা ৰাষ্ট্ৰীয় ঘাইপথসহ ৮২৮টা পথ পথ যান-বাহনৰ বাবে অৱৰোধ কৰা হৈছে। প্ৰায় ৪৬৮৬টা পাৱাৰ ট্ৰেঞ্চফৰ্মাৰ ডাউন হৈছে।

Himachal Pradesh Flood

কুল্লুত (Kullu) দুদিনীয়া স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। ডিচিয়ে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। কুল্লুৰ অখাৰা বজাৰৰ বেইলী দলংখনৰ যথেষ্ট ক্ষতি হৈছে। চলাচল বন্ধ কৰি দিয়া হৈছে (Himachal Pradesh Flood)

চোলান জিলাৰ ঔদ্যোগিক এলেকা পাৰৱানুত বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ছেক্টৰ ৪ত পানীৰ তীব্ৰ প্ৰবাহত বহুতো বাহন উটি গৈছে। লোকসকল আতংকিত হৈ আছে (Himachal Pradesh Flood)

Himachal Pradesh Flood

ইফালে ভূমিস্খলনৰ ফলত কিৰতপুৰ নেৰচোক ফোৰলেনসহ ৩৫টা সংযোগী পথ বন্ধ কৰি দিয়া হৈছে। বিলাসপুৰত ধ্বংসাৱশেষ ভৰ্তি হোৱাৰ ফলত জল শক্তি বিভাগৰ ৮৭টা খোৱা পানীৰ আঁচনি স্থবিৰ হৈ পৰিছে।

Himachal Pradesh Flood
বিভাগটো প্ৰায় ১২ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। শক্তিপীঠ শ্ৰী নয়না দেৱীজীলৈ যোৱা পথসমূহ ভূমিস্খলনৰ বাবে বন্ধ কৰি দিয়া হৈছে।

 

Himachal Pradesh Flood

বৰষুণৰ ফলত ব্যাস নদীয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে।

Himachal Pradesh Flood

ব্যাসৰ পাৰত কেইবাটাও ঘৰ আৰু কেইবাখনো হোটেল উটি যায়। নলাসমূহতো বানপানীৰ দৰে অৱস্থা হৈছে (Himachal Pradesh Flood)

Himachal Pradesh Flood

মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে (CM Sukhvinder Singh Sukhu) দাবী জনাইছে যে বৰষুণৰ ফলত হোৱা ধ্বংসযজ্ঞক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা হ’ব।

Himachal Pradesh Flood

মুখ্যমন্ত্ৰী সুখুৱে গোটেই দিনটো মণ্ডি, কুল্লু, চোলান জিলাত হোৱা ধ্বংসযজ্ঞৰ বিষয়ে তথ্য লৈ আছিল। জিলা প্ৰশাসনক আৱদ্ধ লোকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে (Pictures Of Devastation In Himachal Pradesh)

হিমাচল প্ৰদেশ চৰকাৰে জৰুৰীকালীন অৱস্থাত সহায়ৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ 1100, 1070 আৰু 1077 জাৰী কৰিছে। ইয়াৰ উপৰিও, সমগ্ৰ ৰাজ্যত ক্ষতিৰ মূল্যাংকন কৰিবলৈ এখন সমিতি গঠন কৰা হৈছে।

Himachal Pradesh Flood
Himachal Pradesh Flood

বৰষুণৰ ফলত ৰে’ল সেৱাত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে। বন্দে ভাৰত, জনশতাব্দী, হিমাচল এক্সপ্ৰেছকে ধৰি যাত্ৰীবাহী ৰে’লসমূহো চলিব নোৱাৰে। উনা, অম্ব, আন্দাউৰা আৰু দৌলতপুৰ চক ৰে’ল ষ্টেচনবোৰো খালী হৈ আছে।

ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ-প্ৰান্তৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হিমাচল প্ৰদেশত (Himachal Pradesh Flood)। ৰাজ্যখনত হৈ ধকা ধাৰাষাৰ বৰষুণৰ ফলত মণ্ডিৰ ১০০ বছৰ পুৰণি ঐতিহাসিক লাল দলং ভাঙি পৰিছে।

মনালীত হৈ থকা বৰষুণৰ ফলত পানীত উটি গৈছে ৪ মহলীয়া হোটেল। হয়তো এয়াই প্ৰকৃতিৰ ধ্বংসলীলা!

Himachal Pradesh Flood

Photo: Google

লগতে পঢ়কঃ Tezpur CRPF Jawan Suicide: ঝাৰখণ্ডত “আত্মহত্যা” তেজপুৰৰ CRPF জোৱানৰ; পুৱতিনিশা নিজৰ ছাৰ্ভিচ ৰাইফলেৰে মূৰত গুলিয়াই কৰে আত্মহত্যা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -